ETV Bharat / bharat

Delhi ordinance row : কেজৰিৱালক সমৰ্থনৰ ইংগিত ছোনিয়া গান্ধীৰ

author img

By

Published : Jul 16, 2023, 3:55 PM IST

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে ৰাজ্য চৰকাৰৰ সাংবিধানিক অধিকাৰৰ ওপৰত মোদী চৰকাৰৰ আক্ৰমণৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজ দি যাব । দিল্লীৰ অধ্যাদেশ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ নেতাগৰাকীৰ । এই ক্ষেত্ৰত কেজৰিৱালক সমৰ্থনৰ কথাও নিশ্চিত কৰিছে কংগ্ৰেছে ।

Delhi ordinance row
কেজৰিৱালক সমৰ্থনৰ ইংগিত ছোনিয়া গান্ধীৰ

নেশ্যনেল ডেস্ক,১৬ জুলাই : ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কেন্দ্ৰৰ অধ্যাদেশৰ কংগ্ৰেছেও বিৰোধিতা কৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বিতৰ্কিত দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰাৰ বাবে দলটোৰ স্থিতি স্পষ্ট কৰিছে ।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে অধ্যাদেশটোৰ ওপৰত কংগ্ৰেছৰ সমৰ্থন বিচৰাৰ পাচত যোৱা কেইবা সপ্তাহ ধৰি দলটোৰ ভিতৰত এই অধ্যাদেশটোৰ বিষয়ে কেইবাবাৰো আলোচনা কৰা হৈছে । কিন্তু হাইকমাণ্ডৰ বাবে মুখ্য বাধা আছিল দিল্লী আৰু পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ । কিয়নো আপক সমৰ্থন কৰাৰ ক্ষেত্ৰত তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল ।

এআইচিচিৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বৰ্ষাকালীন অধিৱেশনৰ সময়ত যেতিয়াই অধ্যাদেশ গ্ৰহণ কৰা হ'ব কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিব । নিৰ্বাচিত ৰাজ্য চৰকাৰৰ সাংবিধানিক অধিকাৰ সন্দৰ্ভত মোডী চৰকাৰৰ আক্ৰমণৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজ অব্যাহত ৰাখিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । পূৰ্বেও ফেডাৰেল গাঁথনিৰ ওপৰত বিজেপিৰ আক্ৰমণৰ বিৰোধিতা কৰিছে আৰু সংসদৰ ভিতৰত আৰু বাহিৰত ইয়াৰ বিৰোধিতা কৰি যাব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে কয় । অধ্যাদেশৰ বিৰোধিতা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে সাংবিধানিক সংস্থাসমূহ দুৰ্বল হৈ পৰিছে আৰু মোডী চৰকাৰে সাংবিধানিক সংস্থাসমূহৰ অপব্যৱহাৰ কৰিছে ।

কংগ্ৰেছে কৈছিল যে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে অধ্যাদেশ সন্দৰ্ভত কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰিব । অৱশেষত শনিবাৰে ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ ৰণনীতি বৈঠকত অধ্যাদেশৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লোৱা হয় ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা বিতৰ্কিত অধ্যাদেশটোৱে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিষয়া নিয়োগৰ ক্ষমতা কাঢ়ি ল'ব । যাৰ বাবে কেজৰিৱালে বিভিন্ন বিৰোধী দলৰ পৰা সমৰ্থন বিচাৰিছিল আৰু তেওঁলোকক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত উক্ত অধ্যাদেশটোক পৰাজিত কৰিবলৈ আহ্বান জনাইছিল ।

আনহাতে কংগ্ৰেছ সংসদীয় সমিতিৰ বৈঠকখন আছিল পৰৱৰ্তী অধিৱেশনৰ বাবে দলৰ ৰণনীতি দৃঢ় কৰা আৰু অধিৱেশনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে স্থিতি গ্ৰহণ কৰা ।

যিহেতু বেংগালুৰুত বিৰোধী দলৰ পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হ'ব । সেয়ে কৰ্ণাটকৰ পৰা কংগ্ৰেছে এক শক্তিশালী বাৰ্তা দিব বিচাৰিছে । কিন্তু অধ্যাদেশ সম্পৰ্কত কোনো স্থিতি স্পষ্ট নকৰিলে আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰ আশাত চেঁচা পানী ঢালিব বুলি অনুমান কৰা হৈছিল । আনহাতে বিৰোধীৰ বৈঠকত ছোনিয়া গান্ধীও উপস্থিত থকাৰ সম্ভাৱনা আছে । যাৰ বাবে বৈঠকখন সফল কৰাৰ লক্ষ্যৰে ছোনিয়া গান্ধীয়ে আপক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অৱশ্যে, কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই জনোৱা মতে সংসদৰ ভিতৰৰ অধ্যাদেশৰ বিৰোধিতা কৰাৰ অৰ্থ এইটো নহয় যে আপক সম্পূৰ্ণ সমৰ্থন কৰিব আৰু কংগ্ৰেছে কেজৰিৱালক অন্যান্য বিষয়ত বিৰোধিতা কৰি যাব ।

লগতে পঢ়ক :Opposition parties meeting : বেংগালুৰুত হ'বলগীয়া বিৰোধীৰ বৈঠকৰ পৰ্যালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.