ETV Bharat / bharat

Indian jailed in Pakistan returns to India: দীপাৱলীৰ দিনাই ঘৰলৈ উভতিল ১৭ বছৰে পাকিস্তানত কাৰাবন্দী এজন ভাৰতীয়

author img

By

Published : Oct 26, 2022, 9:43 AM IST

বিহাৰৰ সুপলৰ শ্যামসুন্দৰ দাসক ১৭ বছৰৰ বাবে পাকিস্তানৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল । দাসে তেঁওৰ পাঁচজন সঙ্গীৰ সৈতে ২০০৫ চনত অমৃতসৰৰ পৰা অনিচ্ছাকৃতভাৱে পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল । সেই অপৰাধতে গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজন লোকক(Indian jailed in Pakistan returns to India) ।

Shayam Sundar Of Bihar Returned From Pakistan Jail
দীপাৱলীৰ দিনাই ঘৰলৈ উভতিল ১৭ বছৰে পাকিস্তানত কাৰাবন্দী এজন ভাৰতীয়

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: ১৭ বছৰ ধৰি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা এগৰাকী ভাৰতীয়ৰ সোমবাৰে অৰ্থাৎ দীপাৱলীৰ দিনাই বিহাৰৰ নিজৰ পৰিয়ালৰ সৈতে পুনৰ মিলন ঘটে(Shayam Sundar Of Bihar Returned From Pakistan Jail) । সূত্ৰ অনুসৰি, বিহাৰৰ ভৱানীপুৰ দক্ষিণ পঞ্চায়তৰ বাসিন্দা ভগৱান দাসৰ পুত্ৰ লাল শ্যামসুন্দৰ দাসে ২০০৫ চনত তেঁওৰ কেইজনমান সঙ্গীৰ সৈতে জীৱিকা অৰ্জনৰ লক্ষ্যৰে পঞ্জাৱলৈ গৈছিল(Indian jailed in Pakistan returns to India) ।

শ্যামসুন্দৰে পাঁচজন সঙ্গীৰ সৈতে অমৃতসৰৰ পৰা পাকিস্তানৰ সীমা অতিক্ৰম কৰি অনিচ্ছাকৃতভাৱে পাকিস্তানত উপস্থিত হৈছিল । ইয়াৰ পাছতেই পাকিস্তান আৰক্ষীয়ে তেঁওলোকক সোধা-পোচা কৰাত উপযুক্ত নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ ফলত তেঁওলোকক গ্ৰেপ্তাৰ কৰিছিল আৰু ন্যায়িক জিম্মাত ৰাখিছিল । তেওঁৰ সৈতে গ্ৰেপ্তাৰ হোৱা পাঁচজনক জেৰা আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত ছয় মাহৰ পিছত মুকলি কৰি দিয়া হৈছিল আৰু পাকিস্তান আৰক্ষীয়ে ভাৰতলৈ প্ৰেৰণ কৰিছিল । যিহেতু শ্যামসুন্দৰৰ মানসিক অৱস্থা ভাল নাছিল গতিকে তেওঁ সেই সময়ত কোনো শুদ্ধ তথ্য দিব পৰা নাছিল ।

ফলস্বৰূপে, তেওঁ পাকিস্তানৰ কাৰাগাৰতে ১৭ বছৰ কটাব লগা হৈছিল । পাকিস্তান দূতাবাসে শ্যামসুন্দৰক ভাৰতীয় দূতাবাসৰ পৰাও ভাৰতীয় হোৱাৰ প্ৰমাণ দাবী কৰিছিল । কিন্তু তেওঁৰ সঠিক অৱস্থানৰ তথ্যৰ অভাৱৰ বাবে তেওঁ ১৭ বছৰ কাৰাগাৰত কটাইছিল । শ্যামৰ দেউতাক ভগৱান দাসে কয় যে ২০২১ চনত তেঁওলোকে শ্যামসুন্দৰ পাকিস্তানৰ কাৰাগাৰত থকাৰ খবৰ লাভ কৰিছিল । তেতিয়াৰ পৰা তেঁওলোকে প্ৰতাপগঞ্জ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰি শ্যামসুন্দৰক পাকিস্তানৰ পৰা ঘূৰাই অনাৰ বাবে সহায় বিচাৰিছিল ।

ভগৱান দাসে শ্যামসুন্দৰ এজন ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ আৰক্ষীক প্ৰদান কৰিছিল । যোৱা বছৰ প্ৰতাপগঞ্জ SHO ৰ দ্বাৰা উপযুক্ত প্ৰমাণসমূহ ভাৰতীয় দূতাবাসলৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ আধাৰতে পাকিস্তান চৰকাৰে চলিত বৰ্ষৰ ২৯ ছেপ্টেম্বৰত শ্যামসুন্দৰক মুকলি কৰি দিয়ে । মুকলি হোৱাৰ পিছত ইণ্ডিয়ান ৰেডক্ৰছ চছাইটিয়ে শ্যামক অমৃতসৰৰ গুৰু নানক দেৱ চিকিৎসালয়ত পঞ্জাৱ আৰক্ষীৰ তত্বাৱধানত ৰাখিছিল(Shyamsundar of Bihar Returned Home) । পৰৱৰ্তা সময়ত পঞ্জাৱ আৰক্ষীয়ে সুপল আৰক্ষী অধীক্ষকক শ্যামসুন্দৰ ভাৰতলৈ অহা আৰু চিকিৎসাৰ বাবে গুৰু নানক দেৱ চিকিৎসালয়ত ৰখাৰ বিষয়ে অৱগত কৰিছিল ।

ইয়াৰ পিছত, সহকাৰী উপ পৰিদৰ্শক মুন্না কুমাৰ আৰু কনিষ্টবল চম্পু কুমাৰক পঞ্জাৱৰ পৰা শ্যাম সুন্দৰক আনিবলৈ অমৃতসৰলৈ প্ৰেৰণ কৰা হৈছিল । শ্যামক অৱশেষত ২৪ অক্টোবৰত ঘূৰাই অনা হৈছিল আৰু দীপাৱলীৰ দিনাই ঘৰলৈ উভতিল শ্যামসুন্দৰ । শ্যামৰ পৰিয়ালে তেওঁলোকৰ জীৱনৰ আটাইতকৈ সুখ আৰু আনন্দৰ দীপাৱলীটো উদযাপন কৰে বুলি কৰিলে প্ৰকাশ ।

লগতে পঢ়ক: Snake attacks owner: গাখীৰ খুৱাই সাপ নুপুহিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.