নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : হঠাৎ অসুস্থ হৈ পৰিছে 68 বছৰীয়া তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰায় ৷ বৰ্তমান তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী কলকাতাৰ এপ’ল’ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Senior TMC leader Mukul Roy hospitalized) ৷ হঠাৎ অসুস্থ হৈ পৰাত দেওবাৰে নেতাগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খন ৷ সম্প্ৰতি পূৰ্বতকৈ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ আছিল তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী (Sick Senior TMC leader Mukul Roy) ৷ সেয়ে তেওঁ সঘনে চিকিৎসকৰ লগত যোগাযোগত আছিল ৷ শুকুৰবাৰে অৰ্থাৎ 24 ফেব্ৰুৱাৰীত তেওঁ চেকাপৰ বাবে চিকিৎসালয়লৈ গৈছিল ৷ প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত উক্ত দিনা জ্যেষ্ঠ নেতাগৰাকী ঘৰলৈ উভতি আহে । তাৰ পিচত দেওবাৰে পুনৰ অসুস্থ হৈ পৰাত মুকুল ৰায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
চিকিৎসালয়খনৰ চিকিৎসকে উল্লেখ কৰা অনুসৰি, বৰ্তমান মুকুল ৰায়ৰ স্বাস্থ্য সুস্থিৰ যদিও কিছু চিকিৎসাৰ প্ৰয়োজন ৷ সেয়ে আগন্তুক কেইটামান দিন তেওঁক চিকিৎসয়তে চিকিৎসকৰ নিৰিক্ষণত ৰখা হ’ব মুকুল ৰায়ক ৷ শাৰীৰিক অসুস্থতাৰ বাবে মুকুল ৰায়ে বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ।
লগতে পঢ়ক : NMC team visits Nalbari Medical College: নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতালত নেচনেল মেডিকেল কাউঞ্চিলৰ দল
উল্লেখ্য যে, 2017 চনৰ নৱেম্বৰ মাহত মুকুল ৰায়ে বিজেপিত যোগদান কৰি পশ্চিমবংগ বিজেপিৰ পঞ্চায়ত সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি লাভ কৰিছিল । 2018 চনত গ্ৰাম্য নিৰ্বাচনত বিজেপিয়ে 5,779 গ্ৰামৰ পঞ্চায়ত আসন লাভ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি 38,000 আসন লাভ কৰা টিএমচিৰ পিচতে ৰাজ্যৰ দ্বিতীয় বৃহত্তম দল হিচাপে পৰিগণিত হয় ।
ইয়াৰে পাচত 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত জয়লাভ কৰাৰ পিচত মুকুল ৰায়ক ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত কৰা হয় । সাধাৰণতে এই স্থিতি বিৰোধীয়ে গ্ৰহণ কৰে । সেইবাবেই কৃষ্ণনগৰ উত্তৰ কেন্দ্ৰৰ পৰা জয়লাভ কৰি তেওঁৰ দৰে অভিজ্ঞ ৰাজনীতিবিদক এই পদত নিযুক্তি দিয়া হৈছিল । কিন্তু তাৰ পিচত মুকুল ৰায়ৰ ৰাজনৈতিক জীৱনত বহু পৰিৱৰ্তন ঘটে ৷
2021 চনত নিৰ্বাচনত জয়ী হোৱাৰ পিচত পুনৰ তেওঁৰ পুৰণি দলটোৰ সৈতে বন্ধুত্ব গঢ়ি উঠে । আনকি পৰৱৰ্তী পৰ্যায়ত পুত্ৰ সুব্ৰংশু ৰায়ৰ সৈতে মুকুল ৰায় তৃণমূল কংগ্ৰেছলৈ উভতি আহে ।
লগতে পঢ়ক : Akhil Gogoi in Nia court : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ