ETV Bharat / bharat

Sikkim gorge accident : ছিকিমৰ দুৰ্ঘটনাত মৃত সৈনিকক বাগডোগ্ৰাত শ্ৰদ্ধাঞ্জলি

author img

By

Published : Dec 24, 2022, 2:20 PM IST

শনিবাৰে বাগডোগ্ৰা বিমানবন্দৰৰ কাৰিকৰী এলেকাত মৃত সৈনিকসকলৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব (Tributes paid to soldier killed in accident in Bagdogra)। শুকুৰবাৰে পুৱা উত্তৰ ছিকিমৰ জেমাত সংঘটিত দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু হৈছিল ।

Sikkim gorge accident
ছিকিমৰ দুৰ্ঘটনাত মৃত সৈনিকক বাগডোগ্ৰাত শ্ৰদ্ধাঞ্জলি

নেশ্যনেল ডেস্ক,২৪ ডিচেম্বৰ : উত্তৰ ছিকিমৰ জেমাৰ দুৰ্ঘটনাক লৈ দেশজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Sikkim army truck accident)। জানিব পৰা মতে দুৰ্ঘটনাটোত নিহত আটাইকেইগৰাকী জোৱানক শনিবাৰে পশ্চিমবংগৰ বাগডোগ্ৰাত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব । শনিবাৰে দুপৰীয়া ১২.৩০ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত বাগডোগ্ৰা বিমানবন্দৰৰ কাৰিকৰী এলেকাত মৃত সৈনিকসকলৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব (Tributes paid to soldier killed in accident)।

সেনাৰ বিবৃতি অনুসৰি শুকুৰবাৰে পুৱা উত্তৰ ছিকিমৰ জেমাত সংঘটিত হৈছিল দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত হয় ভাৰতীয় সেনাৰ এখন ট্ৰাক (Army truck accident in Zema Sikkim)। দুৰ্ঘটনাটোত মৃত্যু হয় ১৬ গৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ ।

জানিব পৰা মতে সেনাৰ ট্ৰাকখন চাটেনৰ পৰা থাংগুলৈ যাত্ৰা কৰি আছিল । যাত্ৰাৰ সময়ত তিনিখন বাহনৰ কনভয়ৰ অংশ আছিল ট্ৰাকখন । কিন্তু জেমাৰ দুৰ্গম পথত সেনাৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গভীৰ খাৱৈত বাগৰি পৰে । ফলত মৰ্মান্তিত দুৰ্ঘটনাটোত ৩ গৰাকী কনিষ্ঠ কমিছনড বিষয়া আৰু ১৩ গৰাকী সৈনিক গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে (16 soldier died in road accident in Sikkim)।

তাৎক্ষণিকভাৱে এক উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু হেলিকপ্টাৰৰ সহযোগত ৪ গৰাকী আহত সৈনিকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । মৃত সৈনিকসকল হৈছে ২৮৫ মেডিকেল ৰেজিমেণ্টৰ নাইব চুবেদাৰ চন্দন কুমাৰ মিশ্ৰ আৰু নাইব চুবেদাৰ ওমকাৰ সিং, লেন্স হাবিলদাৰ গোপীনাথ মাকুৰ, চিপাহী সুখ ৰাম, হাবিলদাৰ চৰণ সিং আৰু ২৬ যান্ত্ৰিক পদাতিক বাহিনী নায়ক ৰবীন্দ্ৰ সিং থাপা (Dead soldier in Sikkim accident)।

২২১ ফিল্ড ৰেজিমেণ্টৰ পৰা নায়ক বৈশাখ এছ আৰু নায়ক প্ৰমোদ সিং নিহত হয় । আনহাতে দুৰ্ঘটনাত মৃত্যু হোৱা ২৫ গ্ৰেনেডিয়াৰৰ ৪ গৰাকী সৈনিক হৈছে ক্ৰমে লেন্সনায়ক ভূপেন্দ্ৰ সিং, নায়ক শ্যাম সিং যাদৱ, নায়ক লোকেশ কুমাৰ আৰু গ্ৰেনেডিয়াৰ বিকাশ কুমাৰ । ৮ ৰাজস্থান ৰাইফলছৰ চুবেদাৰ গুমান সিং আৰু লেন্স হাবিলদাৰ অৰবিন্দ সিং, ১১৩ ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰ লেন্সনায়ক সোমবীৰ সিং আৰু ১৮৭১ ফিল্ড ৰেজিমেণ্টৰ লেন্সনায়ক মনোজ কুমাৰো দুৰ্ঘটনাটোত মৃত্যু হোৱা সৈনিকসকলৰ ভিতৰত আছিল । শ্ৰদ্ধাঞ্জলিৰ পাছতে সৈনিকসকলৰ মৃতদেহ নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Army truck accident : উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.