ETV Bharat / bharat

Tragic road mishap: ৰৈ থকা ট্ৰাকত দ্ৰুতবেগী স্ক’ৰপিঅ’ৰ খুন্দা; নিহত 7

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 12:31 PM IST

শোকাৱহ পথ দুৰ্ঘটনা ৷ বিহাৰৰ ৰোহতাছ জিলাৰ 2 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত স্ক’ৰপিঅ’ বাহনে খুন্দা মৰাত ৭ জন লোক নিহত হোৱাৰ লগতে 4 জন লোক আঘাতপ্ৰাপ্ত হয় ৷

Tragic road mishap
ৰৈ থকা ট্ৰাকত খুন্দিয়ালে যাত্ৰীবাহী স্ক্ৰপিয়’ই

নেশ্যনেল ডেস্ক, 30 আগষ্ট : বিহাৰৰ ৰোহতাছ জিলাত শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে পুৱাই 3 বজাত 2 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত মহতিয়ালে এখন স্ক্ৰপিঅ’ বাহনে ৷ এই ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোক নিহত হয় ৷ আনহাতে আন 4 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ ততাতৈয়াকৈ স্থানীয় লোকে প্ৰত্যক্ষ কৰি সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰে ৷ মৃত আটাইকেইজন বিহাৰৰ কাইমুৰ জিলাৰ কুদাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

জানিব পৰামতে দুৰ্ভগীয়া পৰিয়ালটো ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা নিজ গাঁৱলৈ উভতি আহি আছিল ৷ কিছু ব্যক্তিগত কামৰ বাবে ৰাঁচীলৈ গৈছিল পৰিয়ালটো । বাহনখনৰ চালকজনে টোপনিওৱাৰ ফলত তেওঁলোকৰ বাহনখনে পিচফালৰ পৰা ৰাজপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে ৷

দুৰ্ঘটনাৰ সময়ত বাহনখনত 12 গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিচতে, আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ লগে লগে স্থানীয় লোকে আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি সমীপৰ চিকিৎসালয় এখনত ভৰ্তি কৰে ৷ ইতিমধ্যে এই দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

আৰক্ষীয়ে সম্প্ৰতি মৃত ব্যক্তিসকলৰ পৰিচয় নিশ্চিত কৰিছে। এই দুৰ্ঘটনাটোৰ পিচতে আৰক্ষীয়ে পৰিয়ালৰ সদস্য সকলক অৱগত কৰিছে । আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ পিচতে পৰিয়ালৰ লোকক চমজাই দিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ এই ঘটনাৰ খবৰ শুনি পৰিয়ালটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: Chhattisgarh healthcare in sick bed: সন্তানৰ মৃতদেহ পলিথিনত বান্ধি ৭০ কিলোমিটাৰ ভ্ৰমণ পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.