ETV Bharat / bharat

Buldhana Bus accident : বুলধানাত তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু 6; গুৰুতৰভাৱে আহত 25 - মহাৰাষ্ট্ৰ জিলাৰ বুলধনা

বুলধনাত ভয়ংকৰ বাছ দুৰ্ঘটনাত 6 গৰাকী যাত্ৰীৰ মৃত্যু আৰু 25 জন যাত্ৰী আহত । শনিবাৰে পুৱা 3 বজাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা ।

Buldhana Bus accident
বুলধানাত ভয়ংকৰ বাছ দুৰ্ঘটনা
author img

By

Published : Jul 29, 2023, 8:36 AM IST

নেশ্যনেল ডেস্ক, 29 জুলাই : মহাৰাষ্ট্ৰ জিলাৰ বুলধনাত ভয়ংকৰ দুৰ্ঘটনা ৷ দুখন যাত্ৰীবাহী বাছৰ সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত 6 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন 25 গৰাকী যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে । শনিবাৰে পুৱা 3 বজাত মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

অমৰনাথৰ পৰা তীৰ্থযাত্ৰা সমাপ্ত কৰি হিংগোলীলৈ গৈ থকা সময়তে এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ বাছখনৰ নম্বৰ MH 08. 9458 । বাছখনত 35 ৰ পৰা 40 গৰাকী তীৰ্থযাত্ৰী আছিল বুলি জানিবলৈ পৰা গৈছে । আনহাতে দুৰ্ঘটনাগ্ৰস্ত আনখন বাছ নাগপুৰৰ পৰা নাচিকৰ অভিমুখে যাত্ৰা কৰিছিল ৷ MH 27 BX 4466 নম্বৰৰ যাত্ৰীবাহী বাছখনত 25 ৰ পৰা 30 গৰাকী যাত্ৰী আছিল বুলি জানিবলৈ পৰা গৈছে । মালকাপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা 6 নং ঘাইপথত দুয়োখন যাত্ৰাবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ হয় আৰু দুৰ্ঘটনাটো সংঘটিত হয় ।

মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন যাত্ৰীবাহী বাছ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ পৰা গৈছে । ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত 6 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে । আনহাতে, দুৰ্ঘটনাটোৰ ফলত 25 গৰাকী যাত্ৰী আহত হৈছে । দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতসকলৰ কিছুসংখ্যকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক বুলধানাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক : Poet Hiren Bhattacharyya: অসমীয়া জাতিটোক জানিবলৈ হীৰুদাকো জনাটো দৰকাৰ; গণশিল্পী লোকনাথ গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.