নিউজ ডেস্ক, 28 এপ্ৰিল: নাগালেণ্ডৰ ডিমাপুৰত অসম ৰাইফলছৰ বিশেষ অভিযান ৷ শুকুৰবাৰে ডিমাপুৰত অসম ৰাইফলছে এই অভিযান চলাই এনএছ চি এনৰ এটা ঘাটিত বন্দী হৈ থকা ছয় নাগৰিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Assam Rifles conducted a special operation)। যোৱা ১৩ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিলৰ ভিতৰত এই ছজন লোকক অপহৰণ কৰিছিল বিদ্ৰোহী সংগঠনটোৱে (Assam Rifles rescued six civilians) ৷
ইতিমধ্যে অভিযানকাৰী দলকেইটাই লোক কেইজনৰ মুক্তিপণ পৰিশোধ কৰিবলৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা এন এছ চি এন কেডাৰকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱটে এই কথা সদৰী কৰে (Defense spokesman Lt Col Mohindra Rawat) ৷
গ্ৰেপ্তাৰ কৰা এন এছ চি এমৰ সদস্য কেইজন হৈছে এছ এছ লেঃ খেনিতো আসুমি, এছ এছ দ্বিতীয় লেঃ নেইচন, এছ এছ লেন্স কৰ্পৰেল মুগাহুটো, এছ এছ চাৰ্জেন্ট চোনপেন্থোং মাৰী, এছ এছ চাৰ্জেন্ট কাটোহো য়েপথো (NSCN cadres arrested by Assam Rifles) ৷
আনহাতে, আছাম ৰাইফলছে উদ্ধাৰ কৰা ব্যক্তি কেইজন হৈছে কিকুমাৰ পৰা 25 এপ্ৰিলত অপহৃত মুলুটায়ো কেজো (প্ৰধান শিক্ষক), ডিমাপুৰৰ আকিটো চুমি, 27 এপ্ৰিলত অপহৰণ কৰা বিহাৰৰ ৰাজু গুপ্তা, 21 এপ্ৰিলত অপহৰণ কৰা হোজাই জিলাৰ লংকাৰ ৰাজ কুমাৰ দাস, কাৰ্বি আংলঙৰ লাহৰিজানৰ পিয়াৰ আলী আৰু 13 এপ্ৰিলত ডিমাপুৰৰ পৰা অপহৃত হুৱিটো চুমি (6 abducted citizens rescued from NSCN custody)।
লগতে পঢ়ক: Kidnapping at Namsai: নামচাইত তেল ডিপোৰ গাণনিকক অপহৰণ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ
উল্লেখ্য যে, 27 এপ্ৰিলত অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামত জেড পি এমৰ জেনিয়া নামচূমৰ মালিকানাধীন পেট্ৰল পাম্পত নিশা (Petrol Pump Cashier Kidnapped at Namsai) প্ৰায় ৭.৫০ বজাত তেল ডিপোৰ এজন কৰ্মচাৰী (গাণনিক) দীনেশ শৰ্মাক ৩ জনীয়া অচিনাক্ত অস্ত্ৰধাৰী এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ৷ অপহৃত গাণনিক দীনেশ শৰ্মাৰ ঘৰ বিহাৰত (Kidnapping at Namsai) ৷