নেশ্যনেল ডেস্ক, 10 জুলাই : পাঞ্জাৱী গায়ক শুভদীপ সিং সিদ্ধু ওৰফে সিদ্ধু মুছেৱালাৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নেতৃত্বাধীন আম আদমী পাৰ্টি চৰকাৰৰ নিৰাপত্তা হ্ৰাস কৰাৰ সিদ্ধান্তৰ বাবে হত্যাৰ বলি হৈছিল সিদ্ধু মুছেৱালা ৷
গোল্ডি ব্ৰাৰৰ ফোন কল মতে (Goldie Brar made the call): 28 মে'ত সিদ্ধু মুছেৱালাৰ নিৰাপত্তা হ্ৰাস কৰা হৈছিল ৷ যাৰ বাবে কানাডাৰ গেংষ্টাৰ গোল্ডি ব্ৰাৰ নামৰ এজক সিদ্ধু মুছেৱালাক শ্বুট কৰাৰ বাবে হায়াৰ কৰা হৈছিল ৷ অপেক্ষা মাথো 29 মে’লৈ ৷ 29 মে’ত সিদ্ধু মুছেৱালাক হত্যা কৰা হ’ব ৷
ফোন কল ক্লিপ উদ্ধাৰ কৰাৰ পিছত (Disclosure after recording recovery): সিদ্ধু মুছেৱালা ঘৰৰ পৰা যোৱাৰ পিছদিনা 29 মে'ত জৱাহৰকে গাঁৱত তেওঁক হত্যা কৰা হৈছিল । সূত্ৰ অনুসৰি, দিল্লী আৰক্ষীয়ে এজন সৈনিকৰ ম'বাইলৰ পৰা এই কল ৰেকৰ্ডিং উদ্ধাৰ কৰে ৷ তাৰ পাচতে ঘটনা সংক্ৰান্তত সকলো তথ্য পোহৰলৈ আহে ৷
উল্লেখ্য যে, গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰাৰ বাবে মাত্ৰ এটা সুযোগৰ অপেক্ষাত আছিল গেংষ্টাৰ গোল্ডি ব্ৰাৰ ৷ সিদ্ধু মুছেৱালাৰ নিৰাপত্তা হ্ৰাস কৰাৰ তথ্য লাভ কৰিৰ পাচতেই মুছেৱালাৰ ওপৰত নজৰ ৰাখি আছিল ব্ৰাৰে ৷ কেতিয়া, ক’ত আৰু কাৰ লগত সিদ্ধু মুছেৱালা ওলাই যায় সকলো খবৰে ৰাখিছিল গেংষ্টাৰ গোল্ডি ব্ৰাৰে ৷
অনুৰাগীয়েই হ’ল কাল (Crab became a fan): আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে, সিদ্ধু মুছেৱালাই 29 মে'ত প্ৰথমতে ঘৰতে আছিল । কিন্তু তেনে সময়তে তেওঁৰ এজন অনুৰাগী ফটোৰ বাবে মুছেৱালাৰ ঘৰলৈ যায় ৷ মুছেৱালাই তেওঁক লগ পাবৰ বাবে তেওঁৰ সংগী বলদেৱ নিক্কুৰ সৈতে ঘৰৰ পৰা ওলাই আহিছিল ৷
দেহৰক্ষীৰ অবিহনে সিদ্ধু মুছেৱালা ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল ৷ তাৰেই সুযোগ গ্ৰহণ কৰিছিল গেংষ্টাৰ গোল্ডি ব্ৰাৰে ৷ তাৰ পাচত গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু তেওঁৰ সহযোগীয়ে জৱাহৰকে গাঁৱত হত্যা কৰে ৷
লগতে পঢ়ক : সিদ্ধু মুছেৱালা হত্যাকাণ্ড: উত্তৰাখণ্ডত গ্ৰেপ্তাৰ এজন অভিযুক্ত