ETV Bharat / bharat

Shanelle Zubin Irani Wedding: কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ জ্যেষ্ঠ কন্যাৰ আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠান

author img

By

Published : Feb 8, 2023, 6:25 PM IST

জ্যেষ্ঠ কন্যা শ্বেনেল জুবিন ইৰাণীৰ বিবাহৰ বাবে ৰাজস্থানৰ প্ৰসিদ্ধ খিমছৰ দুৰ্গত উপস্থিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী (Union Minister Smriti Irani reached Rajasthan)৷

shanelle-zubin-irani-wedding-at-khimsar-fort-smriti-irani-reaches-venue
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ জ্যেষ্ঠ কন্যাৰ আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠান

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিবাহৰ পিচতে এইবাৰ অন্য এখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ক্যু কি ছাছ ভী কভী বহু থী টেলিভিশ্যন ধাৰাবাহিকৰ তুলসীখ্যাত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ জ্যেষ্ঠ কন্যা শ্বেনেলৰ বিবাহ অনুষ্ঠানৰ আয়োজন এতিয়া সকলোৰে মুখে মুখে ৷ অহা 9 ফেব্ৰুৱাৰীত মন্ত্ৰীগৰাকীৰ স্বামীৰ প্ৰথম পত্নীৰ কন্যা শ্বেনেলে বাগদত্তা অৰ্জুন ভল্লাৰ লগত বিবাহপাশত আৱদ্ধ হ’ব (Shanelle Zubin Irani Wedding) ৷

এই বিবাহ অনুষ্ঠানৰ কাৰণে ইতিমধ্যে ৰাজস্থানৰ প্ৰসিদ্ধ খিমছৰ দুৰ্গ তিনিদিনৰ বাবে অৰ্থাৎ 8 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈ বুক কৰা হৈছে ৷ খিমছৰ দুৰ্গ আজিৰ পৰা প্ৰায় 500 বছৰ পুৰণি ৷ ইতিমধ্যে বিবাহ অনুষ্ঠানৰ বাবে ন কইনাৰ দৰে সজাই তোলা হৈছে দুৰ্গটোক (Union Minister Smriti Irani reached Rajasthan) ৷ বিবাহ অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সৈতে জ্যেষ্ঠ কন্যা শ্বেনেল জুবিন ইৰাণী ৰাজস্থানত উপস্থিত হৈছেহি (Shanelle Zubin Irani Wedding in Khinvsar Fort) ৷

মন্ত্ৰী ইৰাণীয়ে বুধবাৰে পুৱা ৰাজস্থানত উপস্থিত হৈ সংবাদমাধ্যমক সাক্ষাৎ কৰি চিধাই বিবাহস্থলীলৈ ৰাওনা হয় ৷ প্ৰাক্তন মন্ত্ৰী গজেন্দ্ৰ সিং খিনৱচাৰ স্মৃতি ইৰাণীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ৷ জানিব পৰামতে প্ৰাক্তন মন্ত্ৰী খিনৱচাৰে এই সমগ্ৰ বিবাহ অনুষ্ঠানৰ আয়োজনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল (Shanelle Zubin Irani Wedding at Khimsar)৷

8 ফেব্ৰুৱাৰীত বিয়লি দুৰ্গত শ্বেনেলৰ মেহেন্দি আৰু হালধী কাৰ্যসূচী সমাৰোহ সম্পন্ন কৰা হ’ব (Shanelle Zubin Irani Wedding ) ৷ আজি নিশা সংগীত নিশাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷ ইয়াৰ পিচতে 9 ফেব্ৰুৱাৰীত পাৰ্চী আৰু পাঞ্জাৱী দুয়ো ৰীতি-নীতি পালন কৰি শ্বেনেল আৰু অৰ্জুনৰ বিবাহ সম্পন্ন হ’ব (Union Minister Smriti Irani daughter marriage)৷

পৰিয়ালৰ সন্মতিমৰ্মে 2021 চনত শ্বেনেল আৰু অৰ্জুনে অনুষ্টুপীয়াকৈ অনুষ্ঠানেৰে বাগদান কৰিছিল ৷ শ্বেনেল পেছাত এগৰাকী অধিবক্তা, ঠিক তেনেদৰে অৰ্জুন ভল্লাও পেছাত এগৰাকী অধিবক্তা ৷ ভাৰতীয় মূলৰ অৰ্জুনে কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰি তাতে বাস কৰে ৷

উল্লেখ্য যে খিমছৰ দুৰ্গৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্য অতি মনোমোহা দেখা যায় ৷ শ্বেনেলৰ দেউতাক জুবিন ইৰাণী কন্যাৰ বিবাহৰ বাবে মঙলবাৰেই যোধপুৰত উপস্থিত হৈ সংবাদ মাধ্যমক হাতযোৰ কৰি অভিনন্দন জনায় ৷

খবৰ অনুসৰি এই বিবাহৰ উপলক্ষে 50 জনতকৈও অধিক ভিভিআইপি অতিথি খিমছৰ দুৰ্গত উপস্থিত হ'ব। ইয়াৰ ভিতৰত বহুতো ৰাজনৈতিক ব্যক্তিও উপস্থিত থাকিব ৷ খিমছৰ দুৰ্গৰ প্ৰধান আকৰ্ষণ হৈছে অৱস্থিত বালিময় ধোৰা ৷

লগতে পঢ়ক: Sid Kiara wedding: কিয়াৰাই পৰিধান কৰা কালীৰাৰ ওপৰতে চকু পৰিল সকলোৰে, কিন্তু কিয় জানো আহকচোন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.