ETV Bharat / bharat

শাৰদ পাৱাৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন - sharad pawar]

এনচিপি প্ৰধান শাৰদ পাৱাৰে দেওবাৰে নিশা তীব্ৰ পেটৰ বিষত ভোগাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । চিকিৎসাৰ অন্তত গম পোৱা গৈছিল যে পাৱাৰে পিত্তথলীৰ সমস্যাত ভূগিছিল ।

শাৰদ পৱাৰৰ সফলভাৱে সম্পন্ন অস্ত্ৰোপচাৰ
শাৰদ পৱাৰৰ সফলভাৱে সম্পন্ন অস্ত্ৰোপচাৰ
author img

By

Published : Mar 31, 2021, 11:52 AM IST

নেশ্যনেল ডেস্ক,31 মাৰ্চ: এনচিপি প্ৰধান শাৰদ পাৱাৰৰ মঙলবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত সফলতাপূৰ্বক অস্ত্ৰোপচাৰ সম্পন্ন হয় । এই কথা মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টপে সদৰী কৰিছে । দেওবাৰে পাৱাৰে (৮০) তীব্ৰ পেটৰ বিষত ভোগাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । চিকিৎসাৰ অন্তত গম পোৱা গৈছিল যে পাৱাৰে পিত্তথলীৰ সমস্যাত ভূগিছিল ।

এনচিপি নেতা নৱাব মালিকে কয় যে, পাৱাৰক পূৰ্ব নিৰ্ধাৰিত অস্ত্ৰোপচাৰৰ এদিন পূৰ্বে পেটৰ বিষৰ যন্ত্ৰণাত ভোগাৰ বাবে মঙলবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বুধবাৰেহে শাৰদ পাৱাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা আছিল । সম্প্ৰতি নেতাগৰাকী সংকটমুক্ত বুলি চিকিৎসকে সদৰী কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে শাৰদ পাৱাৰৰ এণ্ড্ৰস্ক’পিও কৰা হৈছিল । এণ্ড্ৰস্ক’পিৰ পাচতহে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হৈছিল ।

লগতে পঢ়ক: উৰিষ্যাৰ 32 শিক্ষাৰ্থীৰ দেহত ক’ভিডৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.