ETV Bharat / bharat

Canada High Commission : কানাডা উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি

author img

By ANI

Published : Sep 19, 2023, 4:18 PM IST

ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্কত বাধা ! কানাডা উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ কেইবাগৰাকী জোৱানক কাৰ্যালয়ৰ বাহিৰত মোতায়েন কৰা হৈছে ।

Canada High Commission
কানাডা উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি

নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ : ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক পৰ্যায়ত সৃষ্টি হোৱা উত্তেজনাৰ পাছতে মঙলবাৰে কানাডা উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ কেইবাগৰাকী জোৱানক কানাডিয়ান উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত মোতায়েন কৰা হয় ।

কানাডাই ভাৰতীয় কূটনীতিবিদক প্ৰথমে বহিষ্কাৰ কৰে আৰু তাৰ কেইঘণ্টামান পাছতে ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও কানাডিয়ান জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰে । ইফালে ভাৰতত কানাডিয়ান উচ্চায়ুক্ত কেমেৰুন মেকেক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় চাউথ ব্লকলৈ মাতি অনাও হয় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে কানাডাৰ উচ্চায়ুক্তক মাতি পঠোৱা হৈছে আৰু ভাৰতত এজন জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সেই কূটনীতিবিদজনক অহা ৫ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈও কোৱা হৈছে । দুয়োখন দেশৰ এনে সিদ্ধান্তই সকলোকে উদ্বিগ্ন কৰি তুলিছে । ইফালে যিকোনো উদ্বিগ্ন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কানাডিয়ান উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

যোৱা জুন মাহত খালিস্তানী সমৰ্থক হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হৈছিল । কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এই হত্যাকাণ্ডত নতুন দিল্লী জড়িত থকাৰ অভিযোগ কৰিছে । আনহাতে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কৰা এই অভিযোগ নস্যাৎ কৰিছে ভাৰতে । কানাডাৰ এই অভিযোগ অযৌক্তিক বুলিও দাবী কৰিছে ভাৰতে ।

আনহাতে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি অনা খালিস্তানীসকলক কানাডাই ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ কৰিছে ভাৰতে । ভিত্তিহীন অভিযোগৰ জৰিয়তে খালিস্তানী সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীসকলৰ পৰা ভাৰতৰ মনোযোগ আঁতৰাব বিচাৰে বুলিও অভিযোগ কৰিছে । ভাৰত চৰকাৰৰ মতে এই বিষয়ত কানাডিয়ান চৰকাৰৰ নিষ্ক্ৰিয়তা দীৰ্ঘদিনীয়া ।

লগতে পঢ়ক :India expels Canadian diplomats: ২৪ ঘণ্টাৰ ভিতৰতে কানাডাক তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.