ETV Bharat / bharat

দলৰ সভাপতি হিচাপে এবছৰ সম্পূৰ্ণ, ২৯ নৱেম্বৰত উন্মোচন হ'ব খাৰ্গেৰ বিষয়ক বিশেষ গ্ৰন্থ - Sonia Gandhi to release book on Kharge

মল্লিকাৰ্জুন খাৰ্গেৰ ৰাজনৈতিক জীৱন অতি প্ৰত্যাহ্বানপূৰ্ণ । ৫ দশক ধৰি ৰাজনীতিত থকাটো তেওঁৰ বাবে ডাঙৰ সাফল্য । কংগ্ৰেছৰ সভাপতি হিচাপে ইতিমধ্যে এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা মল্লিকাৰ্জুন খাৰ্গেৰ ৰাজনৈতিক জীৱনক লৈ ৰচিত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব । ২৯ নৱেম্বৰত ছোনিয়া গান্ধীয়ে এই গ্ৰন্থখন উন্মোচন কৰিব ।

Sonia Gandhi to release book on Kharge
২৯ নৱেম্বৰত উন্মোচন হ'ব খাৰ্গেৰ ওপৰত বিশেষ গ্ৰন্থ
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 6:25 PM IST

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে মল্লিকাৰ্জুন খাৰ্গেয়ে ইতিমধ্যে এবছৰ সম্পূৰ্ণ কৰিছে । তাৰ লগত সংগতি ৰাখি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে খাৰ্গেৰ ৰাজহুৱা জীৱনৰ ৫ দশকৰ ওপৰত লিখা এখন বিশেষ গ্ৰন্থ উন্মোচন কৰিব । শুখাদেৱ থোৰাট আৰু চেতন সিন্দেৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনত খাৰ্গেৰ ৰাজনৈতিক ব্যস্ততাৰ ৫ দশক আৰু তেওঁৰ সামাজিক ন্যায় আৰু অন্তৰ্ভুক্তিৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

খাৰ্গেয়ে ২০২২ চনৰ ১৯ অক্টোবৰত তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰক আভ্যন্তৰীণ নিৰ্বাচনত পৰাস্ত কৰি দলৰ শীৰ্ষ পদলৈ নিৰ্বাচিত হৈছিল ৷ য'ত সমগ্ৰ দেশৰ পৰা ৯,০০০ তকৈও অধিক প্ৰতিনিধিয়ে ভোট দান কৰিছিল । তেওঁ ২৬ অক্টোবৰত কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল । দলৰ নেতাসকলৰ মতে এই পৰিৱৰ্তনৰ ফলত দলটোত যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰে এগৰাকী ব্যক্তি দলৰ মুৰব্বী হৈছিল । কিন্তু খাৰ্গেৰ কাৰ্যকালৰ প্ৰথম বছৰটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল ।

অৱশ্যে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে সফলতাৰে এই ভূমিকা পালন কৰিছে বুলি দলৰ নেতাসকলে দাবী কৰে । ১৯৯৬ চনত কংগ্ৰেছৰ অন্তিমগৰাকী অনা গান্ধী পৰিয়ালৰ সভাপতি আছিল সীতাৰাম কেছৰী । শৰদ পাৱাৰ আৰু ৰাজেশ পাইলটক পৰাস্ত কৰি তেওঁ দলৰ শীৰ্ষ পদলৈ নিৰ্বাচিত হৈছিল ।

এআইচিচিৰ কৰ্মকৰ্তা মনীষ চত্ৰথে ইটিভি ভাৰতক কয় যে ই এক অতি সমৃদ্ধ ৰাজনৈতিক জীৱন । ৫ দশক ধৰি ৰাজনীতিত থকাটো এটা ডাঙৰ সাফল্য । খাৰ্গেয়ে কমেও ১০ টা নিৰ্বাচনত যুঁজিছে আৰু মাত্ৰ এবাৰহে পৰাজিত হৈছে । তেওঁ সকলো সময়তে মানুহৰ সমস্যাবোৰ দাঙি ধৰিছিল আৰু এতিয়াও একেটা বিষয়ৰ ওপৰতে কাম কৰি আছে । খাৰ্গেক প্ৰশংসা কৰি তেওঁ কয় যে খাৰ্গেৰ যথেষ্ট শক্তি আছে । তেওঁ কৰ্ণাটক নিৰ্বাচনত ২৫ খন ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু শেহতীয়াকৈ ৫ খন ৰাজ্যৰ নিৰ্বাচনত সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছে । খাৰ্গে এতিয়াও তেলেংগানাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে ।

মনীষ চত্ৰথৰ মতে দলৰ মুৰব্বী হিচাপে খাৰ্গেৰ প্ৰথম বছৰত বহুতো পৰিৱৰ্তন দেখা গৈছে । তেওঁৰ মতে দলটোৰ বিষয়ে খাৰ্গেৰ এক বুজাবুজি আছে । তেওঁ বিভিন্ন দলৰ পেনেলত আছিল আৰু সংগঠনটোক ভালদৰে জানে । তেওঁৰ অভিজ্ঞতা দলৰ বাবে এক সম্পদ বুলিও চত্ৰথে উল্লেখ কৰে । খাৰ্গেয়ে বিৰোধী দলসমূহকো একত্ৰিত কৰিছে । ৰাহুল, খাৰ্গে নেতৃত্বৰ যুটিয়ে দলটোৰ বাবে ভাল কাম কৰি আছে আৰু ভাল ফলাফল আনিব বুলিও তেওঁ আশাবাদী । চত্ৰথৰ মতে ছোনিয়া গান্ধীয়ে খাৰ্গেক দলটো পৰিচালনাৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিছে ।

দলৰ ভিতৰুৱা তথ্য অনুসৰি, যোৱা বছৰটোত খাৰ্গেয়ে কংগ্ৰেছ ৱৰ্কিং কমিটি পুনৰ গঠন কৰে । তেওঁ নেতৃত্বত যোৱা বছৰ হিমাচল প্ৰদেশ আৰু কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভ কৰে । ৰাহুল গান্ধীৰ দেশব্যাপী ভাৰত জোড়ো যাত্ৰাৰো তত্বাৱধান কৰে খাৰ্গেয়ে । ২০২৪ চনত বিজেপিৰ সৈতে মুখামুখি হ'বলৈ বিৰোধী মিত্ৰজোঁট গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে খাৰ্গেয়ে ।

কংগ্ৰেছ নেতা গিৰিশ চোদংকাৰৰ মতে খাৰ্গে সক্ৰিয় ৰাজনীতিত যোগদান কৰিবলৈ প্ৰাৰম্ভিক পৰ্যায়ত যথেষ্ট সংগ্ৰাম কৰিছিল । তেওঁ ভোটাৰসকলৰ আস্থা বজাই ৰাখিব পাৰে আৰু বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰে এই কথাটোৱে বাৰে বাৰে ৰাজহুৱা জীৱনৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে । ৫০ বছৰ ধৰি একেটা দলত থাকি এক বাৰ্তাও প্ৰেৰণ কৰিছে । কংগ্ৰেছ নেতাগৰাকীৰ মতে খাৰ্গেয়ে সকলো ৰাজ্যৰ নেতাসকলক অনুপ্ৰাণিত কৰে । তেওঁৰ মতে খাৰ্গেক লৈ কোনো বিতৰ্ক হোৱা নাই আৰু তেওঁ ৰাজ্যসমূহত একেলগে কাম কৰিবলৈ কেইবাজনো প্ৰতিদ্বন্দী নেতাক নেতৃত্ব দিছে ।

লগতে পঢ়ক :তেলেংগানা বিধানসভা নিৰ্বাচন: কেচিআৰক নিৰ্বাচন আয়োগৰ ভৰ্ৎসনা; কেটিআৰে সমস্যাত পেলাইছে বিআৰএছক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.