ETV Bharat / bharat

Sidhi Urination Case : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ধুৱালে ভুৱা ব্যক্তিৰ ভৰি; কংগ্ৰেছৰ আক্ৰমণ

author img

By

Published : Jul 10, 2023, 3:52 PM IST

ভূপালত দশমতক বিশেষ অতিথিৰ মৰ্যাদা প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভৰি ধুৱাই দি তেওঁক আদৰণি জনায় । তাৰ পিছত তেওঁক চৰকাৰী বাহনেৰে ঘৰলৈ লৈ যোৱা হয় । কিন্তু ভুক্তভোগীয়ে যেতিয়া সিধিৰ তেওঁৰ গাঁৱত উপস্থিত হয়, তেতিয়া তেওঁৰ বক্তব্য আছিল সম্পূৰ্ণ বেলেগ ।

Sidhi Urination Case
Sidhi Urination Case

নিউজ ডেস্ক, ১০ জুলাই : মধ্যপ্ৰদেশৰ সিধি প্ৰস্ৰাৱ কাণ্ডই নিতৌ নতুন নতুন মোৰ লৈ আছে । সিধি প্ৰস্ৰাৱ কাণ্ডৰ বাবে বিতৰ্কৰ আৱৰ্তত থকা মধ্যপ্ৰদেশ চৰকাৰে কি কি যে কৰিবলগা হোৱা নাই ! কিন্তু ইয়াৰ মাজতে সিধি প্ৰস্ৰাৱ কেলেংকাৰীয়ে এক নতুন মোৰ লৈছে । এই কাণ্ডত জড়িত ভুক্তভোগী দশমতে এতিয়া ভিডিঅ'টোত তেওঁ থকাটো অস্বীকাৰ কৰিছে । ভুক্তভোগীয়ে ওলোটা বক্তব্য দি কৈছে যে তেওঁ উক্ত ভিডিঅ'টোত নাছিল ।

ইয়াৰ পূৰ্বে প্ৰথমতে অভিযুক্ত বিজেপিৰ কৰ্মী নহয় বুলি কোৱা হৈছিল । তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ভুক্তভোগীৰ ভৰি ধুই ক্ষমা বিচৰাৰ পিছত ভুক্তভোগীয়ে অভিযুক্ত প্ৰবেশ শুক্লাক মাফ কৰি দিয়ে । আনহাতে, বিজেপি চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কুসুম মেহদেলে ভৰি ধুওৱাটো মুখ্যমন্ত্ৰীৰ এক নাটক বুলি বুলি অভিহিত কৰে । অৱশ্যে পিছত তেওঁ সেই টুইটটো মচি পেলায় ।

প্ৰস্ৰাৱ কাণ্ডৰ প্ৰতিদিনে নতুন নতুন কথা উন্মোচন

যেতিয়া প্ৰথম ভিডিঅ'টো ভাইৰেল হৈছিল, তেতিয়া স্থানীয় বিজেপি বিধায়ক কেদাৰ শুক্লাই এই কথা অস্বীকাৰ কৰিছিল যে অভিযুক্ত প্ৰবেশ শুক্লাৰ তেওঁৰ বা বিজেপিৰ সৈতে কোনো সম্পৰ্ক আছে । তাৰ পিছত বিজেপি নেতাসকলে বিষয়টো সম্পৰ্কেও একো কোৱা নাছিল । কিন্তু যেতিয়া ছ'চিয়েল মিডিয়াত প্ৰবেশ শুক্লাৰ নিযুক্তি আৰু ডাঙৰ ডাঙৰ বিজেপি নেতাসকলৰ সৈতে ফটো ভাইৰেল হৈ পৰে, তেতিয়া কিন্তু কোনোৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । যেতিয়া বিতৰ্ক বৃদ্ধি পাইছিল, তেতিয়া মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই সন্ধিয়াৰ ভাগত সংবাদ মাধ্যমৰ সন্মুখত আহি অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই বুলি বিবৃতি দিবলগা হৈছিল । আনহাতে, বিজেপি নেতাসকলে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাৰ্তা দি বিষয়টো প্ৰশমিত কৰিবলৈ চেষ্টা কৰে ।

মুখ্যমন্ত্ৰীয়ে ভৰি ধুই ক্ষমা বিচাৰিলে

ইফালে ভূপালত দশমতক বিশেষ অতিথিৰ মৰ্যাদা প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভৰি ধুৱাই দি তেওঁক আদৰণি জনায় । তাৰ পিছত তেওঁক চৰকাৰী বাহনেৰে ঘৰলৈ লৈ যোৱা হয় । কিন্তু ভুক্তভোগীয়ে যেতিয়া সিধিৰ তেওঁৰ গাঁৱত উপস্থিত হয়, তেতিয়া তেওঁৰ বক্তব্য আছিল সম্পূৰ্ণ বেলেগ । তেওঁ কৈছিল যে সেই ভিডিঅ'টোত তেওঁ নাই ।

তেওঁৰ মনৰ ভিতৰত থকা ভয় এই কথা-বাৰ্তাবোৰত প্ৰতিফলিত হৈছিল । তেওঁ অভিযুক্ত প্ৰবেশ শুক্লাক পণ্ডিত বুলি উল্লেখ কৰে আৰু কয় যে যি ঘটিবলগা আছিল সেয়া ঘটি গৈছে । তেওঁ এতিয়া একো নিবিচাৰে । প্ৰবেশ শুক্লাক ক্ষমা কৰা উচিত । আনহাতে, সিধি প্ৰস্ৰাৱ কাণ্ডক লৈ যথেষ্ট ৰাজনীতিও হয় । ইফালে ব্ৰাহ্মণ সমাজে অভিযুক্তৰ ঘৰ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰিছে ।

উল্লেখ্য, সিধি প্ৰস্ৰাৱ কাণ্ডত বিজেপি চৰকাৰ বেয়াকৈ সোমাই পৰা পৰিলক্ষিত হৈছে । অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ বাবে ব্ৰাহ্মণ সমাজ আগবাঢ়ি আহি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ঘৰটো নতুনকৈ নিৰ্মাণৰ বাবে ৫১,০০০ টকা দাবী কৰে আৰু লগতে অনুদান সংগ্ৰহ কৰে । ইফালে বিজেপিয়ে চৰকাৰৰ প্ৰতিবেদনৰ পিছতো আদিবাসী বিধায়কৰ এক তদন্ত সমিতি গঠন কৰি দিয়ে । ইয়াৰ লগতে কংগ্ৰেছেও এটা তদন্ত দল প্ৰেৰণ কৰে আৰু দলটোৱে ইয়াৰ প্ৰতিবেদন কংগ্ৰেছক দাখিল কৰিছে ।

লগতে পঢ়ক :Himachal Pradesh: পানীৰ মাজত আৱদ্ধ 6 জন লোক; উটি গ’ল শতবছৰ পুৰণি দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.