নেশ্যনেল ডেস্ক, 21 আগষ্ট: অসমীয়াত এষাৰ কথা আছে, ক্ষন্তেকৰ ভোজ খাওঁতা নাই ৷ অন্ধপ্ৰদেশৰ বিশাখাপট্টনমত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৷ ক্ষন্তেকৰ আগৰ হাঁহিবোৰ হঠাৎ পৰিণত হ’ল চকু পানীলৈ ৷ সাগৰৰ কালৰূপী ঢৌৱে মুহূৰ্ততে নিঃশেষ কৰিলে এটা জীৱন ৷ ইয়াৰ বিপৰীতে সংকটজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী ৷
ঘটনাৰ বিৱৰণী অনুসৰি, জনপ্ৰিয় পৰ্যটনস্থলী বিশাখাপট্টনমত 6 জনীয়া এটা বন্ধুৰ দলে অৱসৰ বিনোদনৰ বাবে গৈছিল ৷ দেওবাৰে তেওঁলোকে বিশাখাপট্টনমত উপস্থিত হৈ দলটোৱে প্ৰথমে সাগৰৰ পানীত গা ধুই আটাইকেইজনে ফটো উঠাৰ পৰিকল্পনা কৰিলে ৷ সেইমতে তেওঁলোকে এখন ফটোও উঠিলে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ সেই ফটোখনেই স্মৃতি হিচাপে ৰৈ গ’ল দলটোৰ বাবে ৷
আনাকাপল্লী জিলাৰ ৰামবিলি মণ্ডলত বিশাখাপট্টনমৰ কাট্টোজু কাব্য (17), কাটোজু চাই (19), গন্নাভাৰাপু চাই প্ৰিয়ংকা (27), সিংহচলমৰ গন্নাভাৰাপু ৰবি শংকৰ (28), অলিপুৰাৰ কান্দিপল্লী ফনিন্দ্ৰ (25) আৰু কান্দিপল্লীৰ চাইকিৰণে (25) দেওবাৰে পুৱা বন্ধৰ বাবে ৰামবিলি মণ্ডলৰ সীতাপালেমত সাগৰৰ পাৰলৈ গৈছিল ৷ সাগৰৰ পাৰত তেওঁলোকে ফুৰ্তি কৰাৰ পিচত, ছয়জন সাগৰত গা ধুবলৈ গৈছিল ৷
তাৰ পিচতেই তেওঁলোকে সাগৰৰ তীৰৰ কাষৰ শিলত ফটো তুলি থাকোঁতে হঠাৎ এটা ডাঙৰ ঢৌ আহিছিল ৷ সেই ঢৌৱে 6 জনকে উটুৱাই লৈ গৈ সাগৰত পেলাই দিয়ে ৷ লগে লগে অঞ্চলটোত চিঞৰ বাখৰ লাগে ৷ সাগৰৰ পাৰৰ মাছমৰীয়া সকলে লগে লগে পানীত নামি তাৰে 5 জনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু চাইকৰিণক তেওঁলোকে বচাব নোৱাৰিলে ৷ ডুব যোৱা সকলৰ ভিতৰত চাইপ্ৰিয়ংকাই সাগৰৰ লুণীয়া পানী খাই অজ্ঞান হৈ পৰিছিল ৷ বাকী চাৰিজনক সুৰক্ষিতভাৱে পাৰলৈ লৈ আনে ৷
এই ঘটনাৰ পিচতে উদ্ধাৰকাৰীসকলে ৰামবিলি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিছু সময়ৰ পিচত বিচাৰ খোচাৰ কৰা পিচতেই চাইৰ মৃতদেহ অচ্যুতাপুৰম মণ্ডলৰ পুডিমাদাকাত তীৰত উদ্ধাৰ কৰে বুলি খবৰ লাভ কৰে ৷ লগে লগে ৰামবিলি আৰক্ষী উপ পৰিদৰ্শক ডি দীনবন্ধু আৰু অচ্যুতপুৰম আৰক্ষী উপ পৰিদৰ্শক সন্ন্যাসীনায়ুডু ঘটনাস্থলীত উপস্থিত হয় চাইৰ মৃতদেহটো অনকাপল্লী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
ইফালে অচেতন হৈ থকা চাই প্ৰিয়ংকাক অনাকাপল্লী জিলা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই ততাতৈয়াকৈ বিশাখাপট্টনমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷