ETV Bharat / bharat

Shop owner beats employee: দৰমহা বিচৰাৰ বাবেই কৰ্মচাৰীক প্ৰহাৰ মালিকৰ - চাঞ্চল্যকৰ ভিডিঅ’

দৰমহা বিচৰাৰ বাবেই দোকানৰ মালিকে প্ৰহাৰ কৰিলে এজন কৰ্মচাৰীক (Youth brutally tortured inside shop)৷ কেৱল প্ৰহাৰ কৰাই নহয় যুৱকজনক বিভিন্ন ধৰণৰ ভাবুকিও প্ৰদান কৰে মালিকে ৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে ভিডিঅ’ ৷

Shop owner beats employee
Shop owner beats employee
author img

By

Published : Nov 8, 2022, 10:31 PM IST

আগৰতলা, 8 নৱেম্বৰ: ত্ৰিপুৰাত ভাইৰেল হৈছে এটা চাঞ্চল্যকৰ ভিডিঅ’ (Tripura viral video)৷ এখন দোকানৰ ভিতৰত এজন লোকে ৰডেৰে প্ৰহাৰ কৰিছে এজন যুৱকক ৷ ঘটনাটো হৈছে পশ্চিম আগৰতলাৰ ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে পশ্চিম আগৰতলা থানাত গোচৰ দাখিল কৰিছে ৷ সুৰজিৎ নামৰ যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰিছিল অপু সাহা নামৰ লোকজনে (Youth brutally tortured inside shop) ৷

অভিযোগ মতে, আগৰতলা চহৰৰ বিদুৰকাটা শ্ব’মোহনীত থকা অপু সাহাৰ মালিকানাধীন ‘মুফটি’ কাপোৰৰ শ্ব’ৰূমত কৰ্তব্যৰত আছিল সুৰজিৎ ৷ যোৱা প্ৰায় তিনিমাহ ধৰি দোকানখনত কাম কৰিছিল সুৰজিতে ৷ কিন্তু সোমবাৰে বিয়লি মালিকক দৰমহা বিচৰাত মালিক অপু সাহা আৰু আন এগৰাকী কৰ্মচাৰী সাগৰ দাসে প্ৰহাৰ কৰে সুৰজিৎক (Owner beats employee for asking salary) ৷

এই ঘটনাৰ পাচতে ভাৰতীয় জনতা জনজাতি মৰ্চাই ইয়াক তীব্ৰ গৰিহণা দিয়ে ৷ মৰ্চাৰ সাধাৰণ সম্পাদক ডেভিদ দেৱবাৰ্মাই কয় যে, এই ঘটনাক লৈ একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলাইছে ৷

দৰমহা বিচৰাৰ বাবেই কৰ্মচাৰীক প্ৰহাৰ মালিকৰ

যুৱকজনে দোকানখনত বহুদিন ধৰি কাম কৰি আছিল ৷ ত্ৰিপুৰা লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে তেওঁ দুদিন ছুটীও লৈছিল ৷ সোমবাৰে তেওঁ দৰমহাৰ ধন প্ৰদানৰ বাবে অনুৰোধ জনোৱাৰ সময়তে দোকানৰ মালিক অপু সাহাই তেওঁক ফোন কৰি দোকানলৈ মাতে । আহি পোৱাৰ লগে লগে অপু সাহা আৰু আন এজন কৰ্মচাৰী সাগৰ দাসে তেওঁক দোকানৰ ভিতৰতে কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল আৰু অত্যাচাৰ চলাইছিল বুলি অভিযোগ উঠিছে (Tripura Shop owner beats employee) ৷

ডেভিদে আৰু কয় যে, দোকানৰ মালিকে তেওঁক ভয়াৱহ পৰিণতিৰ ভাবুকিও দিছে (Shop owner threats employee) ৷ কিয়নো তেওঁ ৰাজনৈতিকভাৱে শক্তিশালী আৰু পৰিয়ালৰ সদস্যও আৰক্ষীত আছে । তেওঁলোকে যুৱকজনক ভাবুকি দিছিল যে যদি তেওঁ এই কাণ্ড প্ৰকাশ কৰে তেন্তে তেওঁ ক’তো চাকৰি নাপাব আৰু তেওঁ আৰু তেওঁৰ পৰিয়ালে ক্ষতিগ্ৰস্ত হ’ব ।

অপু সাহাৰ কবলৰ পৰা মুক্তি পোৱাৰ পিছত সোমবাৰে নিশা সুৰজিতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে । ত্ৰিপুৰা বিজেপি জনজাতি মৰ্চাই গোচৰটোৰ উচিত তদন্তৰ দাবী জনায় আৰু অভিযুক্ত ব্যক্তিসকলক তৎক্ষণাত উপযুক্ত আইনৰ অধীনত আটক কৰিবলৈ আৰক্ষীক অনুৰোধ জনায় ।

লগতে পঢ়ক: Rape case in Karnataka: 70 বছৰীয়া বৃদ্ধাক ধৰ্ষণ 28 বছৰীয়া যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.