ETV Bharat / bharat

Climate Fast of Sonam Wangchuk: গ্ৰেপ্তাৰ হ’লেও কণ্ঠ ৰুদ্ধ নকৰে সোনম ৱাংচুকে

চাৰিদিন পৰ্যন্ত অব্যাহত আছে লাডাখৰ সুৰক্ষাৰ বাবে সোনম ৱাংচুকৰ জলবায়ু উপবাস (Climate fast) কাৰ্যসূচী (Sonam Wangchuk Ladakh climate fast) ৷ খাৰ্দংলা পাছত -৪০ ডিগ্ৰী চেলছিয়াছ তাপমানকো আওকাণ কৰি উত্তৰাখণ্ডক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্তি কৰাবলৈ কেন্দ্ৰক দাবী উত্থাপন কৰে ৱাংচুকে ৷

author img

By

Published : Jan 29, 2023, 9:45 AM IST

sonam-wangchuk-says-ladakh-admin-asking-him-to-sign-bond-for-climate-fast
গ্ৰেপ্তাৰ হ’লেও কণ্ঠ ৰূদ্ধ নকৰে সোনম ৱাংচুকে

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: লাডাখৰ সুৰক্ষাৰ বাবে যোৱা 26 জানুৱাৰীৰ পৰা জলবায়ু উপবাস বা Climate fastত বহিছে ‘‘থ্ৰী ইডিয়টছ’’ নামৰ ছবিখনৰ মুখ্য চৰিত্ৰ তথা অভিযন্তাৰ লগতে প্ৰখ্যাত জলবায়ু কৰ্মী সোনম ৱাংচুকে (Climate Fast of Sonam Wangchuk) ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা অনশনৰ আজি চতুৰ্থটো দিন (Sonam Wangchuk Ladakh climate fast)। ইয়াৰ মাজতে অভিযন্তা সোনম ৱাংচুকে শনিবাৰে দাবী কৰে যে, লাডাখ প্ৰশাসনে তেওঁক ক্লাইমেট ফাষ্টৰ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰিবলৈ এখন চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে (sign bond promising silence over climate fast) ।

ৱাংচুকে এই সন্দৰ্ভত টুইটাৰযোগে উল্লেখ কৰে, "বিশ্বৰ উকীলসকলক ফোন কৰক! #Ladakh কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে বিচাৰে যে মই ক্লাইমেট ফাষ্টৰ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰি এখন চুক্তিত স্বাক্ষৰ কৰোঁ ৷ মোক আপোনালোকে অনুগ্ৰহ কৰি পৰামৰ্শ দিয়ক যে মই চুক্তিত স্বাক্ষৰ কৰাটো সঠিক হ’বনে ? মই নীৰৱ ভূমিকা পালন কৰিব লাগে নেকি ? মোক গ্ৰেপ্তাৰ কৰিলেও মোৰ কোনো আপত্তি নাই (Ladakh admin forcing to sign bond Sonam Wangchuk) ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে ৱাংচুকে টুইটত কাকত এখনৰ এটা টুকুৰা সংলগ্ন কৰি উল্লেখ কৰে যে, তেওঁক বৰ্তমান ক্লাইমেট ফাষ্টৰ সন্দৰ্ভত কোনো মন্তব্যকে ধৰি ভাষণ প্ৰদান নকৰিবলৈ আৰু কোনো পৰিৱেশ সম্পৰ্কীয় ৰেলীত অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ বৰ্তমান সময়ত লেহ জিলাৰ শেহতীয়া ঘটনাৰ সৈতে সম্পৰ্কিত কোনো কাৰ্যকলাপ নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে ৱাংচুকক ৷ কিয়নো ৱাংচুকৰ যিকোনো কাৰ্যকলাপৰ বাবে জিলাখনৰ শান্তি আৰু আইন-শৃংখলা বিপদাপন্ন হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগতে ৱাংচুকক লাডাখ প্ৰশাসনে চুক্তিত স্বাক্ষৰ কৰাৰ পিচত দস্তাবেজখনত উল্লেখ থকা কোনো চৰ্তাৱলী উলংঘন কৰিলে নগদ 1,00,000 টকা পৰিশোধ কৰিব লাগিব বুলিও উল্লেখ কৰে ৷

ইফালে ৱাংচুকে অন্য এটা টুইটত জিলাবাসীক তেওঁৰ লগত যোগদান কৰিবলৈ নিজৰ থকা ঠাইৰ পৰাই উপবাস খাটিবলৈ এক পোষ্ট কৰিছিল ৷ তেওঁ পোষ্টটোত উল্লেখ কৰিছিল, "আপোনালোকেও মোৰ সৈতে ক্লাইমেট ফাষ্টত যোগদান কৰিব পাৰে । মোক বহুতে মোৰ লগত কেনেকৈ যোগদান কৰিব লাগে বুলি প্ৰশ্ন কৰিছিল ৷ 30 জানুৱাৰী হৈছে মোৰ 5 দিনৰ উপবাস কাৰ্যসূচীৰ অন্তিম দিন ৷ আপোনাৰ নিজৰ ঠাইৰ পৰা ১ দিন উপবাস ৰাখি মোৰ সৈতে যোগ দিয়ক ৷ কোনোৱে বিচাৰিলে আপোনালোকৰ নেতৃত্বত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সুৰক্ষিত ৰাজহুৱা স্থানত অনশনৰ কাৰ্যসূচী আয়োজন কৰিব পাৰে ।"

পৰৱৰ্তী সময়ত শুকুৰবাৰে ৱাংচুকে এটা ভিডিঅ' প্ৰেৰণ কৰিছিল । ভিডিঅ'টো চাৰিওফালে বৰফে আৱৰি থকা দেখা গৈছিল । ৱাংচুকে কৈছিল যে ফিয়াঙৰ বৰ্তমানৰ তাপমাত্ৰা -২০ ডিগ্ৰী চেলচিয়াছ ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনাই ৱাংচুকে কয় যে, লাডাখত হিমবাহৰ বিলুপ্তি অৱধাৰিত হৈ পৰিছে । গতিকে লাডাখক ৰক্ষা নকৰিলে জলবায়ু পৰিৱৰ্তনে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তক অস্থিৰ কৰি তুলিব (Dangers of changing climate in Ladakh) । হিমালয় অঞ্চলক ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈও তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় । গ্লেছিয়াৰ সমূহ দ্ৰুতগতিত গলি যোৱা আৰু অন্যান্য জলবায়ু সমস্যাত লৈ উদ্বিগ্ন হৈ সোনম ৱাংচুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (PM Narendra Modi) লাডাখৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক খাৰ্দংলা পাছলৈ যাবলৈ আহ্বান জনায় । সেই অঞ্চলটোত বৰ্তমান তুষাৰপাতৰ বাবে পথ বন্ধ হৈ আছে । উল্লেখ্য যে, খাৰ্দংলাত পৃথিৱীৰ সৰ্বোচ্চ বাহনযোগ্য পথটো ১৮,০০০ ফুট উচ্চতাত আছে । সেই অঞ্চলত বৰ্তমানৰ তাপমাত্ৰা -৪০ ডিগ্ৰী চেলচিয়াছ। ফলত অঞ্চলটোত থকা লোকসকৰ জীৱনলৈ ভাবুকি আহি পৰিছে ৷

  • YOU CAN JOIN ME IN @ClimateFast
    Many have asked how to join!
    30th Jan is the last day of my 5 day fast... Join me for a 1 day fast from your own places and share on social media for solidarity.
    Those with leadership qualities could organise at safe public places from 9 am to 6pm pic.twitter.com/UwrlMjv0GL

    — Sonam Wangchuk (@Wangchuk66) January 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে সোনম ৱাংচুকে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত উত্তৰাখণ্ডক (Demanding Ladakh including sixth schedule ) অন্তৰ্ভুক্তিৰ বিষয়ে মনোযোগ আকৰ্ষণ কৰিবলৈ এক পোষ্টত উল্লেখ কৰে যে, 2019 চনত অনুচ্ছেদ 370 বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত স্থানীয় লোকসকলৰ সংস্কৃতি আৰু জাৱন ধাৰণ প্ৰণালীলৈ একপ্ৰকাৰৰ ভাবুকি আহি পৰিছে ৷ উত্তৰাখণ্ডক ষষ্ঠ অনুসূচীৰ ভিতৰত অন্তৰ্ভুক্ত কৰি স্থানীয় লোকসকলৰ নিৰাপত্তা, জীৱিকা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৱাংচুকে (Ladakh sixth schedule issue)।

স্মৰ্তব্য যে সোণম ৱাংচুকে ফিয়াঙৰ হিমালয় ইনষ্টিটিউট অৱ অলটাৰ্নেটিভ লাডাখ (এইচআইএএল) (Himalayan Institute of Alternative Ladakh)ক সুৰক্ষা প্ৰদান কৰিবৰ বাবে যোৱা ২৬ জানুৱাৰীৰ পৰা 30 জানুৱাৰীলে পাঁচ দিনীয়া কাৰ্যসূচীৰে অনশন ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে ৷ -৪০ ডিগ্ৰী চেলছিয়াছ তাপমানকো আওকাণ কৰি খাৰ্দংলা পাছত অনশনত বহে ৱাংচুক ।

লগতে পঢ়ক: Exceptional Marriage Procession : ককাকৰ ইচ্ছা পূৰণৰ বাবে দৰা আহিল হেলিকপ্টাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.