ETV Bharat / bharat

Sonia Gandhi hospitalised : কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:47 PM IST

সাধাৰণ জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে ।

Sonia Gandhi hospitalised
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি

নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ : কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি । সাধাৰণ জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি কংগ্ৰেছ নেত্ৰীগৰাকী চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু বৰ্তমান তেওঁ সুস্থিৰ বুলি জানিব পৰা গৈছে । যোৱা বছৰ, ক'ভিড-১৯ সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ বাবে নতুন দিল্লীত ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাৰ পাছৰে পৰা তেওঁ স্বাস্থ্যৰ কিছু অৱনতি হৈছে বুলি অনুমান কৰা হৈছে ।

ইফালে বিতং স্বাস্থ্য সমস্যাৰ বিষয়ে অৱগত নকৰাকৈ কংগ্ৰেছে এক্সৰ জৰিয়তে ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি কৰোৱা বুলি জনোৱাৰ পাছতে তেওঁ সমৰ্থকসকলৰ মাজত ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে । অৱশ্যে এতিয়াও তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য বহলভাৱে প্ৰকাশ কৰা হোৱা নাই । শেহতীয়া বছৰবোৰত, গান্ধীয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে কেইবাবাৰো আমেৰিকা ভ্ৰমণ কৰিছে । য'ত তেওঁ স্বাস্থ্য সেৱা গ্ৰহণ কৰিছে ।

সূত্ৰৰ মতে ছোনিয়া গান্ধীৰ স্বাস্থ্য বৰ্তমান সুস্থ । বিশেষজ্ঞ চিকিৎসকৰ দলে নিৰন্তৰভাৱে তেওঁক পৰ্যবেক্ষণত ৰাখিছে । চিকিৎসকৰ দলটোত কেইবাগৰাকী অভিজ্ঞ চিকিৎসকো আছে বুলি জানিব পৰা গৈছে । ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ বিষয়ে গম পোৱাৰ পাছতে একাংশ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে হাস্পতালৰ সন্মুখত ভিৰ কৰাও দেখা গৈছে ।

ইয়াৰ পূৰ্বে, কংগ্ৰেছ নেত্ৰীগৰাকীক ভাইৰেল শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইফালে যোৱা ১ ছেপ্টেম্বৰত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকী মুম্বাইত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ বৈঠকত উপস্থিত আছিল ।

লগতে পঢ়ক : Kerala medical negligence case:১০৪ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰা মহিলাই অন্ত পেলালে অনশনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.