ETV Bharat / bharat

কেলিফৰ্ণিয়াত হত্যা এটা শিখ পৰিয়ালক: দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে পৰিয়ালটোক হত্যাৰ সন্দেহ

author img

By

Published : Oct 7, 2022, 9:45 AM IST

দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে এজন তেওঁলোকৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে শিখ পৰিয়ালটোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আত্মীয়ই (suspect had long dispute) ৷ চলিত সপ্তাহৰ আৰম্ভনিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এটি শিখ পৰিয়ালক অপহৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত চহৰখনৰ এখন বাগিচাৰ সমীপত পৰিয়ালটোৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল (Sikh family members murder California) ৷

Etv BharatSheriff: Slain California family, suspect had long dispute
Etv Bharatদীৰ্ঘদিনীয়া বিবাদৰ বাবে হত্যাকাৰীয়ে শিখ পৰিয়ালক হত্যা কৰাৰ সন্দেহ

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ: কেলিফৰ্ণিয়াত ভাৰতৰ এটা শিখ পৰিয়ালক কৰা হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ ৷ দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে তেওঁলোকৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে শিখ পৰিয়ালটোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আত্মীয়ই (suspect had long dispute)৷ চলিত সপ্তাহৰ আৰম্ভনিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এটি শিখ পৰিয়ালক দুৰ্বৃত্তৰ দ্বাৰা অপহৃত হৈছিল ৷

ইয়াৰ পিছতে ৩৬ বছৰীয়া জছদীপ সিং, ২৭ বছৰীয়া জছলীন কৌৰ, আঠ মাহৰ সন্তান আৰোহী ধেৰী আৰু খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙৰ মৃতদেহ বুধবাৰে সন্ধিয়া ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ সমীপৰ এখন বাগিচাত উদ্ধাৰ কৰা হৈছিল (Kidnapped Sikh family murdered in California)৷ মৃতদেহকেইটা বাগানৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক অৱগত কৰে ৷ পঞ্জাৱৰ হোচিয়াৰপুৰৰ হৰ্চি পিণ্ডৰ মূল বাসিন্দা আছিল পৰিয়ালটো ৷ অৱশ্যে ব্যৱসায়ৰ সূত্ৰে কেলিফৰ্ণিয়াত বাস কৰিছিল পৰিয়ালটোয়ে ৷

সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা জছদীপ আৰু অমনদীপৰ দুহাত বান্ধি এখন জীপত উঠাই দুৰ্বৃত্তই অপহৰণ কৰিছিল দুয়োকে (India Sikh Family kidnaped)৷ এই দৃশ্য আৱদ্ধ হৈছিল সেই স্থানত থকা চিচিটিভি কেমেৰাত ৷ ব্যৱসায় সংক্ৰান্তীয় বিষয় সন্দৰ্ভতে পৰিয়ালটোক অপহৰণ কৰা হৈছিল বুলি সেই সময়তেই সন্দেহ কৰা হৈছিল ৷

ইয়াৰ পিছতে আন এক ভিডিঅ’ৰ জড়িয়তে পোহৰলৈ অহা তথ্য অনুসৰি পৰিয়ালটোৰ চাৰিজন সদস্যক তেওঁলোকৰ ব্যৱসায়স্থলী কেলিফৰ্ণিয়াৰ কৃষিক্ষেত্ৰ চান জোকুইন উপত্যকা চান ফ্ৰান্সিস্কোৰ পৰা প্ৰায় 200 কিলোমিটাৰ দক্ষিণ-পূব মাৰ্কেডত লৈ যোৱা হৈছিল ৷ ভিডিঅ'টোত সন্দেহজনক এজন মানুহক প্ৰথমে খোজ কাঢ়ি থকা দেখা গৈছিল ৷

পৰৱৰ্তী সময়ত অমনদীপ সিঙক পিকআপ ট্ৰাকত হাত বান্ধি ৰখা দেখা গৈছিল ৷ তাৰ পিছত সন্দেহজনক ব্যক্তিজনে চৌহদটোত থকা ট্ৰেইলাৰলৈ ঘূৰি গৈছিল আৰু তাৰ পৰা জছলীন কৌৰ নামৰ পৰিয়ালটোৰ আন এজনক ট্ৰাকলৈ লৈ গৈছিল ৷

দুৰ্ভগীয়া পৰিয়ালটোৰ আত্মীয়ই সন্দেহ কৰা অনুসৰি, অপৰহণকাৰী তথা হত্যাকাৰী জীছাছ ছেলগাডো (48) শিখ পৰিয়ালটোৰ ব্যয়সায়ত কৰ্মৰত এজন প্ৰাক্তন কৰ্মচাৰী আছিল ৷ কৰ্মচাৰীজনৰ লগত পৰিয়ালটোৰ পুৰণা বিবাদ আছিল ৷ ইয়াৰ এবছৰৰ পূৰ্বে জীছাছ ছেলগাডো নামৰ প্ৰাক্তন কৰ্মচাৰীজনে পৰিয়ালটোলৈ ধমকিভৰা মেছেজ আৰু ইমেইল প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক: কেলিফৰ্ণিয়াত অপহৃত শিখ পৰিয়ালৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.