নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2021-22 বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা বিভাগত বাজেটৰ পৰিমান বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জনায় ৷ 2021-22 বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা বিভাগৰ বাবে 4.78 লাখ কোটি টকা ধাৰ্য কৰিছে ৷ আনকি, বিগত 15 বছৰৰ ভিতৰত 2021-22 বৰ্ষতে সৰ্বাধিক টকা ধাৰ্য কৰিছে প্ৰতিৰক্ষা বিভাগত ৷
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে সংসদত দাখিল কৰা বাজেট অনুসৰি, প্ৰতিৰক্ষা বিভাগৰ বাবে 4,71,378 কোটি টকা ধাৰ্য কৰা হৈছে ৷ আনহাতে, 2020-21 বৰ্ষত ইয়াৰ পৰিমান আছিল 4,71,378 কোটি টকা ৷
লগতে পঢ়ক : ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ