আগৰতলা,১৩ ছেপ্টেম্বৰ : ত্ৰিপুৰাত ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ প্ৰচলন অব্যাহত । ইয়াৰ মাজতো ত্ৰিপুৰা আৰক্ষীয়ে বহু সৰবৰাহকাৰী আৰু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিছে (Tripura police raid against drugs)। সমান্তৰালকৈ নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্ট (NDPS)ৰ অধীনত আৰক্ষীয়ে তেনে বহু গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । এইবাৰ ত্ৰিপুৰা আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে (Tripura police decision on NDPS act case) ।
ত্ৰিপুৰা ক্ৰাইম ব্ৰাঞ্চে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলে (SIT) এইবাৰ তেনে গোচৰৰ তদন্ত কৰিব (SIT to probe NDPS cases)। জানিব পৰা মতে NDPS আইনৰ অধীনৰ প্ৰায় ৮ টাকৈ গোচৰ আৰক্ষীয়ে SITক হস্তান্তৰ কৰিছে । এক প্ৰেছ বিজ্ঞপ্তিত ত্ৰিপুৰা আৰক্ষীয়ে জনোৱা মতে ৰাজ্যত শেহতীয়াকৈ বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ জব্দ কৰা হৈছে আৰু সেই সন্দৰ্ভত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শীৰ্ষ বিষয়া পৰ্যায়ত আলোচনা হৈছে ।
বিজ্ঞপ্তিত উল্লেখ কৰা মতে ড্ৰাগছৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীয়ে শূণ্য সহনশীলত নীতি গ্ৰহণ কৰিছে । ত্ৰিপুৰাক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে শেহতীয়াকৈ অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ জব্দ কৰা হৈছে । এই বিষয়সমূহত ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত পৰ্যালোচনা হৈছে ।
পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লোৱা হৈছে যে এনে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত দুষ্টচক্ৰক চিনাক্ত কৰাৰ বাবে কেন্দ্ৰীয় আৰু অন্যান্য ৰাজ্যিক সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা হ'ব । আনহাতে পুংখানুপুংখ অনুসন্ধানৰ বাবে ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখাৰ SIT দলক ৮ টা গুৰুত্বপূৰ্ণ গোচৰ স্থানান্তৰ কৰা হ'ব ।
জানিব পৰা মতে ত্ৰিপুৰা আৰক্ষীয়ে যোৱা তিনি বছৰত বহু ড্ৰাগছ আৰু নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত জড়িত ১৬৫৫ জন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষী জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ৬২.৯৫ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে ।
লক্ষণীয়ভাৱে ২০১৯ চনতকৈ ২০২১ চনত জব্দ হোৱা নিষিদ্ধ সামগ্ৰীৰ পৰিমাণ যথেষ্ট বেছি । ২০২১ চনত, প্ৰায় ৪১,৫৬৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হৈছিল, আনহাতে একে বছৰতে আৰক্ষীয়ে ২.৭৯ কোটি টকাৰ ২,০৬,৯৩৯ টা কফ চিৰাপৰ বটল জব্দ কৰিছিল । ২০২১ চনত নিষিদ্ধ হেৰ'ইন ৩৮৫০.৬৩ গ্ৰাম জব্দ কৰা হৈছিল যাৰ মূল্য আছিল প্ৰায় ৩.৮৫ কোটি টকা আৰু প্ৰায় ১৪ লাখ ১৯ হাজাৰ ১৬৯ টা নিচাজাতীয় টেবলেট জব্দ কৰিছে যাৰ বজাৰ মূল্য আনুমানিক ৭.০৯ কোটি টকা হ'ব ।
লগতে পঢ়ক :১২ বছৰৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ জালত গাৰ্হস্থ্য হিংসাৰ অভিযুক্ত