ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ নজভিদত ট্ৰাক আৰু অট’ৰ মাজত মূখামুখি সংঘৰ্ষ

author img

By

Published : Mar 14, 2021, 12:34 PM IST

অন্ধ্ৰ প্ৰদেশৰ নজভিদত ট্ৰাক আৰু অট’ৰিক্সাৰ মাজত মূখামুখি সংঘৰ্ষ ৷ ভয়ানক এই সংঘৰ্ষত অট’খনত থকা 6 জনকৈ যাত্ৰী থিতাতে নিহত হয় ৷ ইয়াৰে আহত 6 জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

অন্ধ্ৰ প্ৰদেশৰ নজভিদত ট্ৰাক আৰু এখন অটোৰিক্সাৰ মাজত মূখামুখি সংঘৰ্ষ

নেচনেল ডেস্ক, 14 মাৰ্চ: দেওবাৰে ৰাতিপুৱা অন্ধ্ৰ প্ৰদেশৰ নজভিদত ট্ৰাক আৰু এখন অটোৰিক্সাৰ মাজত মূখামুখি সংঘৰ্ষ হয় ৷ ভয়ানক সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে অটোৰিক্সাত থকা 6 জনকৈ লোকৰ মৃত্যু ঘটে ৷ অট’ত থকা আন 6 জন যাত্ৰীক ততাতৈয়াকৈ নজভিদ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰে আহত 3 জনৰ অৱস্থা অতিকে সংকটজনক বুলি নজভিদৰ গ্ৰাম্য চক্ৰ পৰিদৰ্শক ভেঙ্কট নাৰায়ণে টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, অন্ধ্ৰ প্ৰদেশৰ গোল্লাপল্লী গাঁৱৰ ওচৰত দুৰ্ঘটনাত পতিত হোৱা অট’ৰিক্সাখনত চালকসহ 12 জনকৈ যাত্ৰী আছিল ৷

সংকটজনক অৱস্থাত থকা তিনি গৰাকীকৈ যাত্ৰীক উন্নত চিকিৎসাৰ বাবে বিজয়ৱাড়া চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ সংঘৰ্ষৰ ফলত মৃত্যু হোৱা ব্যক্তিকেইজন ক্ৰমে ৰমেশ, ভুকিয়া নাগৰাজ, বনৱথু স্বনা, ভুকিয়া সোমলা, বাৰ্মাৱত বেবী, বনৱথু নাগু বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ প্ৰশাসনে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩০৪-এ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে পলাতক ট্ৰাক চালকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.