নিউজ ডেস্ক, 31 আগষ্ট: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইন’ৰ দেহাৱসান (Sonia Gandhi mother passed away)৷ ইটালীত মৃত্যু হয় মাইন’ৰ ৷ কাইলৈ অনুষ্ঠিত হ’ব অন্ত্যেষ্টিক্ৰিয়া ৷ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে জনাইছে এই কথা ৷ কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে ২৩ আগষ্টত ৰাওনা হৈছিল ৯০ বছৰ বয়সীয়া অসুস্থ মাতৃক চাবলৈ (Sonia Gandhi met her mother)।
ছোনিয়া গান্ধী, তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা ইতিমধ্যে বহিঃৰাষ্ট্ৰত আছে আৰু ইটালীত থকা ছোনিয়াৰ গৃহ চহৰলৈ তেওঁলোক ৰাওনা হৈছে (Gandhi family in Italy)। যোৱা কেইবছৰমানৰ পৰা ৰাহুল আৰু প্ৰিয়ংকা আইতাকৰ ওচৰলৈ কেইবাবাৰো গৈছিল । ২০২০ চনত যেতিয়া ৰাহুল গান্ধী সঘনাই বিদেশ ভ্ৰমণৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া দলটোৱে কৈছিল যে তেওঁ “এজন অসুস্থ আত্মীয়”ক লগ কৰিবলৈ ইটালীলৈ ব্যক্তিগত ভ্ৰমণলৈ গৈছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছোনিয়া গান্ধী আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে (PM Modi offered his condolences to Sonia Gandhi)। মোদীয়ে টুইটত কয়, “ছোনিয়া গান্ধী জীৰ মাতৃ শ্ৰীমতী পাওলা মাইন’ৰ বিয়োগত সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। এই দুখৰ সময়ত সমগ্ৰ পৰিয়াললৈকে মোৰ সমবেদনা জনাইছো" ৷
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো টুইট কৰি শোক প্ৰকাশ কৰে । “মই মোৰ পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে শ্ৰীমতী ছোনিয়া গান্ধী জী, ৰাহুল, প্ৰিয়ংকা আৰু সমগ্ৰ পৰিয়াললৈ শ্ৰীমতী গান্ধীৰ মাতৃৰ মৃত্যুৰ বাবে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । শ্ৰীমতী মাইন’ৰ আত্মাই চিৰশান্তি লাভ কৰক’’ ৷ তেওঁ টুইটত কয় ৷
লগতে পঢ়ক: ভাৰ্ছুৱেলী আদালতত হ'ব লাগিব হাজিৰ পাৰ্থ আৰু অৰ্পিতা