ETV Bharat / bharat

ইউৰোপীয় দেশবোৰত ক'ভিশ্বিল্ডৰ কৰ্তৃত্ব প্ৰদানৰ আহ্বান ভাৰতৰ

author img

By

Published : Jun 29, 2021, 7:23 PM IST

ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ইউৰোপীয় ইউনিয়নৰ পৰা জৰুৰীকালীন অনুমোদন বিচাৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই । ১ জুলাইত ডিজিটেল গ্ৰীণ প্ৰমাণপত্ৰ উন্মোচন কৰা হ'ব ইউৰোপীয় দেশবোৰত । কিন্তু এই প্ৰমাণপত্ৰত ক'ভিশ্বিল্ড প্ৰতিষেধকক ক'ভিড প্ৰতিষেধক হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাই । জৰুৰীকালীনভাৱে ক'ভিশ্বিল্ড প্ৰতিষেধক ব্যৱহাৰ কৰাত অনুমোদন জনাবলৈ ইউৰোপীয় ইউনিয়নক ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই আহ্বান জনাইছে ।

Serum Institute is seeking emergency authorisation in the European Union for Covishield jab
ইউৰোপীয় দেশবোৰত ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদানৰ কতৃত্ব প্ৰদানৰ আহ্বান ভাৰতৰ

নেশ্যনেল ডেস্ক, ২৯ জুন: ইউৰোপীয় ইউনিয়নৰ ডিজিটেল গ্ৰীণ প্ৰমাণপত্ৰৰ বাবে অযোগ্য বুলি বিবেচিত হৈছে ক'ভিশ্বিল্ড প্ৰতিষেধক । বিবিচি(BBC)য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ইউৰোপীয় ইউনিয়নত ক'ভিশ্বিল্ড প্ৰতিষেধক জৰুৰীকালীনভাৱে প্ৰদানত অনুমোদন জনাবলৈ আহ্বান জনাইছে । ক'ভিশ্বিল্ড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন নজনালে ইউৰোপীয় দেশ ভ্ৰমণৰ ক্ষেত্ৰত একাংশ লোকে বাধাৰ সন্মুখীন হ'ব । প্ৰমাণপত্ৰখন বৰ্তমান কেৱল ইউৰোপীয় ইউনিয়নৰ নাগৰিককহে প্ৰদান কৰা হ'ব ।

ক'ভিশ্বিল্ড হৈছে এষ্ট্ৰা জেনেকাৰ ভেক্সজেভ্ৰিয়া প্ৰতিষেধকৰ ভাৰতত নিৰ্মিত সংস্কৰণ । ভেক্সজেভ্ৰিয়া ব্যৱহাৰৰ বাবে ইউৰোপীয় ইউনিয়নত কৰ্তৃত্ব দিয়া হৈছে । বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰস্তুত কৰোঁতা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ভাৰতত ক'ভিশ্বিল্ড প্ৰস্তুত কৰিছে । বৰ্তমান ডিজিটেল গ্ৰীণ প্ৰমাণপত্ৰৰ বাবে যোগ্য বুলি বিবেচিত হোৱা প্ৰতিষেধকবোৰক ইউৰোপীয় ঔষধ সংস্থা (ইএমএ)ই অনুমোদন জনাইছে ।

ছিৰামৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই সোমবাৰে জনাইছিল যে, কোম্পানীটোৱে শীঘ্ৰেই এই সমস্যা সমাধান কৰিব বুলি আশা কৰিছে । লগতে তেওঁ কয় যে, ক'ভিশ্বিল্ডক এতিয়ালৈকে ইউৰোপীয় ইউনিয়নত কৰ্তৃত্ব দিয়া হোৱা নাই । ইউৰোপীয় ঔষধ সংস্থা সোমবাৰে বিবিচিক কয় যে, ছিৰাম ইনষ্টিটিউটে এতিয়াও অনুমোদনৰ বাবে আবেদন জনোৱা নাই ।

ইউৰোপীয় আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অথবা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা কৰ্তৃত্ব লাভ কৰা প্ৰতিষেধক গ্ৰহণ কৰা যাত্ৰীসকলক ইউৰোপীয় দেশ ভ্ৰমণৰ অনুমতি দিব নে নাই সেই সিদ্ধান্ত লোৱাৰ দায়িত্ব সদস্য ৰাষ্ট্ৰসমূহৰ ওপৰত এৰি দিছে । ফেব্ৰুৱাৰী মাহত ক'ভিশ্বিল্ডক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা প্ৰতিষেধকৰ তালিকাভুক্ত কৰা হৈছিল । বিবিচিয়ে জনোৱা মতে, ইউৰোপীয় ইউনিয়নলৈ অহা আন্তৰ্জাতিক ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট নহয় । ভাৰতত ক'ভিশ্বিল্ড প্ৰতিষেধক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছে ।

এতিয়ালৈকে প্ৰদান কৰা ৩২৩ বা ততোধিক নিযুত টীকাকৰণৰ ভিতৰত ২৮৪ নিযুতৰো অধিক লোকক ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে । জি-৭ দেশসমূহৰ শেহতীয়া বৈঠকত ভাৰতৰ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কয় যে, ভাৰতে এই মুহূৰ্তত 'ভেকছিন পাছপোৰ্ট'ৰ তীব্ৰ বিৰোধিতা কৰিছে । আনহাতে, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই এক টুইটযোগে প্ৰকাশ কৰে যে, ক'ভিশ্বিল্ড গ্ৰহণ কৰা বহু ভাৰতীয়ই ইউৰোপীয় দেশ ভ্ৰমণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে । তেওঁ সকলোকে আশ্বাস দি কয় যে, শীঘ্ৰেই কূটনৈতিক পৰ্যায়ত এই সমস্যাৰ সমাধান কৰা হ'ব ।

লগতে পঢ়ক: টুইটাৰৰ বিৰুদ্ধে ভাৰতৰ মানচিত্ৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.