আগৰতলা,6 জুন: জ্যেষ্ঠ চিপিআইএম(CPIM) বিধায়ক তথা দলটোৰ অনুসূচীত জাতি (SC)উইঙৰ নেতা সুধন দাসে শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰে ৷ বিধায়কগৰাকীয়ে চৰকাৰখনক অনুসূচীত জাতিৰ কোনো প্ৰতিনিধি কেবিনেটত নথকাৰ বাবে অনুসূচীত জাতিৰ লোকসকলক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷
বিধায়ক গৰাকীয়ে কয় যে, অনুসূচীত জাতিৰ পৰা কেইবাগৰাকীয়ো বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো এজনকো শাসকীয় চৰকাৰখনে কেবিনেটত অন্তৰ্ভূক্ত নকৰিলে ৷ ত্ৰিপুৰাৰ ৰাজনৈতিক ইতিহাসত এই ঘটনা পোন প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা বুলি কয় বিধায়ক গৰাকীয়ে ৷
উল্লেখ্য যে, চিপিআইএম (CPIM) দলৰ অনুসূচীত জাতি (SC) উইঙৰ এটা প্ৰতিনিধিৰ দলে এই সন্দৰ্ভত অনুসূচীত জাতি কল্যাণ বিভাগৰ দপ্তৰত এক বৈঠকত মিলিত হয় ৷ প্ৰতিনিধিৰ দলটোৱে অনুসূচীত জাতি কল্যাণ বিভাগৰ দপ্তৰ পৰিচালকক 11 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
এই স্মাৰক পত্ৰখনত অনুসূচীত জাতিৰ যি সকল লোক বাদ্য বাদক, মৎস ব্যৱসায়ী, চাফাই কৰ্মী আদি জীৱিকাত নিয়োজিত তেনে প্ৰতিটো পৰিয়ালক 7,500 টকাকৈ দিয়াৰ লগতে প্ৰতিজন সদস্যৰ নামত 10 কিল’গ্ৰামকৈ চাউল প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷ ইয়াৰ উপৰিও সুধন দাসে চাফাই কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ লগতে এম জি এনৰেগা জবকাৰ্ডৰ সলনি 1 লাখ টকাৰ ঋণ আৰু খালী পদসমূহত নিযুক্তি, অনুসূচীত জাতিৰ প্ৰতিনিধিসকলৰ বাবে এখন সংসদীয় আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছে ৷