ETV Bharat / bharat

Keshari Nath Tripathi passed away: বিজেপিৰ জ্যেষ্ঠ নেতা কেশৰী নাথ ত্ৰিপাঠীৰ দেহাৱসান

পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা বিজেপিৰ জ্যেষ্ঠ নেতা কেশৰী নাথ ত্ৰিপাঠীৰ দেহাৱসান (Keshari Nath Tripathi passes away)। 88 বছৰ বয়সত মৃত্যু ঘটে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ ৷

author img

By

Published : Jan 8, 2023, 9:27 AM IST

Updated : Jan 8, 2023, 11:28 AM IST

Senior BJP leader Keshari Nath Tripathi passed away
প্ৰাক্তন ৰাজ্যপাল তথা বিজেপিৰ জ্যেষ্ঠ নেতা কেশৰী নাথ ত্ৰিপাঠীৰ মৃত্যু

নেশ্যনেল ডেস্ক,8 জানুৱাৰী : বিজেপিৰ জ্যেষ্ঠ নেতা তথা পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীৰ দেহাৱসান (Keshari Nath Tripathi passes away)। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী । তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । বিজেপিৰ প্ৰবীণ নেতাগৰাকী দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত ভুগি আছিল বুলি জানিবলৈ পৰা গৈছে ৷

বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ পুত্ৰ নীৰজ ত্ৰিপাঠীৰ মতে, ৮ জানুৱাৰী দেওবাৰে পুৱা ৫ বজাত প্ৰবীণ নেতা কেশৰী নাথ ত্ৰিপাঠীয়ে শেষ নিশ্বাস ত্যাগ কৰে । বিগত বৰ্ষৰ শেষৰ ফালে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আকুৰা ক্ৰিটিকেল কেয়াৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ (UP Legislative Assembly Keshari Nath Tripathi)। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেশৰী নাথ ত্ৰিপাঠীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি টুইটযোগে কয় যে , "কেশৰী নাথ ত্ৰিপাঠীক তেওঁৰ কাম আৰু মহান চিন্তাধাৰাৰ বাবে সকলোৱে তেওঁৰ প্ৰতি সন্মান আগবঢ়াইছিল । তেওঁৰ সাংবিধানিক বিষয়ত ভাল দখল আছিল বুলি উল্লেখ কৰাৰ লগতে উত্তৰ প্ৰদেশত বিজেপি সংগঠিত কৰাৰ আঁৰত প্ৰয়াত ত্ৰিপাঠীৰ ভূমিকাক সোঁৱৰে ৷"

  • Prayagraj, Uttar Pradesh | Senior BJP leader and former speaker of UP Legislative Assembly Keshari Nath Tripathi passes away, confirms his son Neeraj Tripathi pic.twitter.com/9nFzsEwvuF

    — ANI UP/Uttarakhand (@ANINewsUP) January 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত কেশৰী নাথ ত্ৰিপাঠীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি টুইটটোত উল্লেখ কৰাৰ লগতে কেশৰী নাথ ত্ৰিপাঠীৰ মৃত্যু বেদনাদায়ক বুলি শোক প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত কেশৰী নাথ ত্ৰিপাঠীৰ পৰিয়াল আৰু আত্মীয়-স্বজনলৈ সমবেদনা জ্ঞাপন কৰে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটযোগে কয়, "প্ৰবীণ ৰাজনীতিবিদ, বিজেপি পৰিয়ালৰ জ্যেষ্ঠ সদস্য, পশ্চিম বংগৰ প্ৰিয় প্ৰাক্তন ৰাজ্যপাল শ্ৰী কেশৰী নাথ ত্ৰিপাঠীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো । ভগৱান শ্ৰীৰামে তেওঁৰ পৱিত্ৰ আত্মাক তেওঁৰ চৰণত স্থাপন কৰক । শোকসন্তপ্ত পৰিয়ালটোক এই দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।"

উল্লেখ্য যে, ১৯৩৪ চনৰ ১০ নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্মগ্ৰহণ কৰিছিল কেশৰীনাথ ত্ৰিপাঠীয়ে । তেওঁ আছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল ত্ৰিপাঠী ৷ ১৯৭৭-৭৯ চনত উত্তৰ প্ৰদেশত জনতা পাৰ্টিৰ শাসন কালত তেওঁ মন্ত্ৰী হৈছিল ৷ উত্তৰ প্ৰদেশত ৬ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ আনকি কেশৰীনাথ ত্ৰিপাঠীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল (BJP President Keshari Nath Tripathi) ৷ মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ২০১৪-২০১৯ চনলৈকে ত্ৰিপাঠী পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তদুপৰি কেশৰীনাথ কিছু সময়ৰ বাবে বিহাৰ, মেঘালয় আৰু মিজোৰামৰ ৰাজ্যপাল হয় ৷

ত্ৰিপাঠী ৩ বাৰকৈ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল ৷ জেষ্ঠ নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতে মৰ্মাহত হৈ পৰিছে বিজেপি দলৰ নেতা-কৰ্মীসকল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ ৷

লগতে পঢ়ক : Meghalaya Assembly Polls: মেঘালয়ৰ নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ ৫২ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

Last Updated : Jan 8, 2023, 11:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.