ETV Bharat / bharat

Gauri Lankesh murder: ক্ষীপ্ৰ তদন্তৰ দাবীৰে গৌৰী লংকেশৰ ঘনিষ্ঠই কাষ চাপিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰমাইয়াৰ - গৌৰী সোঁৱৰণী দিৱসৰ অনুষ্ঠান

গৌৰী লংকেশ হত্যাকাণ্ডই সম্পূৰ্ণ কৰিলে 6 বছৰ ৷ গৌৰীৰ ঘনিষ্ঠ কৰ্মীসকলে গোচৰটোৰ ক্ষীপ্ৰ তদন্তৰ বাবে কাষ চাপিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰমাইয়াৰ ।

Gauri Lankesh murder
সাহসী সাংবাদিক প্ৰয়াত গৌৰী লংকেশ
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:18 AM IST

নেশ্যনেল ডেস্ক, 5 ছেপ্টেম্বৰ: দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সাহসী সাংবাদিক গৌৰী লংকেশক হত্যা কৰা ঘটনাই আজি সম্পূৰ্ণ কৰিলে 6 বছৰ ৷ বেংগালুৰুৰ ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা সাংবাদিক-সমাজ কৰ্মী গৌৰী লংকেশক হত্যা সন্দৰ্ভত 2018 চনত গোচৰৰ অভিযোগনামা দাখিল কৰা হ’ল যদিও তেওঁৰ গোচৰৰ বিচাৰ সমাপ্ত হ’বলৈ এতিয়াও বহু বাকী । বিচাৰ প্ৰক্ৰিয়া 2022 চনৰ মাৰ্চ মাহত আৰম্ভ হোৱাৰ পিচৰে পৰা বৰ্তমানলৈ সলনি হৈছে তিনিগৰাকী ন্যায়াধীশ আৰু 530 জন সাক্ষীৰ ভিতৰত মাত্ৰ 83 জনহে সাক্ষ্য প্ৰদান কৰিছে ।

এই গতিৰে বিচাৰ সম্পূৰ্ণ হ’বলৈ আৰু কমেও দুবছৰ সময় লাগিব । গৌৰী লংকেশ কাণ্ডৰ ক্ষীপ্ৰ বিচাৰ আৰু ন্যায় লাগে বুলি কয় গৌৰীৰ ঘনিষ্ঠ কৰ্মী শিৱসুন্দৰে । নিৰ্ভীক সাংবাদিক গৌৰীৰ হত্যাকাণ্ডৰ তদন্ত কৰা SIT য়ে 2018 চনৰ নৱেম্বৰ মাহত 10 হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰি 17 জন হিন্দুত্ববাদী গোটৰ সদস্যক অভিযুক্ত হিচাপে উল্লেখ কৰিছিল । অভিযোগনামাত কোৱা হৈছিল যে গৌৰীক হত্যা কৰিব বিচৰাৰ বাবেই গৌৰীক হত্যা কৰাৰ আঁৰৰ গোটটোৱে একত্ৰিত হোৱা নাছিল ৷ তেওঁলোকে বছৰ বছৰ আগতে ‘দেশদ্ৰোহী’ (দেশদ্ৰোহী)ক চিনাক্ত কৰিবলৈ, তেওঁলোকক নিৰ্মূল কৰিবলৈ, ‘হিন্দু ৰাষ্ট্ৰ’ প্ৰতিষ্ঠা কৰিবলৈ একত্ৰিত হৈছিল ।

ক’ভিড-19 মহামাৰীৰ বাবে আৰু প্ৰতিৰক্ষাই দাখিল কৰা ধাৰাবাহিক আবেদনৰ বাবে বিচাৰ আৰম্ভ হোৱাত পলম হৈছিল । অৱশেষত 2022 চনৰ মাৰ্চ মাহত বেংগালুৰুৰ প্ৰধান অধিৱেশন আদালতত এমাহৰ ভিতৰত তিনিৰ পৰা পাঁচ দিনৰ বাবে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ।

5 ছেপ্টেম্বৰ মঙলবাৰে বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া গৌৰী সোঁৱৰণী দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া । গৌৰীৰ ঘনিষ্ঠ কৰ্মীসকলে গোচৰটোৰ বিচাৰ ক্ষিপ্ৰ কৰাৰ বাবে বিশেষ আদালত গঠনৰ সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰমাইয়াৰ কাষ চাপিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Death Penalty: তিনি ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ৰায় দিল্লীৰ এখন আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.