ETV Bharat / bharat

মমতা-ষ্টেলিনক অভিনন্দন ছোনীয়াৰ

দেশৰ ৰাজনীতিত ধুমুহা বলাই পশ্চিমবংগত বিশাল বিজয় লাভ কৰা মমতা আৰু তামিলনাডুত সুদীৰ্ঘ দহ বছৰৰ মূৰত এ আই এ ডি এম কেক ক্ষমতাচ্যুত কৰি পুনৰ শাসনৰ গাদীলৈ অহা ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনক অভিনন্দন জ্ঞাপন কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীয়ে ।

Sonia Gandhi congratulates Mamata Banerjee, MK Stalin for poll win
মমতা-ষ্টেলিনক অভিনন্দন ছোনীয়াৰ
author img

By

Published : May 3, 2021, 12:03 PM IST

নেশ্যনেল ডেস্ক, ৩ মে': দেওবাৰে দেশৰ চাৰি ৰাজ্যত বিধানসভা নিৰ্বাচন ২০২১ৰ ভোট গণনা সমাপ্ত হয় । ভোট গণনাক লৈ দেশৰ ভিতৰতে চৰ্চাত থকা অন্যতম ৰাজ্য পশ্চিমবংগত বিজয়ধ্বাজা উৰুৱায় মমতা নেতৃত্বাধীন তৃণমূল কংগ্ৰছে । দেশৰ ৰাজনীতিত ধুমুহা বলাই পশ্চিমবংগত বিশাল বিজয় লাভ কৰে বংগ কন্যা মমতা বেনাৰ্জীয়ে । মমতাৰ এই বৃহৎ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীয়ে ।

প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে বহু হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী চমকক পিছ পেলাই ক্ৰমাগতভাৱে তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰিবলৈ সাজু হৈছে । তৃণমূল কংগ্ৰেছে মুঠ ২১৫ খন আসন লাভ কৰি এক অন্য অভিলেখ ৰচিলে । ই মুঠ আসনৰ প্ৰায় ৩৮.১ শতাংশ আসন লাভ কৰিছিল । ইফালে, বিজেপিয়ে ৭৭ খন আসন লাভ কৰে । মুঠ ভোটৰ প্ৰায় ৪৭.৯৪ শতাংশ টিএমচিৰ পক্ষত আছিল ।

ইফালে, তামিলনাডুত সুদীৰ্ঘ দহ বছৰৰ মূৰত এ আই এ ডি এম কেক ক্ষমতাচ্যুত কৰি পুনৰ শাসনৰ গাদীলৈ আহিল ডি এম কে । ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনকো অভিনন্দন জ্ঞাপন কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা গৰাকীয়ে । ষ্টেলিনে এ আই এ ডি এম কে বিজেপি মিত্ৰজোঁটক পৰাস্ত কৰি শাসনৰ বাঘজৰী দখল কৰিছে । এ আই এ ডি এম কেক ক্ষমতাচ্যুত কৰি ডি এম কেএ ২৩৪ জনীয়া বিধানসভা নিৰ্বাচনত ১৫৫ খনকৈ আসন লাভেৰে চৰকাৰ গঠনৰ বাবে অগ্ৰসৰ হৈছে । ডি এম কেৰ সহযোগী কংগ্ৰেছে মুঠ ১৮ খন আসন লাভ কৰে । ষ্টেলিনৰ দলে ৩৭.৬১ শতাংশ ভোট লাভ কৰিছে ।

দেশৰ চাৰি ৰাজ্য ক্ৰমে পশ্চিমবংগ, তামিলনাডু, অসম, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত হৈছিল । বিজেপি নেতৃত্বাধীন এন ডি এয়ে অসমত ক্ষমতা লাভ কৰে । আনহাতে, বাওঁ গণতান্ত্ৰিক মৰ্চাই (এল ডি এফ)ও কেৰালাত সংখ্যাগৰিষ্ঠতা লাভ কৰে । ইফালে, পুডুচেৰীত আসন হেৰুয়ায় কংগ্ৰেছে । এন আৰ কংগ্ৰেছ দল নেতৃত্বাধীন এন ডি এই পুডুচেৰী বিধানসভা নিৰ্বাচনত অল ইণ্ডিয়া এন আৰ চি-বিজেপি জোঁটে ১৬ খন, কংগ্ৰেছে ৮ খন আৰু অন্যান্যই ৬ খন আসন লাভ কৰে ।

লগতে পঢ়ক: অৱশেষত নিলম্বন কৰা হ'ল পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.