নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ : সোমবাৰে শ্ৰীনগৰৰ বেমিনা অঞ্চলৰ পৰা সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে 7 টাকৈ গ্ৰেণেড ৷ এই বিস্ফোৰকখিনি পুলিচ প্লাবিক স্কুলৰ ওচৰত এখন সন্দেহযুক্ত বেগৰ পৰা উদ্ধাৰ কৰা হৈছে ৷
চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চৰ মুখপাত্ৰ অভিৰামে ইটিভি ভাৰতক জনোৱা অনুসৰি, সোমবাৰে বেমিনাৰ 28 চিআৰপিএফ বেটালিয়নৰ Quick Action Team ৰ এখন বাংকাৰৰ কাষত উদ্ধাৰ কৰা হৈছে 7 টাকৈ গ্ৰেণেড ৷
বোমা নিস্ক্ৰিয়কাৰী দলে অঞ্চলটোত বিস্ফোৰক পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷
লগতে পঢ়ক : পেগাচাছ কাণ্ড : আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে