ETV Bharat / bharat

ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে সহায় অতিকৈ প্ৰয়োজনীয়

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে ক'ভিড-১৯ মহামাৰী অহাৰ আগৰে পৰাই প্ৰবল হেঁচাৰ সন্মুখীন হৈ আহিছিল । দেশত লক ডাউন হোৱাৰ পিছৰ পৰা এই উদ্যোগসমূহৰ সমস্যা আৰু অধিক গম্ভীৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াক লৈ ৰিজাৰ্ভ বেংকেও উনুকিয়াইছে যে, এই উদ্যোগ সমূহে বাচি থকাৰ স্বাৰ্থত আগবাঢ়িছে যদিও সোঁতৰ বিপৰীতেহে গতি কৰিছে । মহামাৰীৰ সময়ত এই উদ্যোগসমূহে চৰকাৰৰ পৰা কোনো বিশেষ সহায় নাপালে । ক্ৰেডিট ৰেটিং এজেঞ্চী ‘মুদী’ৰ মতেও কেন্দ্ৰীয় চৰকাৰৰ পেকেজসমূহে ক্ষুদ্ৰ উদ্যোগ সমূহ পুনৰুজ্জিৱীত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, যিয়ে এই উদ্যোগৰ সমস্যা সমূহৰ বিষয়ে সকীয়াই দিয়ে ।

author img

By

Published : Mar 6, 2021, 2:11 PM IST

Small scale industry needs stimulation
ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে সহায় অতিকৈ প্ৰয়োজনীয়

আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে অলপতে মন্তব্য কৰিছে যে, ঋণৰ বোজাই ভাৰত বৰ্ষত এক গভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে । ভাৰতৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰা এজন ব্যক্তিৰ এই বক্তব্য সহজেই উলাই কৰিব নোৱৰি । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ এই সাৱধানবাণীত উল্লেখ কৰা ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহ যে লোকচানৰ সন্মুখীন হ’ব পাৰে এই কথাও উলাই কৰিব নোৱাৰি ।

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহে ক'ভিড-১৯ মহামাৰী অহাৰ আগৰে পৰাই প্ৰবল হেঁচাৰ সন্মখীন হৈ আহিছিল । দেশত লক ডাউন হোৱাৰ পিছৰ পৰা এই উদ্যোগ সমূহৰ সমস্যা আৰু অধিক গম্ভীৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াক লৈ ৰিজাৰ্ভ বেংকেও উনুকিয়াইছে যে, এই উদ্যোগ সমূহে বাছি থকাৰ স্বাৰ্থত আগ বাঢ়িছে যদিও সোঁতৰ বিপৰীতেহে গতি কৰিছে । মহামাৰীৰ সময়ত এই উদ্যোগ সমূহে চৰকাৰৰ পৰা কোনো বিশেষ সহায় নাপালে । ক্ৰেডিট ৰেটিং এজেঞ্চী ‘মুদী’ৰ মতেও কেন্দ্ৰীয় চৰকাৰৰ পেকেজ সমূহে ক্ষুদ্ৰ উদ্যোগ সমূহ পুনৰুজ্জিৱীত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, যিয়ে এই উদ্যোগৰ সমস্যা সমূহৰ বিষয়ে সকীয়াই দিয়ে ।

ক্ষেত্ৰ ভিত্তিক বিভিন্ন অধ্যয়নে এই কথা প্ৰমাণ কৰিছে যে, ক্ষুদ্ৰ উদ্যোগ সমূহৰ পুনৰুত্থানৰ বাবে ৪৫ লাখ কোটি টকাৰ এক বিশেষ পেকেজৰ প্ৰয়োজন যদিও কিন্তু বেংক সমূহে প্ৰয়োজনৰ মাথো ১৮ শতাংশ সহায়হে আগ বঢ়াব পাৰিছে । ক্ষুদ্ৰ উদ্যোগ সমূহে তেওঁলোকৰ বিনিয়োগৰ জৰিয়তে মাথোঁ ১১কোটি সংস্থাপন সৃষ্টি কৰাই নহয়, উৎপাদনৰ জৰিয়তেও ভাৰতৰ অৰ্থনীতিত বহু পৰিমানে বৰঙণি যোগাই আহিছে । কিন্তু এই সমূহ উদ্যোগৰ সংকট কালত আমি তেওঁলোকক আনলৈ বাট চাবলৈহে বাধ্য কৰাইছো । এই উদ্যোগ সমূহৰ যে পুনৰুত্থান এক জাতীয় স্বাৰ্থ, সেই কথা অনুধাৱন কৰি শীঘ্ৰেই সময়োপযোগী ব্যৱস্থা হাতত লোৱাটো এই মূহুৰ্তত খুবেই প্ৰায়োজনীয় ।

বিভাগীয় মন্ত্ৰালয়ৰ মতে, দেশত ৬.৩ কোটি ক্ষুদ্ৰ উদ্যোগ আছে আৰু এই উদ্যোগ সমূহে দেশৰ জিডিপিৰ বাবে ৩০ শতাংশ বৰঙণি আগ বঢ়ায় । চীনত এনে ধৰণৰ উদ্যোগ সমূহে দেশখনত ৮০ শতাংশ সংস্থাপনৰ সৃষ্টি কৰি আহিছে । এক সমীক্ষা মতে, চীনত প্ৰতিদিনে প্ৰায় ১৬ হাজাৰৰ পৰা ১৮ হাজাৰ নতুন উদ্যোগ গঢ় লয় । ইফালে আমাৰ দেশ ভাৰতত কিন্তু প্ৰতিকুল পৰিৱেশৰ বাবে এই উদ্যোগ সমূহে বিভিন্ন পৰীক্ষণ আৰু সমস্যাৰ মাজেৰে বাছি থকাৰ বাবেহে সংগ্ৰাম কৰিব লগীয়া হৈছে ।

অকল চীনতেই নহয়, আমেৰিকা বা জাপানত অনুকূল পৰিৱেশৰ বাবে এনে উদ্যোগ সমূহে নিজৰ দেশ সমূহৰ পৰা প্রযুক্তিগত সমৰ্থন লাভ কৰে । এনে দেশ সমূহত এই উদ্যোগ সমূহৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰা দেখা যায় আৰু সেয়ে তেওঁলোকৰ উদ্যোগ সমূহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয় । কানাডা, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল আদি দেশ সমূহতো এনে উদ্যোগৰ শ্ৰীবৃদ্ধিৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয় । আন এখন দেশ জাৰ্মানীত নিযুক্তিৰ সাফল্যৰ আঁৰত এনে উদ্যোগৰ হস্তক্ষেপ থকা বুলি সদায়েই কৈ অহা হয় ।

ইফালে ভাৰত বৰ্ষত কিন্তু বিভিন্ন সমীক্ষা আৰু প্ৰতিবেদনত এই উদ্যোগ সমূহৰ সাহাৰ্যৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি অহাৰ পাছতো আশানুযায়ী সমৰ্থন পোৱা পৰিলক্ষিত হোৱা নায় । চি আই আইয়ে ইতিমধ্যেই ক'ভিড-১৯ মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা উদ্যোগ সমূহৰ সহায়ৰ বাবে ব্যবস্থাৰ কথা কৈছে ।

চি আই আইয়ে তিনি বছৰৰ বাবে দেশৰ এই ক্ষুদ্ৰ উদ্যোগ সমূহক সকলো নিয়ম আৰু নিয়ন্ত্ৰণৰ পৰা ৰেহাই দিয়াৰ কথা উল্লেখ কৰিছে । ৫৯ মিনিটৰ ভিতৰত ঋণ মুকলি কৰাৰ কথাও কোৱা হৈছে, যদিও কিন্তু ঋণৰ বাবে উদ্যোগ সমূহে বহু প্রতিক্ষা কৰিব লগা হৈছে ।

দেশৰ এই ক্ষুদ্ৰ উদ্যোগ সমূহক আৰ্থিক সহায়, কৰ্মী সকলৰ বাবে কৌশল বিকাশৰ প্ৰশিক্ষণ আৰু বজাৰৰ লগত যোগাযোগ, সংস্থাপনৰ দৰে কাৰ্য এই দুৰূহ সময়ত হৈ পৰিছে অতিকৈ প্ৰয়োজনীয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.