ETV Bharat / bharat

Mission Prarambh: ব্যক্তিগত খণ্ডত নিৰ্মিত ভাৰতৰ প্ৰথমটো ৰকেট মহাকাশলৈ নিক্ষেপ কৰিব স্কাইৰুট এৰ’স্পেছে

author img

By

Published : Nov 8, 2022, 10:37 PM IST

স্কাইৰুট এৰ’স্পেছে মহাকাশলৈ ৰকেট নিক্ষেপ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ মহাকাশ কোম্পানী হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে । সংস্কৃতত “আৰম্ভণি” অৰ্থাৎ ‘প্ৰাৰম্ভ’ (Mission Prarambh) নামেৰে নামাকৰণ কৰা এই অভিযানে দেশৰ মহাকাশ প্ৰযুক্তি খণ্ডৰ ষ্টাৰ্টআপৰ বাবে এক নতুন যুগৰ সূচনা কৰিব (Indias first private rocket to be launched)।

Skyroot Aerospace to become first private rocket maker to fly its rocket
ব্যক্তিগতভাৱে নিৰ্মিত ভাৰতৰ প্ৰথমটো ৰকেট মহাকাশলৈ নিক্ষেপ কৰিব স্কাইৰুট এৰ’স্পেছে

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ: স্কাইৰুট এৰ’স্পেছে মহাকাশলৈ ৰকেট নিক্ষেপ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ মহাকাশ কোম্পানী হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে । সংস্কৃতত “আৰম্ভণি” অৰ্থাৎ ‘প্ৰাৰম্ভ’ (Mission Prarambh) নামেৰে নামাকৰণ কৰা এই অভিযানে দেশৰ মহাকাশ প্ৰযুক্তি খণ্ডৰ ষ্টাৰ্টআপৰ বাবে এক নতুন যুগৰ সূচনা কৰিব (Indias first private rocket to be launched)।

সোমবাৰে বেংগালুৰুত স্কাইৰুটৰ বাবে প্ৰথমটো মহাকাশ অভিযান উন্মোচন কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে (ISRO Chairman Dr S Somanath)। স্কাইৰুট এৰ’স্পেছৰ তথ্য অনুসৰি, মহাকাশ টেক খেলুৱৈসকলক প্ৰচাৰ আৰু নিয়ন্ত্ৰণৰ বাবে একক উইণ্ড’ ন’ডেল এজেন্সী ইন-স্পেচিৰ পৰা লাভ কৰা কাৰিকৰী উৎক্ষেপণৰ অনুমতি লাভ কৰা হয় ।

হায়দৰাবাদস্থিত স্পেচ টেক ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেছে বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অহা ১২ ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডত নিৰ্মিত ৰকেট বিক্ৰম-এছ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে (Rocket Vikram S) । অন্ধ্ৰ প্ৰদেশৰ উপকূলস্থিত শ্ৰীহৰিকোটাৰ ইছৰোৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব এই ৰকেটটো।

লগতে পঢ়ক: 6 years of Demonetisation : ২০১৬ চনৰ বিমুদ্রাকৰণৰ ৬ বছৰ সম্পূৰ্ণ

উল্লেখ্য যে, ২০২০ চনত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ সুবিধাৰ বাবে মহাকাশ খণ্ডটো মুকলি কৰা হৈছিল । ২০২১ চনত স্কাইৰুটে ইছৰোৰ সৈতে সুবিধা আৰু বিশেষজ্ঞতা ভাগ-বতৰা কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা প্ৰথমটো মহাকাশ প্ৰযুক্তি ষ্টাৰ্টআপ হিচাপে পৰিগণিত হৈছিল (Indias Private Sector Rocket Maker Skyroot Aerospace) ।

ইছৰো আৰু ইন-স্পেচৰ সহায়ৰ বাবে ধন্যবাদ জনাই স্কাইৰুট এৰ’স্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দনাই কয়, “ভাৰতীয় ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে উৎসৰ্গিত আমাৰ মিছন ‘প্ৰাৰম্ভ’ ঘোষণা কৰি আমি গৌৰৱান্বিত হৈছো ৷ ইমান কম সময়ৰ ভিতৰতে আমাৰ বিক্ৰম এছ ৰকেট নিৰ্মাণ আৰু মিছনৰ বাবে সাজু কৰিব পাৰিছো ৷ এয়া সক্ষম হৈছে কেৱল ইছৰো আৰু ইন-স্পেচৰ পৰা পোৱা অকল্পনীয় সমৰ্থন আৰু আমাৰ সহজাতভাৱে থকা প্ৰযুক্তি প্ৰতিভাৰ বাবেই ।

লগতে পঢ়ক: Lab grown blood: বিশ্বত পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাগাৰত প্ৰস্তুত কৰা হ'ল তেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.