ETV Bharat / bharat

১৫ বছৰ আৰু তাতোকৈ বেছি বয়সৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক ধৰ্ষণ নহয়ঃ এলাহাবাদ উচ্চ ন্যায়ালয়

author img

By

Published : Aug 6, 2021, 9:44 AM IST

Updated : Aug 6, 2021, 9:52 AM IST

স্বামী-স্ত্ৰীৰ সম্পৰ্কক লৈ বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়লয়ে কয় যে, ১৫ বছৰ অথবা তাতোকৈ বেছি বয়সৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণৰ শ্ৰেণীত নপৰে । মুৰাদাবাদৰ খুচাবে আলী নামৰ এজন লোকৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত দিয়ে আদালতে ।

Allahabad High Court
এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা

নেশ্যনেল ডেস্ক, ৬ আগষ্ট: এলাহাবাদ উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । আদালতে কয় যে, ১৫ বছৰ অথবা তাতোকৈ বেছি বয়সৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণৰ শ্ৰেণীত নপৰে । ভাৰতীয় দণ্ডবিধিৰ ৩১৫ নং ধাৰাৰ সংশোধনীৰ অধীনত আদালত এই সিদ্ধান্ত দিয়ে । মুৰাদাবাদৰ খুচাবে আলী নামৰ এজন লোকৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে ।

আদালতে খুচাবে আলীৰ জামিন মঞ্জুৰ কৰে । দৰাচলতে খুচাবে আলীৰ বিৰুদ্ধে কিশোৰী পত্নীক যৌতুকৰ বাবে অত্যাচাৰ কৰা আৰু বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু আৰক্ষীয়ে খুচাবে আলীক গ্ৰেপ্তাৰ কৰিছিল । বৃহস্পতিবাৰে কেইটামান চৰ্ত সাপেক্ষে আদালতে খুচাবেৰ জামিন মঞ্জুৰ কৰে । ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৫ নং(ব্যতিক্ৰম) ধাৰা অনুসৰি, যদি পত্নীৰ বয়স পোন্ধৰ বছৰ অথবা তাতোকৈ অধিক হয়, তেন্তে স্বামীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে তাক ধৰ্ষণ আখ্যা দিব নোৱাৰি ।

আনহাতে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাৰ ১৮৬০ৰ মতে, এগৰাকী মহিলাৰ সৈতে সকলো ধৰণৰ অসন্মতিপূৰ্ণ যৌন সম্পৰ্কক ধৰ্ষণৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে । ফৌজদাৰী আইন সংশোধনী আইন ২০১৩ৰ দ্বাৰা ৩৭৫ নং ধাৰা সংশোধন কৰা হৈছিল, য'ত সহবাসৰ সন্মতিৰ বয়স ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছিল । অৱশ্যে, ৩৭৫ নং ধাৰা(ব্যতিক্ৰম) সংশোধন কৰা হোৱা নাছিল ।

ইয়াৰ ফলত এক বিভ্ৰান্তিৰ হৈছিল, য'ত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ পত্নীৰ সৈতে স্বামীয়ে সন্মতি অবিহনে যৌন সম্পৰ্ক স্থাপনত অনুমতি দিয়া হৈছিল । উল্লেখ্য যে, ২০২০ চনৰ ৮ ছেপ্টেম্বৰত খুচাবে আলীৰ পত্নীয়ে যৌতুকৰ বাবে নিৰ্যাতন, আক্ৰমণ আৰু বলপূৰ্বভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি খুচাবেৰ বিৰুদ্ধে মুৰাদাবাদৰ ভোজপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । এই সন্দৰ্ভত খুচাবে আলীৰ অধিবক্তা কেশৰী নাথ ত্ৰিপাঠীয়ে আদালতত যুক্তি দৰ্শাই কয় যে, দণ্ডাধীশৰ সন্মুখত পত্নীগৰাকীয়ে খুচাবে আলীৰ ভাতৃসকলে বলপূৰ্বকভাৱে যৌন নিৰ্যাতন চলোৱাৰ কথা অস্বীকাৰ কৰিছে । অৱশ্যে, ২০১৭ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দুজনীয়া বিচাৰপীঠে কৈছিল যে,১৮ বছৰৰ অনুৰ্ধৰ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন হৈছে এক প্ৰকাৰৰ ধৰ্ষণ ।

লগতে পঢ়ক:মমতা বেনাৰ্জীৰ সৈতে হাত মিলাব নেকি অখিল গগৈয়ে ?

Last Updated : Aug 6, 2021, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.