ETV Bharat / bharat

COVID ১৯: গোৱাত ১৪৪ ধাৰা আইন জাৰি - কৰ'ণা প্ৰতিষেধক

গোৱা চৰকাৰে হোলী, সব-ই-বৰাট, ইষ্টাৰ আৰু ঈদ উদযাপনৰ বাবে ১৪৪ ধাৰা আইন জাৰি কৰিছে । জন সমাগমে মহামাৰীৰ সংক্ৰমণৰ আশংকা বৃ্দ্ধি কৰিব বুলি দণ্ডাধীশ অজিত ৰয়ে কয় । যদিহে কোনো ব্যক্তিয়ে এই আইন উলংঘা কৰে, তেন্তে সেই ব্যক্তিক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ ৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব ।

COVID-১৯: গোৱাত ১৪৪ ধাৰা আইন জাৰি
COVID-১৯: গোৱাত ১৪৪ ধাৰা আইন জাৰি
author img

By

Published : Mar 28, 2021, 10:13 AM IST

নেশ্যনেল ডেস্ক,২৮ মাৰ্চ: বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । ইতিমধ্যে ভাৰতে কৰ'ণা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে যদিও এতিয়াও মাৰ যোৱা নাই কৰ'ণাৰ আতংক । ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহে বান্ধি দিছে ক'ভিড প্ৰটকল । গোৱা চৰকাৰেও বান্ধি দিছে ক'ভিড প্ৰটকল ।

আজি হোলী । চৌদিশে আবিৰৰ ৰঙেৰে ৰঙীন পৰিৱেশৰ সময়তে সব-ই-বৰাট, ইষ্টাৰ আৰু ঈদ উদযাপনৰ বাবে ১৪৪ ধাৰা আইন জাৰি কৰিছে । গোৱাত COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ মাজতে শনিবাৰে উত্তৰ গোৱাৰ জিলা দণ্ডাধীশ অজিত ৰয়ে গোৱাৰ বাসিন্দাসকলক বৃহৎ সমাৱেশৰ আয়োজন নকৰিবলৈ পৰামৰ্শ দিয়ে । জন সমাগমে মহামাৰীৰ সংক্ৰমণৰ আশংকা বৃ্দ্ধি কৰিব বুলি দণ্ডাধীশ অজিত ৰয়ে এইদৰে কয় । যদিহে কোনো ব্যক্তিয়ে এই আইন উলংঘা কৰে তেন্তে সেই ব্যক্তিক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ ৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব বুলি কয় । ৰাজ্যিক স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১৭০ টা সক্ৰিয় ঘটনাৰে গোৱাত বৰ্তমান ১,৩৭৯ টা সক্ৰিয় ঘটনা আছে । ৰাজ্যখনত এতিয়ালৈ ৮২৪ জনৰ মৃত্যু হৈছে ।

উল্লেখ্য যে,গোৱাত সোমবাৰে হোলী উদযাপন কৰা হ'ব ৷ আনহাতে ৪ এপ্ৰিলত ইষ্টাৰ আৰু দেওবাৰে সব-ই-বৰাট পালন কৰা হ'ব । ইয়াৰ পূৰ্বে গোৱা চৰকাৰে COVID-১৯ ৰ সংক্ৰমণৰ বাবে ৰাজ্যখনৰ ছিগম' উৎসৱৰ পেৰেড অনুষ্ঠান বাতিল কৰে । গোৱাৰ অনুৰূপ পদক্ষেপৰ সমান্তৰালকৈ অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যেনে দিল্লী, মধ্য প্ৰদেশ আৰু বিহাৰেও এই পদক্ষেপ গ্ৰহণ কৰে । বিগত কেইসপ্তাহত সমগ্ৰ দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত প্ৰায় ৬২,২৫৮ জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.