ETV Bharat / bharat

Bridge accident in Gujarat: মীৰা পৰিয়ালৰ 6 গৰাকী নিহত, 8 গৰাকী আহত - Bridge accident in Morbi

দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হোৱা এক শোকাৱহ ঘটনাত এতিয়ালৈ শিশু মহিলাসহ 134 গৰাকী লোক মৃত্যুৰ মুখত পৰিছে ( 134 people lost their lives)৷

Six members of Meera family have died in a bridge accident in Morbi
Bridge accident in Gujarat: মীৰা পৰিয়ালৰ 6 গৰাকী নিহত, 8 গৰাকী আহত
author img

By

Published : Oct 31, 2022, 9:37 PM IST

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: এতিয়াও মাৰ যোৱা নাই গুজৰাট কাণ্ডৰ উত্তেজনা (Bridge accident in Gujarat)৷ দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হোৱা এক শোকাৱহ ঘটনাত এতিয়ালৈ শিশু মহিলাসহ 134 গৰাকী লোক মৃত্যুৰ মুখত পৰিছে ( 134 people lost their lives)৷ ৰাজ্যখনৰ মৰ্বি চহৰৰ মাচ্চু নদীৰ ওপৰত থকা প্ৰায় শতিকা পুৰণি এখন ওলমা দলং ভাঙি পৰিছিল (Bridge accident in Morbi)৷

বিগত চাৰিদিন পূৰ্বে দলংখন ৰাইজৰ বাবে পুনৰ মুকলি কৰাৰ পাছত দলংখনত যথেষ্ট লোকৰ ভিৰ হোৱাৰ ফলতে দেওবাৰে সন্ধিয়া ৬.৩০ বজাৰ ওচৰত দলংখন ছিগি যোৱা বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । মন কৰিবলগীয়া যে দীপাৱলীৰ ছুটী আৰু দেওবাৰ হোৱাৰ বাবে পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ স্থান দলংখনত পৰ্যটকৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ।

এতিয়ালৈকে মৰবিৰ দলং দুৰ্ঘটনাত ১৩৪ জন লোকৰ মৃত্যু হৈছে৷ ইটিভি ভাৰতে আজি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কথা পাতিছিল ৷ তেওঁলোকে জনোৱা অনুসৰি মীৰাৰ পৰিয়ালৰ ছয়জন সদস্যৰো এই ঘটনাত মৃত্যু হৈছে ৷ এতিয়াও এই ঘটনাত আঠজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে ৷

এই ঘটনাৰ পিছতে পৰিয়ালটোত অথন্তৰ ঘটিছে ৷ উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ সময়ত মীৰা পৰিয়ালৰ প্ৰায় ৩৫ জন সদস্যই এই দলংখন চাবলৈ গৈছিল (Meera family have died)৷

মৃত লোকসকল হৈছে-

নাফিচবেন মেহবোভাই মীৰা (19)

ৰুক্ষনাবেন ৰছিদভাই চৌহান (40)

ছানিয়াবেন ৰছিদভাই চৌহান (18)

ৰোশনবেন ইলিয়াছভাই পাঠান (32)

মাহিয়া ইলিয়াশ্বভাই পাঠান (৬)

ডেনিছ ইলিয়াছভাই পাঠান (3)

এতিয়ালৈ সন্ধানহীন লোকসকলৰ সন্ধান উলিয়াবলৈ মাচ্চু নদীত অনুসন্ধান অব্যাহত ৰাখিছে ৷ অৱশ্যে সন্ধিয়ালৈ উদ্ধাৰ অভিযান বন্ধ কৰি ৰখা হৈছে যদিও মঙলবাৰলৈ এই উদ্ধাৰ অভিযান পুনৰ চলিব ৷ এই ঘটনাত এতিয়ালৈকে দুবছৰীয়া শিশুকে ধৰি 56 গৰাকী শিশু আৰু 34 গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক: Morbi Bridge Collapse Update : শতিকা পুৰণি ওলমা দলং ভাঙি মৃত্যু প্ৰায় 132 জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.