ETV Bharat / bharat

নেতৃত্ব সলনি নহয় : ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছ সভানেত্ৰী

author img

By

Published : Mar 13, 2022, 10:18 PM IST

৫ ৰাজ্যত নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত কংগ্ৰেছ দলৰ কাৰ্যকৰী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত দলৰ কাৰ্যকৰী কমিটীয়ে পুনৰ আস্থা প্ৰকাশ কৰে (Sonia Gandhi to remain Congress president) ৷

sonia-gandhi-to-remain-congress-president
নেতৃত্ব সলনি নহয় : ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছ সভানেত্ৰী

নিউজ ডেস্ক, 13 মাৰ্চ : আজি সন্ধিয়া চাৰে চাৰি ঘণ্টাৰ এক দীঘলীয়া বৈঠকৰ (Congress Working Committee meeting update) পিছত কংগ্ৰেছ দল এই সিদ্ধান্তত উপনীত হৈছে যে, ছোনিয়া গান্ধীয়েই কংগ্ৰেছৰ সভানেত্ৰী হৈ থাকিব (Sonia Gandhi to remain Congress president) । শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্যসমূহৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পৰিপ্ৰেক্ষিতত উত্থাপিত নেতৃত্ব পৰিৱৰ্তনৰ দাবীৰ মাজতে এই বৈঠকখন অনুষ্ঠিত হৈছিল ।

পাঁচখন ৰাজ্যত নিৰ্বাচনৰ বিপৰ্যয়ৰ (election debacle of congress in five states) পিছত, দেওবাৰে কংগ্ৰেছৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী কমিটীৰ মাজত অনাগত দিনত আগুৱাই যোৱাৰ পথক লৈ চিন্তা-চৰ্চা কৰাৰ বাবে এই বৈঠক আয়োজন কৰা হয় আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত দলৰ কাৰ্যকৰী কমিটীয়ে পুনৰ আস্থা প্ৰকাশ কৰে ৷

দলটোৰ নিৰ্বাচনী ভাগ্য পুনৰুজ্জীৱিত কৰাৰ বাবে বৃহৎ পৰিমাণৰ সংস্কাৰৰ আহ্বানৰ মাজতে, এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কংগ্ৰেছ কাৰ্যকৰী কমিটিৰ (চিডব্লিউচি) চাৰি ঘণ্টাতকৈও অধিক সময় হোৱা এই বৈঠকৰ পিছত কয় যে, দলৰ সভানেত্ৰী গৰাকীয়ে সংগঠন পুনৰ শক্তিশালী কৰাৰ বাবে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিব । উল্লেখ্য যে, সংসদৰ বাজেট অধিৱেশনৰ ঠিক পিছতে কংগ্ৰেছে চিন্তন শিবিৰ অনুষ্ঠিত কৰিব আৰু তাৰ আগতে পুনৰ কাৰ্যকৰী কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব ৷

সূত্ৰ অনুসৰি, শ্ৰীমতী গান্ধীয়ে আজিৰ বৈঠকত সকলো নেতাৰ কথা শুনিছিল আৰু তেওঁ দলটো শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ ইচ্ছুক বুলিও কয় ৷ ইফালে, কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয়, "কাৰ্যকৰী কমিটিৰ প্ৰতিজন সদস্যই বিচাৰে যে ছোনিয়া গান্ধীয়ে সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে দলক পথ প্ৰদৰ্শন কৰক ।"

লগতে পঢ়ক : বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.