ETV Bharat / bharat

দীৰ্ঘ বিৰতিৰ অন্তত আজিৰে পৰা খুলিছে কৰ্ণাটকৰ শিক্ষানুষ্ঠান

author img

By

Published : Jan 1, 2021, 1:36 PM IST

COVID-১৯ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে আজিৰে পৰা খুলিছে কৰ্ণাটকৰ বিদ্যালয়, প্ৰাক বিশ্ববিদ্যালয় কলেজ । ৰংগ'লীৰে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনালে বিদ্যালয় কৰ্তৃপক্ষই । থাৰ্মেল স্ক্ৰীণিং, ছেনিটাইজেছন, মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে শিক্ষানুষ্ঠানসমূহত ।

দীৰ্ঘ বিৰতিৰ অন্তত আজিৰে পৰা খুলিছে কৰ্ণাটকৰ শিক্ষানুষ্ঠান
দীৰ্ঘ বিৰতিৰ অন্তত আজিৰে পৰা খুলিছে কৰ্ণাটকৰ শিক্ষানুষ্ঠান

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: কৰ্ণাটক চৰকাৰৰ নিৰ্দেশমৰ্মে আজিৰে পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান আৰম্ভ হৈছে বিদ্যালয়ত । প্ৰাক বিশ্ববিদ্যালয় কলেজৰ শিক্ষাৰ্থীৰ পাঠদানো নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ হৈছে । COVID-১৯ মহামাৰীৰ বাবে বিগত ৯ মাহে ৰাজ্যখনত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল । কৰ্ণাটকৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষামন্ত্ৰী এছ সুৰেশ কুমাৰে কয় যে, শিক্ষকসকলৰ আৰ টি-পিচিআৰ পৰীক্ষা সম্পন্ন হৈছে আৰু ৫৫ বছৰৰ উৰ্দ্ধৰ শিক্ষকক ফেচ শ্বিল্ড পৰিধান কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে ।

প্ৰতিদিনে ৩-৪টা শ্ৰেণীৰ অনুমতি দিয়া হৈছে । লগতে অহা মাৰ্চ মাহত এছ এছ এল চি আৰু পি ইউ চি পৰীক্ষা অনুষ্ঠিত নহয় বুলিও স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে বিদ্যালয়সমূহ ছেনিটাইজ কৰা হৈছে । জ্বৰ, কাহ, চৰ্দিৰ লক্ষণ থকা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত পাঠ গ্ৰহণ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ উপস্থিতিও বাধ্যতামূলক নহয় ।

আনহাতে দীৰ্ঘ বিৰতিৰ অন্ত বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীক ৰংগ'লীৰে আদৰণি জনালে বিদ্যালয় কৰ্তৃপক্ষই । বাংগালুৰুত ১৫ খন প্ৰাক বিশ্ববিদ্যালয় কলেজত মুঠ ২০৭০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । লগতে ৩২ খন উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ২১৯০ জন শিক্ষাৰ্থী আছে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশত দুজনকৈ ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ নতুন প্ৰবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.