ETV Bharat / bharat

প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান

author img

By

Published : Jul 5, 2021, 10:30 PM IST

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰবীণ কংগ্ৰেছী নেতা প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰে । সোমবাৰে বিয়লি এক সংবাদমেল যোগে আনুষ্ঠানিক ভাৱে দলটোত যোগদান কৰাৰ কথা ৰাজহুৱা কৰে অভিজিৎ মুখাৰ্জীয়ে ৷

son of former President Pranab Mukherjee joins Trinamool Congress
প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান

নেচনেল ডেস্ক , 5 জুলাই : দেশৰ ভূতপূর্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী(former President Pranab Mukherjee )ৰ পুত্ৰ অভিজিৎ মূখাৰ্জীয়ে সোমবাৰে তৃণমূল কংগ্ৰেছ(Trinamool Congress)ত যোগদান কৰে ৷ পূৰ্বতে কংগ্ৰেছৰ দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই জাংগীপুৰ সমষ্টি(Jangipur constituency)ৰ সাংসদ হোৱাৰ লগতে একেটা দলৰ পৰাই লহাটী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই বিধায়কো হৈছিল মুখাৰ্জী ৷ সোমবাৰে এক সংবাদ মেল যোগে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ কথা ঘোষণা কৰে দলটোৰ সাধাৰণ সম্পাদক পাৰ্থ চেটাৰ্জীয়ে ৷

তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বেনাৰ্জীয়ে অভিজিৎ বেনাৰ্জীক দলীয় পতাকাৰে সৈতে দললৈ স্বাগতম জনায় ৷ বিগত কিছুদিন ধৰি পশ্চিমবংগৰ ৰাজনীতিত অভিজিতে তৃণমূলত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক গৰম খবৰৰ সৃষ্টি কৰিছিল ৷ অভিজিতে এই বাতৰিবোৰক উৰাবাতৰি আখ্যা দি অস্বীকাৰ কৰিছিল আৰু দলটোৰ নেতা সকলৰ সৈতে বৈঠকক কেৱল সৌজন্যমূলক সাক্ষাৎ বুলি কৈছিল প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে ।

অৱশেষত, সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে অভজিতে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ ইফালে, অভিজিৎ মুখাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ হৈ জংগীপুৰত আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰ হৈ পৰিছে ।

লগতে পঢ়ক : পৰীক্ষাৰ ফলাফলক লৈ এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই অসম চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.