ETV Bharat / bharat

ভাৰতবৰ্ষত সম্পূৰ্ণ ল’কডাউনৰ প্ৰয়োজন : এন্থনী ফাউচি - ক’ভিড সংক্ৰমণ

কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত 24 ঘন্টাত ভাৰতবৰ্ষত নতুনকৈ 3,68,147 গৰাকী ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 3417 গৰাকী ৰোগীৰ মৃত্যু হয় ৷ হোৱাইট হাউচৰ মুখ্য চিকিৎসা উপদেষ্টা এন্থনী ফাউচিয়ে ক’ভিড সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ভাৰতত কেইসপ্তাহ মানৰ বাবে সম্পূৰ্ণ ল’কডাউন দিয়াৰ কথা ব্যক্ত কৰে ৷

ভাৰতবৰ্ষক ক’ভিড সংক্ৰমণৰ পৰা বাচিবলৈ ল’কডাউনৰ প্ৰয়োজন : এনথনি ফাউচি

author img

By

Published : May 3, 2021, 8:48 PM IST

নেশ্যনেল ডেস্ক, 3 মে’ : সমগ্ৰ দেশতে মহামাৰী কৰ’ণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ কৰ’ণাৰ এই ভয়াৱহতাৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে সবল স্বাস্থ্যসেৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ৷ ৰোগীক অক্সিজেনৰ যোগান ধৰাৰ সমান্তৰালকৈ মানুহে মানুহৰ পৰা সামাজিক দুৰত্ব বজাই ৰাখিলেহে এই সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ'ব ৷ গুৰগাঁৱৰ মেডিচিটিৰ চিকিৎসক ডাঃ নেহা গুপ্তাই কয় যে, "সাপ্তাহিক ল’কডাউনৰ পাচৰে পৰা সোমবাৰে ক’ভিড আক্ৰান্তৰ সংখ্যা কিছু কম হয় ৷ 2020 চনৰ ল’কডাউনৰ পৰা দেখা পোৱা যায় যে ল’কডাউনে কিছু পৰিমাণে হ’লেও আক্ৰান্তৰ সংখ্যা কম কৰে ৷"

কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত 24 ঘন্টাত ভাৰতবৰ্ষত নতুনকৈ 3,68,147 গৰাকী ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 3417 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ কৰ’ণাৰ সংক্ৰমণ কমাবৰ বাবে সোমবাৰৰ পৰা হাৰিয়ানা চৰকাৰে এক সপ্তাহৰ ল’কডাউন ঘোষণা কৰিছে ৷ দিল্লীত ইতিমধ্যে পুনৰ এক সপ্তাহৰ বাবে ল’কডাউন বঢ়াই দিয়া হৈছে ৷ ইফালে বিহাৰত মুখ্যমন্ত্ৰী নিতিশ কুমাৰকো 15 দিনৰ বাবে বিহাৰত ল’কডাউন দিবলৈ নেতাসকলে আহ্বান জনোৱা পৰিলক্ষিত হৈছে ৷

আইএএনএচয়ে কয় "সকলো ধৰণৰ সামাজিক অনুষ্ঠান, মাস্ক পৰিধান কৰাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিলে এই মহামাৰীৰ পৰা হাত সাৰিব পাৰিব ৷" গুপ্তাৰ মতে, সামাজিক দুৰত্ব মানি চলাৰ লগতে, হাত ধোৱা, মাস্ক পিন্ধা আৰু প্ৰতিষেধক গ্ৰহণ কৰাই মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা বাছি থকাৰ উপায় ৷ কেইটামান বছৰলৈ এই নিয়ম সমূহ মানি চলিব লাগিব বুলিও ডাঃ গুপ্তাই উল্লেখ কৰে ৷

হোৱাইট হাউচৰ মুখ্য চিকিৎসক উপদেষ্টা এন্থনী ফাউচিয়ে ক’ভিড সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ভাৰতত কেইসপ্তাহমানৰ বাবে সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক : ক'ভিডৰ প্ৰমাণপত্ৰ অবিহনে পঞ্জাৱত প্ৰৱেশ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.