ETV Bharat / bharat

Mexico Prison attack: মেক্সিকোৰ কাৰাগাৰত বন্দুকধাৰীৰ আক্ৰমণত নিৰাপত্তাৰক্ষীসহ নিহত ১৪ জন - মেক্সিকোৰ কাৰাগাৰত বন্দুকধাৰীৰ আক্ৰমণত

মেক্সিকোৰ এখন কাৰাগাৰত বন্দুকধাৰীয়ে চলালে আক্ৰমণ । উত্তৰ মেক্সিকোৰ ছিউদাদ জুয়াৰেজ চহৰৰ এখন কাৰাগাৰত চলোৱা এই আক্ৰমণত কাৰাগাৰৰক্ষী আৰু নিৰাপত্তাৰক্ষীসহ ১৪ জনৰ মৃত্য়ু (Armed attack on Mexican prison leaves 14 dead) ।

Armed attack on Mexican prison leaves 14 dead
মেক্সিকোৰ কাৰাগাৰত বন্দুকধাৰীৰ আক্ৰমণ
author img

By

Published : Jan 2, 2023, 11:22 AM IST

ইন্টাৰনেশ্য়নেল ডেস্ক,২জানুৱাৰী: উত্তৰ মেক্সিকোৰ ছিউদাদ জুয়াৰেজ চহৰৰ এখন কাৰাগাৰত দেওবাৰে বন্দুকধাৰীয়ে আক্ৰমণ চলাই ১৪ জন লোকক হত্যা কৰে (Armed attack on Mexican prison)। মৃত সকলৰ ভিতৰত ১০ জন কাৰাগাৰৰক্ষী আৰু নিৰাপত্তাৰক্ষী আছে । ইপিনে, বন্দুকধাৰীৰ দলে আই ভয়াবহ আক্ৰমণৰ মাজতে ২৪ জন কয়েদীক পলাই যোৱাৰ সুবিধা কৰি দিয়ে (allowed 24 inmates to escape)। এই ঘটনাৰ বিষয়ে সদৰি কৰিছে চিহুয়াহুয়া ষ্টেট প্ৰচিকিউটৰৰ কাৰ্যালয়ে (Mexican city of Ciudad Juarez) ।

চিহুয়াহুয়া ষ্টেট প্ৰচিকিউটৰৰ কাৰ্যালয়ৰ এক বিবৃতিত উল্লেখ কৰা মতে, অজ্ঞাত বন্দুকধাৰীৰ দলে অস্ত্ৰসহ এখন বাহনত আহি নিৰ্বিচাৰে গুলীচালনা কৰে (Mexican prison Armed attack)। পুৱা আৰম্ভ হোৱা এই আক্ৰমণ প্ৰায় পাঁচ ঘণ্টা ধৰি চলে । অৱশ্য়ে পিছত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি উক্ত বিবৃতিটোত উল্লেখ কৰা হৈছে । উল্লেখ্য় যে এই আক্ৰমণৰ কিছু সময় পূৰ্বে দুৰ্বৃত্তৰ দলটোৱে কাষচে থকা বুলেভাৰ্ডৰ পৌৰ আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল ।

এই আক্ৰমণৰ সময়ত একাংশ কয়েদীৰ আত্মীয়ই কাৰাগাৰৰ চৌহদৰ বাহিৰত নৱবৰ্ষৰ সভাৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰে সুযোগ লৈ আক্ৰমণকাৰীৰ দলটোৱে কাৰাগাৰৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ আন এটা দলৰ ওপৰত গুলীচালনা কৰে । ফলত এলেকাটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভিতৰত আক্ৰমণকাৰীয়ে অগ্নিসংযোগ কৰাৰ লগতে কাৰাগাৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ।

চিহুয়াহুয়া ষ্টেট প্ৰচিকিউটৰৰ কাৰ্যালয়ে পুনৰ উল্লেখ কৰে যে, সুৰক্ষা বাহিনীয়ে কাৰাগাৰৰ পৃথক চেলত থকা বন্দীসকলৰ সৈতে যুঁজ আৰম্ভ কৰে । এই যুঁজখনত 13 জন লোক আহত হয় । এই সংঘৰ্ষৰ মাজতে কাৰাগাৰত আবদ্ধ হৈ থকা ২৪ জন কাৰাবন্দী পলাই যাবলৈ সক্ষম হৈছিল । ইপিনে, এই ঘটনাটো সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । উল্লেখ্য় যে ইয়াৰ পূৰ্বে ২০০৯ চনৰ মাৰ্চত সংঘটিত আন এক সংঘৰ্ষ আৰু আক্ৰমণৰ সময়ত কাৰাগাৰত বন্দী ২০ জন লোক নিহত হৈছিল ।

আন এক তথ্য় অনুসৰি, ২০২২ চনৰ আগষ্টত প্ৰতিদ্বন্দী দলৰ মাজত হোৱা সংঘৰ্ষত তিনিজন বন্দীৰ মৃত্যু হৈছিল । দেশখনৰ মানৱ অধিকাৰ আয়োগৰ 2022 চনৰ ফেব্ৰুৱাৰীৰ প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, কাৰাগাৰখনত 3,700 ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰখা হৈছে । আয়োগে উল্লেখ কৰা মতে, কাৰাগাৰখনত সৰ্বাধিক 3,135 জন লোকক ৰাখিব পাৰি যদিও কৰ্তৃপক্ষই অধিক বন্দীক ভৰাই ৰাখিছে ।

লগতে পঢ়ক:Corruption of Former Maldivian President: মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ১১ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.