নেশ্যনেল ডেস্ক, ১৮ মাৰ্চ: শেহতীয়াকৈ ৰিপ্ড জিন্স পৰিধান কৰাক লৈ মন্তব্য কৰি চৰ্চালৈ আহিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট । মুখ্যমন্ত্ৰী গৰাকীক সমালোচনাৰে থকা সৰকা কৰা হৈছে ছ'চিয়েল মিডিয়াত । এতিয়া ছ'চিয়েল মিডিয়া ভৰি পৰিছে ৰিপ্ড জিন্স পৰিহিত মহিলাৰ ফটোৰে । কেৱল সাধাৰণ মানুহেই নহয়, চেলিব্ৰেটিয়েও সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীক । আনকি বহুলোকে তেওঁক কাপোৰৰ ওপৰত মন্তব্য কৰাৰ পৰিৱৰ্তে মানসিকতা সলনি কৰিবলৈও পৰামৰ্শ দিছে ।
উত্তৰাখণ্ডৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ডেৰাডুনত আয়োজন কৰা এক কৰ্মশালাত ভাষণ প্ৰদান কৰাৰ সময়ত ৰাৱতে কৈছিল যে, বিমান যাত্ৰাৰ সময়ত তেওঁৰ কাষত বহি থকা ৰিপ্ড জিন্স এগৰাকী মহিলাক দেখি তেওঁ আচৰিত হৈছিল । তেওঁ কয় যে, শেহতীয়াকৈ তেওঁ জয়পুৰৰ পৰা উভতি আহি থাকোতে লক্ষ্য কৰিছিল যে, বিমানত এগৰাকী মহিলা তেওঁৰ কাষত বহি আছে আৰু তেওঁ গামবুট আৰু আঁঠু দেখা পোৱাকৈ থকা ৰিপ্ড জিন্স পিন্ধি আছিল ।
স্বেচ্ছাসেৱী সংগঠনৰে জড়িত মহিলাগৰাকীয়ে তেওঁৰ দুই সন্তানৰ সৈতে যাত্ৰা কৰিছিল । ৰাৱতে সেই মহিলাগৰাকীক প্ৰশ্ন কৰিছিল যে "আপুনি আপোনাৰ সন্তানক কেনে ধৰণৰ মূল্যবোধৰ শিক্ষা দিব ?" ৰাৱটৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰিয়ংকা চতুৰ্বেদী নামৰ এগৰাকী অভিনেত্ৰীয়ে কয় যে, দেশৰ 'সংস্কৃতি' আৰু 'সংস্কাৰ' সেইসকল পুৰুষৰ দ্বাৰা প্ৰভাৱিত হয়, যিয়ে এগৰাকী মহিলাৰ পছন্দবোৰৰ ওপৰত ভিত্তি কৰি মহিলাগৰাকীৰ চৰিত্ৰ তথা আচৰণক লৈ বিবেচনা কৰে ।
লগতে তেওঁ মুখ্য়মন্ত্ৰীগৰাকীক মানসিকতা সলনি কৰিবলৈ পৰামৰ্শ দি কয় যে, চিন্তাধাৰা সলনি হ'লেহে দেশ সলনি হ'ব । অৱশ্যে, অভিনেত্ৰী কংগণা ৰাণাৱটে এই বিতৰ্কক লৈ কিছু পৃথক মন্তব্য কৰে । তেওঁ কয় যে, ৰিপ্ড জিন্স পিন্ধোতে এটা কথা নিশ্চিত কৰা উচিত যে, যুৱতীগৰাকীক যাতে পিতৃ-মাতৃৰ পৰা মাহিলী খৰচ নোপোৱা গৃহহীন লোকৰ দৰে দেখা নাযায় । লগতে বৰ্তমান ৰিপ্ড জিন্স পৰিহিত অধিকাংশ যুৱতীকে এনেকুৱা যেন দেখা যায় বুলিও অভিনেত্ৰীগৰাকীয়ে টুইটযোগে মন্তব্য কৰে ।