ETV Bharat / bharat

দশক যোৰা শত্ৰুধৰ্ম পালন কৰি একালৰ বন্ধুৱে আদালততে হত্যা কৰিলে বন্ধুক - গেং ৱাৰ

বন্ধুৰ মাজত আৰম্ভ হোৱা দশক যোৰা শত্ৰুতাত নিহত হৈছে 20 জনৰো অধিক লোক ৷ অৱশেষত বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ ৷ ক’ত কিদৰে সংঘটিত হৈছে এই ঘটনা জানো আহক ৷

shots-fired-at-delhi-rohini-court-premises
দশক যোৰা শত্ৰুধৰ্মৰ পালন কৰি একালৰ বন্ধুৱে আদালততে হত্যা কৰিলে বন্ধুক
author img

By

Published : Sep 24, 2021, 6:43 PM IST

নেশ্বনেল ডেস্ক, 24 ছেপ্টেম্বৰ : সাম্প্ৰতিক সময়ত ৰাজধানী দিল্লীত গেংৱাৰ সমূহৰ ভিতৰত আটাইতকৈ বিপদজনক গেংৱাৰ জিতেন্দ্ৰ ওৰফে গোগী আৰু সুনীল ওৰফে টিলুৰ মাজত চলি আছে । প্ৰায় এক দশক ধৰি চলি থকা গেংৱাৰত দুয়োটা দলৰ 20 জনৰো অধিক লোক নিহত হৈছে । কেতিয়াবা এই দলবোৰৰ যুদ্ধৰ বাবে পদপথৰ সাধাৰণ মানুহো ভুক্তভোগী হৈ পৰিছে । শুকুৰবাৰে, গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গোগীক ৰোহিণী আদালতত হত্যা কৰা হয় ৷ ঘটনা সন্দৰ্ভত সুনীল ওৰফে টিলুৰ নাম সমুখলৈ আহিছে ৷

আৰক্ষী সূত্ৰ অনুসৰি, তাজপুৰিয়া গাঁৱৰ বাসিন্দা সুনীল ওৰফে টিলুৱে নিজেই এটা গেঙৰ নেতৃত্ব দিয়ে ৷ আনহাতে, আনটো গেং জিতেন্দ্ৰ ওৰফে গোগীয়ে চলাইছিল । সম্প্ৰতি দুয়োজনেই কাৰাগাৰত আছিল । ইয়াৰে টিলু বহু বছৰ কাৰাগাৰত থকাৰ বিপৰীতে, গোগীক ২০২০ চনত দিল্লী আৰক্ষীৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ দলে গ্ৰেপ্তাৰ কৰিছিল ।

ইয়াৰ পূৰ্বে ২০১৬ চনত পানীপথ আৰক্ষীয়ে তেওঁক অবৈধ অস্ত্ৰৰে গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু কেইমাহমান পিছত দুৰ্বৃত্তসকলে তেওঁক আৰক্ষীৰ জিম্মাৰ পৰা উলিয়াই পলাই যায় । গোগী আৰু তেওঁৰ সহযোগীসকলে পলাই যোৱাৰ পিছৰে পৰা টিলু দলটোৰ কেইবাজনো সদস্যক হত্যা কৰিছিল ।

গোগীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ ওপৰত ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । গোগী আছিল দিল্লী আৰক্ষীৰ বাবে এজন ম’ষ্ট ওৱান্টেড ক্ৰিমিনেল ৷ অৱশেষত প্ৰায় ৬ মাহৰ কঠোৰ পৰিশ্ৰমৰ পিছত কাউণ্টাৰ ইন্টেলিজেন্স দলে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, তাজপুৰিয়া গাঁৱৰ সুনীল মান ওৰফে টিলু আৰু চুবুৰীয়া গাঁৱত বাস কৰা জিতেন্দ্ৰ বহুত ভাল বন্ধু আছিল ।

দুয়োজনে প্ৰতিদিনে ইজনে সিজনৰ সৈতে ঘন্টাৰ পিছত ঘণ্টা অতিবাহিত কৰিছিল, কিন্তু 2012 চনত, মহাবিদ্যালয় নিৰ্বাচনক লৈ এই বন্ধুত্ব শত্ৰুতালৈ ৰূপান্তৰিত হৈছিল । মহাবিদ্যালয়ৰ নিৰ্বাচনত, দুয়োজনে বিভিন্ন প্ৰাৰ্থীক সমৰ্থন কৰিছিল, যাৰ ফলত আৰম্ভ হৈছিল এই শত্ৰুতা । জিতেন্দ্ৰ ওৰফে গোগী আৰু তেওঁৰ সহযোগীসকলে প্ৰথমে টিলুৰ সংগী কুনালক প্ৰহাৰ কৰিছিল । ইয়াৰ পিছত আক্ৰমণৰ সময় আহিছিল আৰু এতিয়ালৈকে ২০ টাতকৈও অধিক হত্যাকাণ্ড সংঘটিত হৈছে ।

এই গেং দুটাৰ অপৰাধৰ কিছু তথ্য :

21 জানুৱাৰী, 2015 তাৰিখে, গোগীয়ে আদৰ্শ নগৰত টিলুৰ সহযোগী ৰাজুক হত্যা কৰিছিল ।

23 ফেব্ৰুৱাৰী, 2015 তাৰিখে, টিলু গেঙে অৰুণ কমাণ্ডোক হত্যা কৰিছিল ।

টিলু গেঙে সানিপটত গোগীৰ সৈতে জড়িত নিৰঞ্জন মাষ্টাৰক হত্যা কৰিছিল ।

নিৰঞ্জন মাষ্টাৰৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে গোগীয়ে আলিপুৰত টিলুৰ বিশেষ সহযোগী বিকাশ আলুৰ ভাতৃ সুমিতক হত্যা কৰে ।

যেতিয়া গোগীয়ে টিলুৰ সম্পৰ্কীয় দেৱেন্দ্ৰ প্ৰধানক হত্যা কৰিছিল, টিলু গেঙে ইয়াৰ প্ৰতিশোধ ল'বলৈ বাকাউলিৰ বাসিন্দা অংকিতক হত্যা কৰিছিল ।

গোগী গেঙে স্বৰূপ নগৰত দীপক ওৰফে বাণ্টিক হত্যা কৰিছিল ।

গোগী গেঙে সানিপটত গায়িকা হৰ্ষিতা দাহিয়াক হত্যা কৰিছিল যি এটা হত্যাৰ গোচৰৰ সাক্ষী আছিল ।

গোগী গেঙে প্ৰশান্ত বিহাৰত ৰবি ভৰদ্বাজ ওৰফে বাণ্টিক হত্যা কৰে ।

16 মাৰ্চ, 2018 তাৰিখে, টিলুৰ সহযোগী অমিত দাবাঙে পীতামপুৰাত মনু নেপালীক গুলীয়াই হত্যা কৰে ।

২০১৮ চনৰ ১৮ জুনত বুৰাৰী অঞ্চলৰ এটা গেংৱাৰত দুয়োটা দলৰ এজন দুৰ্বৃত্তৰ সৈতে এগৰাকী মহিলাসহ দুজন সাধাৰণ লোক নিহত হয় ৷

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জালিয়াতি; কিয় গ্ৰেপ্তাৰ পঞ্চতাৰকা হোটেলৰ মেনেজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.