ETV Bharat / bharat

Terrorist attack in Poonch : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ

author img

By

Published : Apr 21, 2023, 10:48 AM IST

পুঞ্চত ভাৰতীয় সেনাৰ বাহনত গ্ৰেণেড আক্ৰমণ । জীৱন্তে অগ্নিদগ্ধ ৫ গৰাকী ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান (5 soldiers killed in Poonch)। ভাৰতীয় সেনাই অঞ্চলটোত অভিযান আৰম্ভ কৰিছে । শ্বহীদ জোৱানসকলৰ ৪ গৰাকী পঞ্জাৱৰ আৰু এগৰাকী ওড়িশাৰ ।

Terrorist attack in Poonch
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Soldiers killed in a terrorist attack)। ৫ গৰাকী কৈ জোৱান জীৱন্তে অগ্নিদগ্ধ হোৱাৰ ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে । ইফালে এই ঘটনাক ভাৰতীয় সেনাইও সহজভাৱে ল'ব পৰা নাই । সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণৰ সন্দেহ কৰি ইতিমধ্যে তীব্ৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই ।

জম্মু-কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে বাটা-ডোৰিয়া অঞ্চলত এক বৃহৎ তালাচী অভিযান আৰম্ভ কৰিছে (Search operation after 5 Army Jawans killed)। অঞ্চলটো ঘেৰাও কৰি ৰাখিছে সেনা বাহিনীয়ে । সমীপৰ অৰণ্যত সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ কৰি অভিযানত ড্ৰোণ আৰু স্নিফাৰ ড'গ ব্যৱহাৰ কৰা হৈছে ।

ঘটনাস্থলীত আৰক্ষীৰ বোমা বিশেষজ্ঞ দল আৰু বিশেষ অভিযান গোট (SOG) উপস্থিত হৈছে । সীমান্তৱৰ্তী জিলা ৰাজৌৰী আৰু পুঞ্চত সতৰ্কতা জাৰি কৰা হৈছে । ভীম্ৰ গালি-পুঞ্চ পথত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে । লোকসকলক মেন্ধাৰ হৈ পুঞ্চলৈ যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । সূত্ৰই জনোৱা মতে এনআইএৰ এটা দলেও শীঘ্ৰেই ঘটনাস্থলী পৰিদৰ্শন কৰিব ।

উল্লেখ্য যে মে' মাহত ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ বাবে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে গোৱা ভ্ৰমণ কৰিব । তাৰ প্ৰাকক্ষণত এই আক্ৰমণ সংঘটিত হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে, ভাৰতীয় সেনাইও শ্বহীদ জোৱানসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

ঘটনাত নিহত জোৱানসকল হৈছে ক্ৰমে হবিলদাৰ মনদীপ সিং, লেন্স নায়েক দেৱাশীষ বাসৱাল, লেন্স নায়েক কুলৱন্ত সিং, চিপাহী হৰকৃষ্ণ সিং আৰু চিপাহী সেৱক সিং । এই ৫ গৰাকী জোৱানৰ ৪ গৰাকীয়ে পঞ্জাৱৰ (5 soldiers killed in Poonch)।

মনদীপ সিঙৰ ঘৰ চানকোৱান কাকান গাঁৱত, হৰকৃষ্ণ সিঙৰ তালৱান্দি বাৰ্থ গাওঁ, কুলৱন্ত সিং চাৰিকৰ, সেৱক সিং বাঘাৰ । আনহাতে দেবাশীষ বাসৱাল ওড়িশাৰ আলগুম চামিল খাণ্ডায়াতৰ । গুৰুতৰভাৱে আহত এজন জোৱানক তাৎক্ষণিকভাৱে ৰাজৌৰীৰ সেনা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে ।

ইফালে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই টুইটযোগে ৫ গৰাকী জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতিও তেওঁ সমবেদনা জ্ঞাপন কৰে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ বাহনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।

লগতে পঢ়ক :Jawan killed in Poonch : জম্মু-কাশ্মীৰত নিহত শ্বহীদ জোৱানসকলৰ নাম প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.