ETV Bharat / bharat

Sextortion in Bhubaneswar: যৌনকৰ্মীৰ বৃহৎ চক্ৰ উৎখাত; চাৰি নাবালক অভিযুক্তক কিশোৰগৃহলৈ প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:47 PM IST

ডেটিং এপৰ জৰিয়তে প্ৰথমতে বন্ধুত্ব আৰু পাচত শাৰিৰীক সম্পৰ্ক স্থাপন কৰি ব্লেকমেইলিং ৷ নতুন বাহন তথা দামী মোবাইলৰ প্ৰতি থকা আশক্তিৰ বাবে এই পথত ভৰি দিছে একাংশ শিক্ষাৰ্থীয়ে ৷ কিন্তু ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বৰ্তমান আৰক্ষীৰ হাতত এইসকল এটা চক্ৰ ৷ পাঁচজনীয়া চক্ৰটোৰ চাৰিটাই নাবালক ৷

Sextortion in bhubaneswar
যৌনকৰ্মীৰ বৃহৎ চক্ৰ উৎখাত

নিউজ ডেস্ক, ১২ অক্টোবৰ: ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত আৰক্ষীয়ে অভিযান চলাই ‘যৌনকৰ্মীৰ’ এটা বৃহৎ চক্ৰ উৎখাত কৰে । আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰা পাঁচজনীয়া চক্ৰটোৰ চাৰিটাই নাবালক আছিল ৷ পঢ়াৰ বয়সত কম আয়াসত ধন ঘটা তথা দামী মোবাইলৰ লালসাত অপৰাধৰ জগতখনত ভৰি দিছিল অভিযুক্তকেইটাই । আৰক্ষীয়ে এটা অভিযুক্তক আদালতত হাজিৰ কৰা বিপৰীতে চাৰি নাবালক অভিযুক্তক কিশোৰগৃহলৈ প্ৰেৰণ কৰে ।

অভিযোগ অনুসৰি, এই চক্ৰটোৱে "গে ডেটিং এপ"ৰ জৰিয়তে প্ৰথমতে বন্ধুত্বপূৰ্ণ স্থাপন কৰে আৰু পাচত তেওঁলোকক নিৰ্ধাৰিত স্থানত লগ কৰিবলৈ মাতি আনি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৷ ভুৱনেশ্বৰ জ'ন ২ৰ সহকাৰী আৰক্ষী আয়ুক্ত গিৰিজা চক্ৰৱৰ্তীয়ে সদৰী কৰা অনুসৰি, নতুন বাহন চলোৱা আৰু দামী মোবাইল থকাৰ প্ৰতি থকা আবেগৰ বাবে অভিযুক্ত আৰু নাবালককেইটাই একেলগে এটা গেং বনাইছিল । সেই অনুসৰি তেওঁলোকে কলেজৰ পিচত ডেটিং এপ আৰু গে ডেটিং এপত আইডি বনাইছিল আৰু বন্ধুত্বৰ অজুহাতত একাংশক আকৰ্ষিত কৰি ডেটিঙৰ বাবে মাতিছিল ।

ভুক্তভোগীসকল সমকামিতাৰ প্ৰতিও আকৰ্ষিত হৈছিল । ইয়াৰে সুবিধা গ্ৰহণ কৰি এই চক্ৰটোৱে তেওঁলোকক লিংগৰাজ থানা অঞ্চলৰ নিৰ্ধাৰিত স্থানলৈ লৈ গৈ যৌন সম্পৰ্ক স্থাপন কৰিছিল আৰু আন কেইটাই ভিডিঅ' শ্বুটিং কৰিছিল ৷ এই ভিডিঅ’ দেখুৱাই পিচত চক্ৰটোৱে তেওঁলোকক ব্লেকমেইল কৰিছিল ।

এই চক্ৰটোৰ মূল অভিযুক্ত গঞ্জাম জিলাৰ মনোজ ডোৰা বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে অধিক তদন্তৰ বাবে অভিযুক্তকেইটাৰ কেইবাটাও মোবাইল আৰু মটৰ চাইকেল জব্দ কৰিছে । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই দুই ভুক্তভোগীৰ পৰা মুঠ ১ লাখ ১০ হাজাৰ টকা লুট কৰে । ইফালে আৰক্ষীয়ে অভিযুক্তৰ পৰা ৩৪ হাজাৰ নগদ ধন, এটা আইফোন আৰু এখন বাইকসহ কেইবাটাও মোবাইল জব্দ কৰে ।

কেইদিনমান পূৰ্বে অভিযুক্তই এজন ভুক্তভোগীৰ পৰা ফোনপেৰ জৰিয়তে ধন লৈছিল । তাৰ পিচত এই চক্ৰটোৱে তেওঁক নিৰ্মমভাৱে মাৰপিট কৰি বেংক একাউণ্টৰ পৰা ধন উলিয়ায় । ভুৱনেশ্বৰ আৰু খোৰধাৰ দুই ভুক্তভোগীৰ লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে অভিযান চলাই এই চক্ৰটো ধৰা পেলায় ।

লগতে পঢ়ক: Talent search exam: পোহৰলৈ আহিছে শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ শপতনামাৰ ভয়ংকৰ তথ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.