ETV Bharat / bharat

Snowfall in Himachal: হিমাচল প্ৰদেশত তীব্ৰ তুষাৰাপাত, বন্ধ কৰি দিয়া হৈছে অটল সুৰংগ

author img

By

Published : Jan 19, 2023, 5:04 PM IST

তীব্ৰ তুষাৰাপাতৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে হিমাচল প্ৰদেশৰ অটল সুৰংগ ৷ বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনৰ কুল্লু জিলাত হোৱা তুষাৰপাতৰ ফলত চোলাংনালাত চাৰি ইঞ্চি পৰ্যন্ত বৰফৰ প্ৰলেপ দেখা গৈছে (Snowfall in Himachal)৷ প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে বহুকেইটা নীতি-নিৰ্দেশনা ৷

Snowfall in Himachal
হিমাচল প্ৰদেশত তীব্ৰ তুষাৰাপাত
হিমাচল প্ৰদেশত তীব্ৰ তুষাৰাপাত

নিউজ ডেস্ক, 19 জানুৱাৰী: প্ৰায়ে তুষাৰপাতৰ কবলত পৰা হিমাচল প্ৰদেশত বৃহস্পতিবাৰে তীব্ৰ তুষাৰাপাত হয় ৷ ৰাজ্যখনৰ কুল্লু জিলাত এই তুষাৰপাত অতিমাত্ৰা হোৱা পৰিলক্ষিত হৈছে (Snowfall in Kullu)৷ জিলাখনৰ ওখ অঞ্চলসমূহত তুষাৰপাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ পৰ্যটন চহৰ মানালীৰ কাষত থকা চোলাংনলা আৰু ধুণ্ডীও পুৱাৰে পৰা তুষাৰপাতৰ সন্মুখীন হৈছে ৷ যাৰ বাবে অটল সুৰংগত বাহনৰ চলাচলৰ বাবে সমস্যাৰ সৃষ্টি হয় ৷ চাৰি ইঞ্চিতকৈও অধিক বৰফৰ প্ৰলেপ হোৱাৰ ফলত চোলাংনলাত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে ৷ যাতে পৰ্যটকসকল বৰফৰ মাজত আৱদ্ধ হৈ নপৰে ৷

বহিঃৰাজ্যৰ পৰা সোঁত বৈছে পৰ্যটকৰ : হিমাচল প্ৰদেশৰ অন্যতম আকৰ্ষণীয় অঞ্চল লাহুল উপত্যকা ৷ যোৱা সপ্তাহত লাহুল উপত্যকাত হোৱা প্ৰচণ্ড তুষাৰপাতৰ পিচত বন্ধ হৈ থকা সুৰংগ মঙলবাৰে মুকলি কৰা হৈছিল ৷ জিলা প্ৰশাসনে সাধাৰণ পৰ্যটকৰ বাহনসমূহকো অটল সুৰংগৰ উত্তৰ দিশত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল ৷ বৰষুণ আৰু তুষাৰপাতে অঞ্চলটোত এক সুকীয়া ৰূপ প্ৰদান কৰাৰ ফলত পৰ্যটনৰ ব্যৱসায়েও গতি লাভ কৰে ৷ ৰাজ্যৰ বাহিৰৰ পৰ্যটকসকলে তুষাৰপাত উপভোগ কৰিবলৈ কুল্লু জিলাৰ বিভিন্ন অঞ্চলত উপস্থিত হয় ৷ কিন্তু বৃহস্পতিবাৰে হোৱা প্ৰৱল তুৰাষাপাতৰ ফলত সুৰংগটো পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লয় প্ৰশাসনে (Atal Tunnel closed due to Snowfall) ৷

আগন্তুক কিছুদিনৰ বাবে কুল্লুত প্ৰতিকুল বতৰ : আগন্তুক কিছুদিনৰ বাবে বতৰ প্ৰতিকুল হৈ থাকিব বতৰ (Snowfall in Himachal)৷ ইতিমধ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ লগতে প্ৰশাসন প্ৰতিকুল বতৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কবাণী জাৰি কৰিছে ৷ জিলখানৰ উপায়ুক্ত আশুতোষ গাৰ্গে কয় যে প্ৰতিকুল বতৰৰ সৈতে প্ৰশাসনে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত ৷ তুষাৰপাতৰ সময়ত যাতে বাহনৰ চলাচল বাধাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে বিভিন্ন স্থানত বিভাগৰ যন্ত্ৰপাতিও মজুত ৰাখিছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

বিনা কাৰণত বাহিৰত ঘূৰি নুফুৰিবলৈ আহ্বান : একে সময়তে পৰ্যটক আৰু স্থানীয় লোকসকলক কোনো কাৰণ নোহোৱাকৈ ওখ অঞ্চলসমূহলৈ নোযোৱাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ নদীৰ নলাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগত পিচল অঞ্চলত বাহন নচলোৱাৰ পৰামৰ্শ দিছে প্ৰশাসনে ৷ কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক: Historical Junbeel Mela : আজিৰে পৰা আৰম্ভ পৰম্পৰাগত জোনবিল মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.