নেশ্যনেল ডেস্ক,15 ফেব্ৰুৱাৰী: ক'ভিড-19 প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ শেষত সোমবাৰৰ পৰা কৰ্ণাটকত আৰম্ভ কৰিছে দ্বিতীয় পালি প্ৰদানৰ সকলো যাৱতীয় কাম ৷ ৰাজ্যখনৰ প্ৰথম পালি গ্ৰহণ কৰা চিকিৎসা কৰ্মীসকলক পুনৰ দ্বিতীয় পালি প্ৰদান কৰা হ'ব ৷ উল্লেখ্য যে, কাৰিকৰী বিসংগতিৰ বাবে 13 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা টীকাকৰণ অভিযান 15 ফেব্ৰুৱাৰীলৈ স্থগিত ৰখা হৈছিল ৷
ইয়াৰ পূৰ্বে 16 জানুৱাৰীত ৰাজ্যখনৰ মুঠ 13,408 গৰাকী চিকিৎসা কৰ্মীক প্ৰদান কৰা হৈছিল ক'ভিড-19 প্ৰতিষেধকৰ প্ৰথম পালি ৷ মন্ত্ৰী সুধাকাৰে এক টুইট যোগে প্ৰকাশ কৰে যে, ৰাজ্যজুৰি 4,09,836 গৰাকী স্বাস্থ্য কৰ্মী আৰু 86,798 গৰাকী আগশাৰীৰ ক’ভিড কৰ্মীক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছিল ৷ গতিকে তেওঁলোকৰ বাবে দ্বিতীয় পালি গ্ৰহণ কৰাটো বাধ্যতামূলক ৷
লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশত গৰ্ভৱতী মহিলাৰ পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত