ETV Bharat / bharat

Devaragattu Bunny Festival 2023: পৰম্পৰাগত লাঠি খেলে প্ৰাণ কাঢ়িলে 3 জনৰ, আহত শতাধিক

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 11:25 AM IST

পৰম্পৰাগত লাঠি খেল চলি থকাৰ সময়তে সংঘটিত হয় হিংসাত্মক ঘটনা । 100 জন লোক আহত হোৱাৰ লগতে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । তিনিৰ মৃত্যু ৷ আৰক্ষীয়ে গ্ৰহণ কৰা কোনো সৰ্তকতামূলক বিধিয়ে হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ সক্ষম নহ’ল ।

Devaragattu Bunny Festival 2023
অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাৰ পৰম্পৰাগত লাঠিখেলৰ দৃশ্যাংশ

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: পৰম্পৰাগত লাঠী খেলৰ সময়তে শোকাৱহ ঘটনা ৷ অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত পৰম্পৰাগত লাঠিখেল চলি থকাৰ সময়তে সংঘটিত হয় হিংসাত্মক ঘটনা । বান্নি উৎসৱ নামেৰে জনপ্ৰিয় পৰম্পৰাগত খেলবিধত হাজাৰ হাজাৰ লোকে উৎসাহেৰে অংশগ্ৰহণ কৰিছিল । উৎসৱটিক কেন্দ্ৰ কৰি আৰক্ষীয়ে বিভিন্ন সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও কোনো কামত নাহিল ।

দেৱৰাগট্টুত অনুষ্ঠানটি চলি থকাৰ সময়ত 100 জন লোক আহত হোৱাৰ লগতে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, কুৰ্নুল জিলাৰ দেৱৰাগট্টুত প্ৰতিবছৰে বিজয়া দশমীৰ দিনা লাঠি যুঁজ খেলাটো এটা পৰম্পৰাত পৰিণত হৈছে । হোলাগুণ্ডা মণ্ডলৰ দেৱৰাগট্টুৰ সমীপৰ পাহাৰত মল্লম্মা আৰু মলেশ্বৰ স্বামীৰ বিবাহ মঙলবাৰে নিশা 12 বজাত সম্পন্ন হয় । ইয়াৰ পিছতে পাহাৰৰ আশে-পাশে থকা পডিয়াগট্টু, ৰক্ষপদ, সমীবৃক্ষম আৰু নখীবাছৱন্নাগুড়িত দেৱতাৰ পোহৰত আনুষ্ঠানিক মূৰ্তিৰ পেৰেড কৰা হয় । এই আনুষ্ঠানিক মূৰ্তিবোৰ পাবৰ বাবে 3 খন গাঁৱৰ মানুহে এটা দল গঠন কৰি আনুষ্ঠানিক মূৰ্তিবোৰৰ সন্মুখত লাঠিৰে ইজনে সিজনৰ মুখামুখি হয় । ইয়াক বান্নি উৎসৱ বুলিও কোৱা হয়।

বান্নি উৎসৱৰ সময়ত হিংসাত্মক পৰিস্থিতি বন্ধ কৰিবলৈ আৰক্ষীয়ে গ্ৰহণ কৰা কোনো সৰ্তকতামূলক বিধিয়ে হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ সক্ষম নহ’ল । চিচি কেমেৰা, ড্ৰ’ন কেমেৰা আৰু বডি অ’ন কেমেৰাৰ সহায়ত অঞ্চলটো নিৰীক্ষণ কৰি থকা হৈছে । প্ৰায় সহস্ৰাধিক আৰক্ষীৰ ওচৰত নিৰাপত্তা গ্ৰহণ কৰিছে । আনকি এই সন্দৰ্ভত সজাগতা কাৰ্যসূচী আৰু অভিযান পৰ্যন্ত চলোৱা হৈছিল ।

দেৱৰাগট্টুত এই উৎসৱ চাবলৈ অহাসকলৰ ভিতৰত তিনিজনৰ মৃত্যু । স্থানীয় ৰাইজে গছজোপাৰ ওপৰত উঠি লাঠিখেল উপভোগ কৰি আছিল । গছৰ ডাল ভাঙি গণেশ আৰু ৰামাজেনেযাল্লু নামৰ দুজনৰ মৃত্যু হয় । আনহাতে শ্বাসৰুদ্ধ হৈ মৃত্য ঘটে আন এজনৰ ৷ 100 জন লোক আহত হয় ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহতসকলক আলুৰু চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: Road Accident at Dhekiajuli : দুৰ্গা দেৱীক লৈ যোৱা গাড়ীৰ খুন্দাত নিহত কণমানি নাতি আৰু আইতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.