ETV Bharat / bharat

Kerala medical negligence case:১০৪ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰা মহিলাই অন্ত পেলালে অনশনৰ - কোঝিকোড চিকিৎসা মহাবিদ্যালয়

কেৰালাত প্ৰসৱৰ সময়ত মহিলা এগৰাকীৰ পেটত কেঁচি থাকি আহিছিল ৷ তাৰ প্ৰতিবাদ জনাই মহিলা গৰাকীয়ে অনশনত বহিছিল ৷ চিকিৎসকৰ গাফিলতিৰ বিৰুদ্ধে মহিলাগৰাকীয়ে কৰা ১০৪ দিনীয়া অনশনৰ অন্ত পৰিল ৷ সবিশেষ আগলৈ-

kerala medical negligence case
মহিলাই অন্ত পেলালে অনশনৰ
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 10:50 PM IST

নেশ্যেনেল ডেস্ক, 2 ছেপ্টেম্বৰ : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰি এগৰাকী মহিলা ১০৪ দিন ধৰি ধৰ্ণাত বহি আছিল । আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাচত মহিলাগৰাকীয়ে তেওঁ ধৰ্ণাৰ অন্ত পেলাইছে । দৰাচলতে ডাক্তৰে প্ৰসৱৰ অস্ত্ৰোপচাৰৰ পিচত মহিলাগৰাকীৰ পেটত এখন কেঁচি থৈ আহিছিল ৷ এই ঘটনাটো ২০১৭ চনৰ শেষৰ ফালৰ ৷ এই কাণ্ডৰ সন্দৰ্ভত কুন্নামংগলাম আদালতত আৰক্ষীয়ে দুগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিচতে ধৰ্ণা বাতিল কৰাৰ সিদ্ধান্ত লয় মহিলাগৰাকীয়ে ।

হৰ্ষিনা নামৰ এই মহিলাগৰাকীয়ে কয় যে, ‘ধৰ্মঘটটো সম্পূৰ্ণ সফল হৈছে আৰু তেওঁক সমৰ্থন কৰা সকলো ৰাইজক ধন্যবাদ জনাই তেওঁ । ২২ মে’ৰ পৰা কোঝিকোড মেডিকেল কলেজৰ সন্মুখত হৰ্ষিনাই অনিৰ্দিষ্টকালীন সত্যাগ্ৰহ ধৰ্মঘট আৰম্ভ কৰিছিল ।

ইফালে ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে প্ৰতিবাদস্থলীলৈ আহি হৰ্ষিনাৰ সৈতে সংহতি প্ৰকাশ কৰে । তিৰুভোনাম দিৱসত (কেৰালা আঞ্চলিক শস্য চপোৱা উৎসৱ দিৱস) ধৰ্মঘটৰ ১০০ সংখ্যক দিনটোত উপস্থিত হয় প্ৰবীণ মালয়ালম অভিনেতা তথা পৰিচালক জয় মেথিউ ।

এই ক্ষেত্ৰত, অভিযুক্তসকলক কোঝিকোড চিকিৎসা মহাবিদ্যালয়ৰ (এচিপি) সহকাৰী আয়ুক্ত কে. সুদৰ্শনৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছে । এচিপিয়ে সংবাদ মাধ্যমক কৈছে যে অভিযুক্তক অধিক জেৰা কৰাৰ প্ৰয়োজন আছে । অভিযুক্তসকল হৈছে মাঞ্চেৰী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ ৰামেচন চিকে, বৰ্তমান কোট্টায়ামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰি থকা ডাঃ শ্বানিয়া এম আৰু কোঝিকোড চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি যত্ন কেন্দ্ৰত এতিয়াও কাম কৰি থকা নাৰ্চ ৰাহানা এম আৰু মঞ্জু কেজি ।

আটাইকেইজন অভিযুক্ত কোঝিকোড চিকিৎসা মহাবিদ্যালয়ত হৰ্ষিনাৰ তৃতীয় প্ৰসৱৰ অস্ত্ৰোপচাৰ কৰা দলটোৰ অংশ আছিল । আৰক্ষীয়ে চিকিৎসা অৱহেলা আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু অভিযুক্তসকলৰ ভাষ্য লিপিবদ্ধ কৰিছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল । অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগত দুবছৰলৈকে কাৰাদণ্ড হ’ব পাৰে ।

লগতে পঢ়ক : Nuh sensational case : পিতৃ আৰু ৩ সন্তানৰ মৃতদেহ উদ্ধাৰ, মাতৃ পলাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.