ETV Bharat / bharat

ত্ৰিপুৰাত ছগৰাকী বাংলাদেশী নাগৰিক আটক

author img

By

Published : Mar 2, 2022, 8:50 AM IST

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰে (Indo-Bangladesh border) ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিছিল ছগৰাকী বাংলাদেশী নাগৰিকে ৷ কামৰ সন্ধানত ভাৰতলৈ অহাৰ কথা স্বীকাৰ কৰে (Indo-Bangladesh border at Rishyamukh village) বাংলাদেশী নাগৰিককেইজনে ৷ সম্প্ৰতি বেলোনিয়া আদালতে তেওঁলোকক সাত দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷

Six Bangladeshi Nationals held in Tripura
ত্ৰিপুৰাত ছয়জন বাংলাদেশী নাগৰিক আটক

আগৰতলা, 2 মাৰ্চ : ত্ৰিপুৰা আৰক্ষীয়ে সোমবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত ছয়জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে । ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া উপ-সংমণ্ডলৰ অন্তৰ্গত ৰিচিয়ামুখ গাঁৱৰ ভাৰত-বাংলাদেশ সীমান্তৰ (Indo-Bangladesh border at Rishyamukh village) মাজেৰে ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিককেইজনে ৷

বেলোনিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া স্মৃতি কান্তাবৰ্ধনে সদৰী কৰা অনুসৰি, নিশা প্ৰায় ৯ বজাত ৰিচ্যমুখ আউটপষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ কালিকাপুৰ গাঁৱত এই অভিযান চলাইছিল ৷ আটকাধীন বাংলাদেশী নাগৰিককেইজন সীমান্তৰ ওচৰৰ এটা ঘৰত আশ্ৰয় লৈ আছিল ।

ত্ৰিপুৰাত ছয়জন বাংলাদেশী নাগৰিক আটক

আৰক্ষীৰ প্ৰাথমিক জেৰাৰ সময়ত তেওঁলোক কোনো বৈধ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল ৷ তদুপৰি বাংলাদেশী আগতো তেওঁলোক বাংলাদেশী নাগৰিক হোৱাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে বাংলাদেশী নাগৰিক কেইজনক ভাৰতীয় পাছপোৰ্ট আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ(Arrested under the Indian Passport Act) কথা সদৰি কৰাৰ লগতে বেলোনিয়া আদালতত হাজিৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আটকাধীন বাংলাদেশী নাগৰিককেইজন ক্ৰমে কীৰ্তন দাস, হিমান দাস, সৌৰভ দাস, কৌশিক দাস, বিশ্বজিৎ দাস আৰু সুব্ৰত দাস বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁলোক বাংলাদেশৰ সুনামগঞ্জৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁলোকে কামৰ সন্ধানত ভাৰতলৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে আদালতে তেওঁলোকক সাত দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : বিজ্ঞানক গাঁওসমূহলৈ লৈ যোৱাৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.