ETV Bharat / bharat

Indian nationals evacuated : স্ব-ভূমিত উপস্থিত লিবিয়াত আবদ্ধ ১৭ ভাৰতীয় - Indian nationals held captive in Lybia

দীৰ্ঘদিন ধৰি লিবিয়াত আবদ্ধ হৈ থকা ১৭ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি স্ব-ভূমিলৈ অনা হ'ল । ভাৰত চৰকাৰ আৰু টিউনিছৰ ভাৰতীয় দূতাবাসৰ প্ৰচেষ্টাৰ অন্তত পাঞ্জাৱ আৰু হাৰিয়ানাৰ নাগৰিকসকল উভতি আহিবলৈ সক্ষম হয় । এটা সশস্ত্ৰ গোটে বন্দী কৰি ৰাখিছিল লোকসকলক ।

Indian nationals evacuated
স্বভূমিত উপস্থিত লিবিয়াত আবদ্ধ ১৭ ভাৰতীয়
author img

By

Published : Aug 21, 2023, 2:26 PM IST

নেশ্যনেল ডেস্ক, ২১ আগষ্ট : ভাৰত আৰু লিবিয়া চৰকাৰৰ সহযোগত অৱশেষত স্বভূমিত উপস্থিত ১৭ ভাৰতীয় । কূটনৈতিক প্ৰচেষ্টাৰ অংশ হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু টিউনিছত থকা ভাৰতীয় দূতাবাসে লিবিয়াত আবদ্ধ হৈ থকা ১৭ গৰাকী ভাৰতীয় নাগৰিকক ঘূৰাই আনিবলৈ সক্ষম হয় । পাঞ্জাৱ আৰু হাৰিয়ানাৰ লোকসকলক ভাৰতলৈ সফলতাৰে স্থানান্তৰিত কৰা হয় । ভাৰতৰ পৰা সৰবৰাহৰ পাছত লিবিয়াৰ জোৱাৰা চহৰত এটা সশস্ত্ৰ গোটে তেওঁলোকক বন্দী কৰি ৰাখিছিল । তেতিয়াৰে পৰা দূতাবাসে লোকসকলৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে ।

সূত্ৰৰ মতে লিবিয়াত আবদ্ধ ভাৰতীয় নাগৰিকসকলৰ পৰিয়ালৰ সদস্যসকলে এই বিষয়টো চলিত বৰ্ষৰ ২৬ মে'ত টিউনিছৰ ভাৰতীয় দূতাবাসৰ দৃষ্টি আকৰ্ষণ কৰিছিল । সূত্ৰই লগতে কয় যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু টিউনিছত থকা ভাৰতৰ দূতাবাসৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত পাঞ্জাৱ আৰু হাৰিয়ানাৰ ১৭ জনীয়া ভাৰতীয় নাগৰিকৰ গোটক সফলতাৰে ভাৰতলৈ স্থানান্তৰ কৰা হয় ।

অৱশ্যে, টিউনিছত থকা ভাৰতীয় দূতাবাসে মে' আৰু জুন মাহত লিবিয়ান কৰ্তৃপক্ষৰ সৈতে আৰু অনানুষ্ঠানিক মাধ্যমৰ জৰিয়তে বিষয়টো নিয়মীয়াকৈ অনুসৰণ কৰিছিল । অৱশেষত ২০২৩ চনৰ ১৩ জুনত লিবিয়ান কৰ্তৃপক্ষই ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু তেওঁলোকে অবৈধভাৱে দেশখনত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকক জিম্মাত ৰখা হয় ।

টিউনিছত ভাৰতীয় ৰাষ্ট্ৰদূত আৰু নতুন দিল্লীৰ জ্যেষ্ঠ বৈদেশিক পৰিক্ৰমা বিষয়াসকলৰ হস্তক্ষেপত লিবিয়ান কৰ্তৃপক্ষই তেওঁলোকক মুকলি কৰিবলৈ সন্মত হয় । লিবিয়াত থকা সময়ছোৱাত দূতাবাসে ভাৰতীয়সকলৰ প্ৰয়োজনীয় বিষয়বোৰ চোৱাচিতা কৰে । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু কাপোৰ আদিও লোকসকলক যোগান ধৰে । যিহেতু তেওঁলোকৰ পাছপোৰ্ট নাছিল, তেওঁলোকৰ ভাৰত ভ্ৰমণৰ বাবে জৰুৰীকালীন প্ৰমাণপত্ৰও জাৰী কৰা হয় ।

ভাৰতীয় দূতাবাসে তেওঁলোকক ভাৰতলৈ উভতি অহাৰ টিকটো প্ৰদান কৰে আৰু টিকটৰ ধন পৰিশোধ কৰে । আবদ্ধ ভাৰতীয় নাগৰিকসকল ২০ আগষ্টৰ সন্ধিয়া নতুন দিল্লীত উপস্থিত হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Pakistan news: লণ্ডনত পাকিস্তান মুছলিম লীগ (এন)ৰ শীৰ্ষ নেতা নৱাজ শ্বৰীফক সাক্ষাৎ কৰিব শ্বাহবাজ শ্বৰীফে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.