ETV Bharat / bharat

Section 144 imposed in Manipur : মণিপুৰত সান্ধ্য আইন জাৰি, ইণ্টাৰনেট কৰ্তন - Internet suspended as mob torches in Manipur

মণিপুৰত হাহাকাৰ পৰিৱেশ । চুৰাচান্দপুৰ জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰিছে প্ৰশাসনে (Internet suspended in Manipur)। মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পূৰ্বে এক অনুষ্ঠানত একাংশ লোকে আক্ৰমণ কৰাৰ পাচতে উত্তেজনা ৰাজ্যখনত ।

Section 144 imposed in Manipur
মণিপুৰত সান্ধ্য আইন জাৰি
author img

By

Published : Apr 28, 2023, 3:20 PM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : অগ্নিগৰ্ভা মণিপুৰ (Tense situation in Manipur)। মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকিবলগীয়া এক অনুষ্ঠান একাংশ লোকে লণ্ডভণ্ড কৰি জ্বলাই দিয়ে । ফলত তীব্ৰ উত্তেজনা সমগ্ৰ ৰাজ্যখনত । ইতিমধ্যে সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰিছে প্ৰশাসনে (Section 144 imposed in Manipur)।

জানিব পৰা মতে, চুৰাচান্দপুৰ জিলাৰ নিউ লামকাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ এক অনুষ্ঠান আছিল । শুকুৰবাৰে পিটি স্পৰ্টচ কমপ্লেক্সত নিৰ্মাণ কৰা এখন মুকলি জিম উদ্বোধন কৰাৰ কথা আছিল । কিন্তু বৃহস্পতিবাৰে নিশা সেই স্থান লণ্ডভণ্ড কৰাৰ লগতে দুৰ্বৃত্তই অগ্নি সংযোগ কৰে (Manipur incident)।

ঘটনাটোৰ পাচতে, প্ৰশাসনে চিআৰপিচিৰ ধাৰা ১৪৪ ৰ অধীনত সান্ধ্য আইন জাৰি কৰে আৰু সমগ্ৰ জিলাখনত ইণ্টাৰনেট সেৱা তাৎক্ষণিকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে (Internet suspended as mob torches in Manipur)। ২৮ এপ্ৰিল পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ চাৰাচান্দপুৰ জিলাত সম্পূৰ্ণ বন্ধৰো আহ্বান জনোৱা হৈছে । সামাজিক মাধ্যম আৰু নেটৱৰ্কিং ছাইটৰ জৰিয়তে প্ৰতিবাদৰ বাবে ৰাইজ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত চাৰাচান্দপুৰ জিলাত ৰাইজৰ অস্থিৰতা আৰু বেআইনী কাৰ্যকলাপ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে ।

তেনে পৰিস্থিতিৰ কথা চিন্তা কৰিয়ে চাৰাচান্দপুৰ জিলাত ইণ্টাৰনেট বা ম'বাইল ডাটা তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ আৰু স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু পৰিস্থিতি উন্নত নোহোৱালৈকে ইয়াক বৃদ্ধি কৰাৰো অনুৰোধ জনোৱা হৈছে । নিৰ্দেশটোত লগতে কোৱা হৈছে যে পাঁচ বা ততোধিক ব্যক্তি একগোট হ'ব নোৱাৰিব । যিকোনো অস্ত্ৰ যেনে লাঠি, শিলৰ আগ্নেয়াস্ত্ৰ আদিৰ ব্যৱহাৰ আৰু সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । শান্তি ভংগ, ৰাজহুৱা প্ৰশান্তিৰ দৰে কাৰ্যকলাপত প্ৰশাসনক কঠোৰ দৃষ্টি ৰাখিবলৈও কোৱা হৈছে । উক্ত ঘটনাটোৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক :144 in Dima Hasao: ডিএনএলএৰ সৈতে চুক্তি স্বাক্ষৰৰ পাচতেই ডিমা হাছাওত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.