ETV Bharat / bharat

ক’ভিডৰ দ্বিতীয় ঢৌত অধিক আক্ৰান্ত হৈছে নৱ প্ৰজন্ম - Uttarakhand covid data

ক’ভিড 19 ৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে যে, 30-39 আৰু 40-49 বছৰ বয়সৰ লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি আৰু 60 বছৰৰ ঊৰ্ধৰ লোকৰ মৃত্যুৰ সংখ্যা হ্ৰাস হৈছে ৷ ইয়াৰ দ্বাৰা এইটোৱে প্ৰতীয়মান হৈছে যে, ক’ভিড 19 ৰ দ্বিতীয় ঢৌৱে প্ৰাপ্তবয়স্ক লোকক সংক্ৰমণ কৰাতকৈ নৱ প্ৰজন্মক বেছি সংক্ৰমিত কৰিছে ৷

ক’ভিডৰ দ্বিতীয় ঢৌৱে আক্ৰমণ কৰিছে নৱ প্ৰজন্মক

author img

By

Published : May 23, 2021, 9:49 AM IST

Updated : May 23, 2021, 10:53 AM IST

নেশ্যনেল ডেস্ক,23 মে’: দেশত অব্যাহত ক’ভিড-19 ৰ দ্বিতীয় ঢৌ অধিক ভয়াৱহ হৈ উঠিছে ৷ এয়া ভাইৰাছবিধৰ প্ৰথম ঢৌতকৈ বেছি সংক্ৰামক হিচাপে পৰিচিত হৈছে ৷ এইবেলি প্ৰাপ্তবয়স্ক লোকৰ তুলনাত নৱ প্ৰজন্মৰ মাজত কৰ’ণাৰ সংক্ৰমণ অধিক হোৱা দেখা গৈছে ৷ উত্তৰাখণ্ডৰ ৰাজ্যিক ক’ভিড 19 নিয়ন্ত্ৰণ কক্ষই প্ৰদান কৰা তথ্য অনুসৰি, আক্ৰান্তৰ সংখ্যা দুয়োটা ঢৌতে একেই আছে ৷ অৱশ্যে, ক’ভিড 19 ৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য আছে ৷ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 30-39 আৰু 40-49 বছৰীয়া লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি আৰু 60 বছৰৰ ঊৰ্ধৰ লোকৰ মৃত্যুৰ সংখ্যা হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে ৷

উত্তৰাখণ্ড ৰাজ্যিক ক’ভিড 19 নিয়ন্ত্ৰণ কক্ষৰ মতে, 1 মে’-20 মে’ৰ ভিতৰত 9 বছৰ বয়সৰ 2,044 টা শিশু আৰু 10-19 বছৰ বয়সৰ 8,661 জন কিশোৰৰ ক্ষেত্ৰত কৰ’ণাৰ সংক্ৰমণ পোৱা গৈছিল ৷

তথ্য অনুসৰি, 20-29 বছৰ বয়সৰ 25,299 গৰাকী, 30-39 বছৰ বয়সৰ 30,753 গৰাকী আৰু 40-49 বছৰ বয়সৰ 23,414 গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ একেদৰে, 50-59 বছৰৰ 16,164 গৰাকী, 60-69 বছৰৰ 10,218 গৰাকী, 70-79 বছৰৰ 4,757 গৰাকী, 80-90 বছৰৰ 1500 গৰাকী আৰু 90 বছৰৰ ঊৰ্ধৰ 139 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছিল ৷ স্বাস্থ্য সচিব অমিত নেগীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰায় 20 দিনৰ ভিতৰত 1,22,949 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷

লগতে চাওকঃ সোমবাৰে পৰৱৰ্তী চিবিআই মুৰব্বী বাছনি কৰাৰ সম্ভাৱনা

Last Updated : May 23, 2021, 10:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.